প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ফিনলেণ্ড ভাৰ্চুৱেল সন্মিলন

Posted On: 16 MAR 2021 7:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনে আজি এক ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰে আৰু পৰস্পৰৰ আগ্ৰহ থকা বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়৷

দুয়োগৰাকী নেতাই ভাৰত আৰু ফিনলেণ্ডৰ মাজত থকা গণতান্ত্ৰিক মূল্যবোধ, সমনীতি, বাক্ স্বাধীনতা আৰু মানৱ অধিকাৰৰ সন্মানৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে৷ তেওঁলোকে আন্তৰ্জাতিক নীতি, বহনক্ষম বিকাশ আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ দিশত ঐক্যৱদ্ধভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে৷

দুয়োগৰাকী নেতাই চলিত দ্বিপাক্ষিক সম্পৰ্কৰ খতিয়ান লয় আৰু বিভিন্ন বিষয়ত এই সম্পৰ্ক প্ৰসাৰণ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ফিনলেণ্ডৰ স্বচ্ছ আৰু সেউজ প্ৰযুক্তিক প্ৰশংসা কৰে আৰু ভাৰতৰ বহনক্ষম বিকাশত ফিনলেণ্ডৰ উদ্যোগসমূহক সহযোগী হ’বলৈ আহ্বান কৰে৷ পুনৰ নৱীকৰণযোগ্য আৰু জৈৱ শক্তি, বহনক্ষমতা, প্ৰযুক্তিভিত্তিক শিক্ষা, ফাৰ্মা আৰু ডিজিটাইজেছনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা স্থাপন হ’ব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপ সহযোগিতা, আৰ্কটিক অঞ্চলত সহযোগিতা, ডব্লিউটিঅ’ আৰু ৰাষ্ট্ৰসংঘৰ সংস্কাৰকে ধৰি বিভিন্ন আঞ্চলিক আৰু বিশ্বজনীন সমস্যা ওপৰত মন্তব্য প্ৰদান কৰে৷ আফ্ৰিকাৰ বিকাশৰ বাবে ভাৰত আৰু ফিনলেণ্ডৰ সহযোগিতাই এক সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে বুলি দুয়োগৰাকী নেতাই মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ফিনলেণ্ডক আন্তৰ্জাতিক সৌৰ সহযোগিতা আৰু দুৰ্যোগ প্ৰতিৰোধক আধাৰভূত সংৰচনা আন্তঃগাঁথনি (চিডিআৰআই)ৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ পৰিস্থিতিৰ বিষয়েও আলোচনা কৰে৷ 

পৰ্ট’ত আগন্তুক ভাৰত আৰু ইউৰোপৰ নেতৃবৰ্গৰ বৈঠক আৰু ভাৰত-নৰ্ডিয়াক সন্মিলনৰ বিষয়ে দুয়োগৰাকী নেতাই উল্লেখ কৰে৷

 

******

DS/SH/MANN



(Release ID: 1705355) Visitor Counter : 181