দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ে ৯ আইআইএমৰ সহযোগত ২৭ মাৰ্চ, ২০২১ পৰ্যন্ত মহাত্মা গান্ধী নেচনেল ফেল'শ্বিপৰ বাবে আৱেদন বিচাৰিছে

Posted On: 25 MAR 2021 11:38AM by PIB Guwahati

এই ফেল'শ্বিপ আইআইএমত ক্লাছৰূম ছেছনৰ এক দুবছৰীয়া ব্লেণ্ডেড প্ৰগ্ৰেম আৰু জিলা অৰ্থনৈতিক ব্যৱস্থাত দক্ষতা যোজনা নিৰ্মাণ তথা বিকাশক উদগণি দিয়াৰ এক বিশেষ সুযোগ। আৱেদন কৰাৰ অন্তিম তাৰিখ ২৭ মাৰ্চ, ২০২১।

দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ে পাইলট কোহাৰ্টৰ সফলতাৰ পিছত আইআইএম আহমদাবাদ, আইআইএম বেংগালুৰু, আইআইএম জম্মু, আইআইএম কোঝিকোড়, আইআইএম লক্ষ্ণৌ, আইআইএম নাগপুৰ, আইআইএম ৰাঁচী, আইআইএম উদয়পুৰ তথা আইআইএম বিশাখাপট্টনমৰ সহযোগত "মহাত্মা গান্ধী নেচনেল ফেল'শ্বিপ" (এমজিএনএফ) ২০২১-২৩ লঞ্চ কৰাৰ কথা ঘোষণা কৰিছে। ই দক্ষতা বিকাশ আৰু দক্ষতা যোজনা নিৰ্মাণক উদগণি দিবৰ বাবে জিলা অৰ্থনৈতিক ব্যৱস্থাৰ অংশগ্ৰহণেৰে আইআইএমত ক্লাছৰূম ছেছনক সংযোজিত কৰিবলৈ যুৱক-যুৱতী, গতিশীল ব্যক্তিসকলৰ বাবে এক বিশেষ সুযোগ। যোৱা বছৰ আৰম্ভ কৰা এই কাৰ্যক্ৰমৰ ৰূপায়ণ যথেষ্ট সফল হৈছে আৰু ই বিভিন্ন হিতধাৰকৰ দ্বাৰা প্ৰশংসিত হৈছে।

যোৱাবাৰৰ ফেল'ৰ তেওঁলোকৰ সংশ্লিষ্ট জিলা দক্ষতা সমিতিসমূহৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পৰিলক্ষিত হৈছে। কিছুসংখ্যক ফেল'ৱে মনোগ্ৰাহী পৰিকল্পনা প্ৰস্তুত কৰিছে, যি আইআইএমবিত শিকা বিজনেছ মেনেজমেন্ট, সাৰ্বজনীন নীতি আৰু বিকাশ অৰ্থনৈতিক ব্যৱস্থাৰ ধাৰণা তথা নিজৰ জিলাসমূহৰ ক্ষমতাৰ উপলব্ধিক সময়োপযোগী কৰি তোলাৰ দ্বাৰা সংস্থাপনৰ বাবে এক পূৰ্ব-সূচনাৰ ৰূপত দক্ষতাসমূহৰ ব্যৱহাৰ কৰে। কিছুমান পদক্ষেপ এছএইচজিৰ বাবে কৰা হয়; অন্য স্থানীয় অৰ্থনৈতিক ব্যৱস্থাক সুদৃঢ় কৰিবলৈ বজাৰ আধাৰিত যোজনাৰ বাবে কৰা হৈছে।

কাৰ্যক্ৰম সংৰচনা

এমজিএনএফৰ ৰূপৰেখা বিকাশৰ প্ৰক্ৰিয়া বিকেন্দ্ৰীকৃত কৰিবৰ বাবে প্ৰস্তুত কৰা হৈছে। বিকাশৰ বাবে ওপৰৰ পৰা তললৈ দৃষ্টিভংগীৰ পৰিৱৰ্তে ইয়াত দেশৰ বিকাশক তলৰ পৰা ওপৰলৈ অনুপ্ৰাণিত কৰাৰ ক্ষমতা আছে। ইয়াত একাডেমিক মড্যুলছ (এএম)ৰ শিক্ষাগত ইনপুট আৰু লগতে নিৰন্তৰ আশংকা সংৰক্ষণ আৰু ডিষ্ট্ৰিক্ট ইমাৰ্শ্যন (ডিআই)ৰ এক অংশ হিচাপে ফেল'ৰ দ্বাৰা অৰ্জিত ব্যৱহাৰিক উপলব্ধিৰ মুনাফাক অন্তৰ্ভুক্ত কৰা হয়।

