স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সমগ্ৰ দেশত ২৩ কোটিতকৈ অধিক লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে

৩.৭ কোটিতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে

বিগত ২৪ ঘণ্টাত ২০লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে

Posted On: 18 MAR 2021 11:53AM by PIB Guwahati

সমগ্ৰ দেশত ২৩ কোটিতকৈ অধিক লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আজিলৈকে ২৩,০৩,১৩,১৬৩জন লোকৰ নমূনা পৰীক্ষা কৰা হৈছে৷

দেশত সামূহিক পজিটিভিটিৰ হাৰ এতিয়ও ৫%ৰ তলত আছে৷ এয়া বৰ্তমান ৪.৯৮%হৈছে৷

ভাৰতৰ প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ১৪০গৰাকী লোকৰ পৰীক্ষা কৰা হৈছে আৰু দৈনিক পজিটিভিটিৰ হাৰ ৩.৩৭% হৈছে৷

অন্যহাতে, ভাৰতত ক্ষিপ্ৰতাৰে মুঠ ৪ কোটি লোকৰ টিকাকৰণ কৰা হৈছে৷

আজি পুৱা ৭ বজালৈকে ৬,১৫,২৬৭টা পৰ্বত ৩,৭১,৪৩,২৫৫টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷

ইয়াৰে ৭৫,৬৮,৮৪৪গৰাকী স্বাস্থ্যকৰ্মী (প্ৰথম ড’জ) ৪৬,৩২,৯৪০গৰাকী স্বাস্থ্যকৰ্মী(দ্বিতীয় ড’জ), ৭৭,১৬,০৮৪গৰাকী আগশাৰীৰ কৰ্মীক (প্ৰথম ড’জ), ১৯,০৯,৫২৮গৰাকী আগশাৰীৰ কৰ্মীক (দ্বিতীয় ড’জ), ২৪,৫৭,১৭৯গৰাকী ৪৫ বছৰৰ ঊৰ্ধ্বৰ ৰোগাক্ৰান্ত ব্যক্তি আৰু ১,২৮,৫৮,৬৮০গৰাকী ৬০ ঊৰ্ধ্বৰ ব্যক্তিক টিকাকৰণ কৰা হৈছে৷

১৭ মাৰ্চ, ২০২১ত ২০,৭৮,৭১৯গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷

ইয়াৰে ১৭,৩৮,৯৬৯গৰাকী স্বাস্থ্য কৰ্মী আৰু আগশাৰী কৰ্মীক প্ৰথম ড’জ আৰু ৩,৩৯,৯৬৯গৰাকী স্বাস্থ্য কৰ্মী আৰু আগশাৰী কৰ্মী দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা আজি ২,৫২,৩৬৪গৰাকী হৈছে, যিটো মুঠ আক্ৰান্তৰ ২.২০%৷ বিগত ২৪ ঘণ্টাত মুঠ ১৭,৯৫৮জন ৰোগী বৃদ্ধি পাইছে৷

তলৰ গ্ৰাফে ভাৰতৰ ক’ভিডৰ পৰিস্থিতিৰ আভাস দিয়ে৷

পাঁচখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিলনাডৰ দৈনিক আক্ৰান্তৰ সংখ্যা পাই আছে৷ বিগত ২৪ ঘণ্টাত মুঠ আক্ৰান্তৰ ৭৯.৫৪%ই এই পাঁচখন ৰাজ্যৰ৷

বিগত ঘণ্টাত ৩৫,৮৭১গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ২৩,১৭৯জন লোক আক্ৰান্ত হৈছে৷ সেইদৰে কেৰালা ২,০৯৮ আৰু পাঞ্জাৱত ২,০১৩গৰাকী লোক আক্ৰান্ত হৈছে৷

দৈনিক আক্ৰান্তৰ সংখ্যা ৮খন ৰাজ্যত বৃদ্ধি পাইছে৷ সেইবোৰ হৈছে মহাৰাষ্ট্ৰ, তামিলনাডু, পাঞ্জাৱ, মধ্যপ্ৰদেশ, দিল্লী, গুজৰাট, কৰ্ণাটক আৰু হাৰিয়ানা৷

কেৰালাত যোৱা মাহত পৰা হ্ৰাস পাইছে৷

ভাৰতৰ মুঠ আৰোগ্যৰ সংখ্যা আজি ১,১০,৬৩,০২৫জন হৈছে৷ আৰোগ্যৰ হাৰ ৯৬.৪১% হৈছে৷

বিগত ২৪ ঘণ্টাত ১৭,৭৪১জন ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ১৭২জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮৪.৮৮%ই পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৪, পাঞ্জাৱত ৩৫ আৰু কেৰালাত ১৩জন ৰোগীৰ মৃত্যু হৈছে৷

দেশত মৃত্যু হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই আছে৷

১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত এজনো ৰোগী কভিডত মৃত্যু হোৱা নাই৷

সেইবোৰ হৈছে-ৰাজস্থান, অসম, চণ্ডীগড়, হিমাচলপ্ৰদেশ, উত্তৰাখণ্ড, ওড়িশা, ঝাৰখণ্ড, পুডুচেৰী, লাক্ষাদ্বীপ, ছিকিম, লাডাখ, মনিপুৰ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচলপ্ৰদেশ৷

****

MV/SJ/DB



(Release ID: 1705967) Visitor Counter : 145