প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথম কোৱাড্ৰিলেটাৰেল নেতৃত্বৰ ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণ

Posted On: 12 MAR 2021 8:39PM by PIB Guwahati

মাননীয় মহোদয়,

ৰাষ্ট্ৰপতি বাইডেন,

প্ৰধানমন্ত্ৰী মৰিছন আৰু প্ৰধানমন্ত্ৰী ছুগা,

আপোনালোক বন্ধুসকলৰ মাজত উপস্থিত হৈ সুখী অনুভৱ কৰিছো৷ উক্ত পদক্ষেপটোৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জনাইছো৷

মহোদয়,

আমি গণতান্ত্ৰিক মূল্যবোধ, এখন মুক্ত, সামূহিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতিশ্ৰুতিৰ সৈতে দায়ৱদ্ধ৷ আমাৰ আজিৰ এজেণ্ডা হ’ল- প্ৰতিষেধক, জলবায়ু পৰিৱৰ্তন আৰু উদ্ভাসিত প্ৰযুক্তি যিয়ে বিশ্বৰ কল্যাণৰ বাবে দায়ৱদ্ধ, এই আটাইবোৰ বিষয় সামৰি লোৱা৷ মই এই ইতিবাচক সঁহাৰি ভাৰতৰ প্ৰাচীনতম দৰ্শন বসুধৈৱ কুটুম্বকমৰ জৰিয়তে দেখা পাইছো য’ত সমগ্ৰ বিশ্বখনেই এটা পৰিয়াল হৈ পৰিছে৷ আমি পূৰ্বতকৈও সংবদ্ধ ধৰণে কাম কৰিম যাতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক সুৰক্ষিত, স্থিৰ আৰু উন্নত পৰিবেশৰ সৃষ্টি হয়৷ আজিৰ বৈঠকখনত তেনে এক ৰূপৰেখা ফুটি উঠিছে৷ অঞ্চলটোত সুস্থিৰতা বিৰাজ কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হ’ব৷

ধন্যবাদ৷

******

 

DS/AK/MANN



(Release ID: 1705035) Visitor Counter : 174