স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু চত্তীশগড়ত দৈনিক নতুন ঘটনা বৃদ্ধি

দেশখনত ক’ভিড-১৯ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ নিবিড় পৰ্যবেক্ষণ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সক্ৰিয় যোগাযোগ অব্যাহত

প্ৰায় ৪ কোটি পালি ক’ভিড-১৯ ৰ ভেকচিন প্ৰদান

Posted On: 19 MAR 2021 11:11AM by PIB Guwahati

দেশখনৰ কেতবোৰ ৰাজ্যত দৈনিক নতুন ক’ভিড ঘটনা বৃদ্ধি পাইছে। দৈনিক নতুন ঘটনাসমূহৰ ৮০.৬৩% মহাৰাষ্ট্ৰ, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু চত্তীশগড়ত লাভ কৰা হৈছে।

যোৱা ২৪ ঘন্টাত ৩৯,৭২৬ টা নতুন দৈনিক ঘটনা লাভ কৰা যায়।

দৈনিক নতুন ঘটনা বৃদ্ধি হৈ থকা মহাৰাষ্ট্ৰত ইয়াৰ পৰিমাণ সৰ্বাধিক ২৫,৮৩৩ টা, যাৰ হাৰ মুঠ দৈনিক ঘটনাৰ ৬৫%। ইয়াৰ পাছতেই পঞ্জাৱত এই পৰিমাণ ২,৩৬৯ টাৰ সমান্তৰালভাৱে কেৰালাত ১,৮৯৯ টা নতুন ঘটনা লাভ কৰা হৈছে।

আঠ ৰাজ্যত দৈনিক নতুন ঘটনা উৰ্ধগামী হৈ পৰিছে।

সক্ৰিয় ঘটনাৰ অধিক কেছল’ড থকা আৰু দৈনিক নতুন ঘটনা বৃদ্ধি হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰকে প্ৰমুখ্য কৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সৈতে কেন্দ্ৰই সক্ৰিয়ভাৱে যোগাযোগ অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰখনে এইসমূহৰ সৈতে ক’ভিডৰ প্ৰতিৰোধ আৰু জন স্বাস্থ্য ব্যৱস্থাসমূহৰ স্থিতি নিয়মীয়াভাৱে পৰ্যালোচনা কৰি আছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক টেষ্টিং হ্ৰাস পোৱা জিলাসমূহত ইয়াৰ বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয় আৰু চৰকাৰখনৰ ‘টেষ্ট, ট্ৰেক ও ট্ৰিট’ পন্থাৰ সৈতে সংগতি ৰাখি বিশেষতঃ অধিক এন্টিজেন টেষ্টিঙৰ ওপৰত নিৰ্ভৰশীল জিলাসমূহত আৰটি-পিচিআৰ টেষ্টৰ সামগ্ৰিক শ্বেয়াৰ (৭০% ৰোধিক) বৃদ্ধিৰ পৰামৰ্শ প্ৰদান কৰা যায়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তদুপৰি প্ৰতি পজিটিভি ঘটনা (প্ৰথম ৭২ ঘন্টাত) সাপেক্ষে ন্যূনতম ২০ জন লোকৰ গড়ে নিকট কনটেক্ট ট্ৰেচিং তথা আইছ’লেশ্যন আৰু ক্লিনিকেল প্ৰট’কল অনুসৰি গুৰুতৰ ঘটনাসমূহৰ আৰম্ভণিতে চিকিৎসা প্ৰদান কৰিবলৈ কোৱা হয়। ইয়াৰোপৰি যিসমূহ নিৰ্বাচিত জিলাত ঘটনাসমূহ লাভ কৰা হৈছে তাৰ অঞ্চলসমূহত নিৰীক্ষণ আৰু কঠোৰ কন্টেইনমেন্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কোৱাৰ সমান্তৰালভাৱে যিসমূহ জিলাত অধিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে তাত ক্লিনিকেল মেনেজমেন্টৰ ওপৰত নজৰ দিবলৈ কোৱা হৈছে। আকৌ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ভাইৰাছ ভেৰিয়েন্ট ট্ৰেকৰ অৰ্থে জেনম টেষ্টিঙৰ বাবে নমুনা প্ৰেৰণ অব্যাহত ৰখা উচিত বুলি পৰামৰ্শ দিয়া হয়। সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC) ক ন’ডেল প্ৰতিষ্ঠান হিচাপে লৈ INSACOG কনচৰ্টিয়ামৰ অধীনত ১০ ৰাষ্ট্ৰীয় লেবৰে সংযোজিত কৰা যায়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰাজহুৱা স্থানত সমাগম সীমিত কৰিবলৈ কোৱাৰ সমান্তৰালভাৱে প্ৰচাৰৰ জৰিয়তে ক’ভিডৰ যথোচিত আচৰণ প্ৰোৎসাহিত কৰিবলৈ কোৱা হৈছে তথা অধিক ঘটনা লাভ কৰা জিলাসমূহত অগ্ৰাধিকাৰমূলক জন সমষ্টিক টিকাদান কৰা আৰু ইয়াৰ বৃদ্ধিৰ পৰামৰ্শ দিয়া যায়। সামগ্ৰিকভাৱেও টিকাদানৰ হাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