এমএম প্ৰবন্ধন সিদ্ধান্তৰাজিয়ে অৰ্থনৈতিক বিকাশ, সাৰ্বজনীন নীতি আৰু ছফ্ট স্কিলৰ ওপৰত ফ'কাছ কৰে। ইয়াৰ ৰূপৰেখা তেওঁলোকৰ জিলাসমূহত এক স্থিতিস্থাপক, দক্ষতা আধাৰিত অৰ্থনৈতিক ব্যৱস্থাত সক্ষম কৰি তুলিবলৈ সুযোগ তথা প্ৰত্যাহবানসমূহ উপলব্ধি কৰা তথা ইয়াৰ সহায় কৰিবৰ বাবে আৱশ্যকীয় সুযোগবিলাক আৰু প্ৰাথমিক আন্তঃগাঁথনি চিনাক্ত কৰাৰ এমজিএন ফেল'ৰ আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে। ডিষ্ট্ৰিক্ট ইমাৰ্শ্যন মড্যুলে জিলা স্তৰত সংস্থাগত দুৰ্বলতাবিলাকৰ নথিভুক্তকৰণৰ পৰিপ্ৰেক্ষিতত জিলা-বিশিষ্ট প্ৰত্যাহ্বানৰে মোকাবিলা কৰা, সেইবোৰ স্কিম চিনাক্ত কৰা যি ভাল কাম কৰে, বিস্তৃত ৰিছ'ৰ্চ মেপিং আৰম্ভ কৰা আৰু সঘনাই অনুসন্ধান কৰা এক জিলা দক্ষতা বিকাশ যোজনা (ডিএছডিপি) যি জিলাৰ অৰ্থনৈতিক বিকাশৰ বাবে কৰ্মনীতি প্ৰস্তুত কৰে, ইয়াৰ নিৰ্মাণত এমজিএন ফেল'ৰ সহায় কৰিবৰ বাবে এক সংৰচনা উপলব্ধ কৰাব।

আৱেদকসকলৰ যোগ্যতা মানদণ্ড

সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৱেদন বিচৰা হৈছে তথা কাৰ্যক্ৰমৰ আৱশ্যকতাৰ ক্ষেত্ৰত নিম্নোল্লিখিতবিলাক অন্তৰ্ভুক্তঃ

  • আৱেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব
  • আৱেদন কৰাৰ সময়ত বয়স ২১ৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব
  • যিকোনো মান্যতা প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক হ'ব লাগিব
  • ০-৩ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব
  • ডিষ্ট্ৰিক্ট ইমাৰ্শ্যনৰ বাবে আনুষ্ঠানিক ৰাজ্য ভাষাত অনিবাৰ্য প্ৰৱীণতা থাকিব লাগিব

https://www.iimb.ac.in/mgnf/. ত ২৭ মাৰ্চ, ২০২১ৰ পূৰ্বে কেৱল অনলাইন আৱেদন কৰক।

মহাত্মা গান্ধী নেচনেল ফেল'শ্বিপ ২০২১-২৩ সমগ্ৰ ভাৰতৰ ৬৬০তকৈও অধিক জিলাত ৰাষ্ট্ৰীয় স্তৰত আৰম্ভ কৰা হৈছে। এই কাৰ্যক্ৰমক ৯ আইআইএম (আইআইএম আহমদাবাদ, আইআইএম বেংগালুৰু, আইআইএম জম্মু, কোঝিকোড়, আইআইএম লক্ষ্ণৌ, আইআইএম নাগপুৰ, আইআইএম ৰাঁচী, আইআইএম উদয়পুৰ তথা আইআইএম বিশাখাপট্টনম)ৰ দ্বাৰা পৃথকে আয়োজন কৰা হৈছে, ইয়াৰ বিপৰীতে আইআইএম বেংগালুৰুৱে কমন নামাংকন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

 

****

BN/RR



(Release ID: 1707557) Visitor Counter : 149