শেহতীয়াভাৱে, মহাৰাষ্ট্ৰ আৰু পঞ্জাৱত ঘটনা বৃদ্ধি হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ক’ভিড-১৯ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাত সহায় কৰিবলৈ কেন্দ্ৰই ৰাজ্য দুখনলৈ উচ্চ স্তৰীয় জন স্বাস্থ্য টীম প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰখনে ক’ভিড-১৯ ঘটনাৰ বৃদ্ধিৰ বিৰুদ্ধে যুঁজখনত সমৰ্থন জনাবলৈ মহাৰাষ্ট্ৰ, কেৰালা, চত্তীশগড়, মধ্য প্ৰদেশ, গুজৰাট, পঞ্জাৱ, কৰ্ণাটক, তামিল নাডু, পশ্চিম বংগ আৰু জম্মু-কাশ্মীৰত উচ্চ-স্তৰীয় টীম নিয়োজিত কৰিছিল। পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ অৰ্থে কেন্দ্ৰীয় টীমসমূহৰ প্ৰতিবেদন ৰাজ্যসমূহক প্ৰদান কৰা যায়। ৰাজ্যসমূহৰ পদক্ষেপ গ্ৰহণ আৰু দায়িত্ব পালনক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰীক্ষণ কৰে।

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হয় ২.৭১ লাখ (২,৭১,২৮২), যাৰ হাৰ দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ২.৮২%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ১৮,৯১৮ টা ঘটনা হ্ৰাস পাইছে।

মহাৰাষ্ট্ৰ, কেৰালা আৰু পঞ্জাৱত ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৭৬.৪৮% লাভ কৰা হৈছে।

আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি ৬,৪৭,৪৮০ ছেচনৰ জৰিয়তে প্ৰায় ৪ কোটি (৩,৯৩,৩৯,৮১৭) পালি ভেকচিন প্ৰদান কৰা হৈছে।

ইয়াত অন্তৰ্ভুক্ত হৈছে ৭৬,৩৫,১৮৮ হেল্থ কেয়াৰ কৰ্মী (১ম পালি), ৪৭,১৫,১৭৩ হেল্থ কেয়াৰ কৰ্মী (২য় পালি), ৭৮,৩৩,২৭৮ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি) আৰু ২১,৯৮,৪১৪ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ২৭,৭৯,৯৯৮ হিতাধিকাৰী (১ম পালি) হৈছে নিৰ্দিষ্ট ৰোগত ভুগি থকা ৪৫ বছৰ বয়সৰ উৰ্ধ লোক আৰু ১,৪১,৭৭,৭৬৬ হিতাধিকাৰী হৈছে ৬০ বছৰ বয়সৰ উৰ্ধ লোক।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৭৬,৩৫,১৮৮

৪৭,১৫,১৭৩

৭৮,৩৩,২৭৮

২১,৯৮,৪১৪

২৭,৭৯,৯৯৮

১,৪১,৭৭,৭৬৬

৩,৯৩,৩৯,৮১৭

 

টিকাদান কাৰ্যক্ৰম ৬২-সংখ্যক দিন (১৮ মাৰ্চ, ২০২১) সাপেক্ষে, ২২ লাখৰো অধিক পালি (২২,০২,৮৬১) ভেকচিন প্ৰদান কৰা হৈছে।

ইয়াৰ ভিতৰত, ৩২,১২৮ ছেচন জুৰি ১৮,৩২,২৮৭ হিতাধিকাৰীক ১ ম পালি (হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মী) ভেকচিন আৰু ৩,৭০,৫৭৪ হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মীক ২য় পালি ভেকচিন প্ৰদান কৰা হৈছে।

তাৰিখঃ ১৮ মাৰ্চ, ২০২১

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

 

৬৫,১৫২

৮১,৬৯৮

১,১৬,৫২৭

২,৮৮,৮৭৬

৩,২২,৫৯৫

১৩,২৮,০১৩

১৮,৩২,২৮৭

৩,৭০,৫৭৪

 

 

 

 

 

 

 

 

 

 

 

 

 

 

আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ পৰিমাণ হয় ১,১০,৮৩,৬৭৯। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৯৬.৫৬%।

যোৱা ২৪ ঘন্টাত ষোল্ল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছেঃ অন্ধ্ৰ প্ৰদেশ, চণ্ডীগড়, উৰিষ্যা, উত্তৰাখণ্ড, ঝাড়খণ্ড, লক্ষদ্বীপ, ছিকিম, মেঘালয়, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, নাগালেণ্ড, ত্ৰিপুৰা, লাডাখ, মণিপুৰ, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

****

MV/SJ/SB



(Release ID: 1706217) Visitor Counter : 168