স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মহাৰাষ্ট্ৰ, কেৰালা, পাঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিল নাডুত দিনৌ বাঢ়িছে নতুন আক্ৰান্তৰ হাৰ

দেশৰ ৭১.৬৯% সক্ৰিয় ৰোগীয়েই মহাৰাষ্ট্ৰ আৰু কেৰালাৰ

দেশত ক’ভিড-১৯ৰ হাৰ বৃদ্ধিৰ পৰিস্থিতি সুক্ষ্ম ভাবে নিৰীক্ষণ কৰাৰ লগতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰে সক্ৰিয় ভাবে সংযোজিত হৈ আহিছে কেন্দ্ৰ

সমগ্ৰ দেশত এই পৰ্যন্ত ২.৬১কোটিৰো অধিক পালি প্ৰতিষেধক প্ৰদান

Posted On: 12 MAR 2021 11:20AM by PIB Guwahati

দেশৰ কেইখনমান ৰাজ্যত দিনৌ ক’ভিড-১৯ আক্ৰান্তৰ হাৰ বৃদ্ধিৰ তথ্য উপলব্ধ হ’বলৈ ধৰিছে। মহাৰাষ্ট্ৰ, কেৰালা, পাঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিল নাডুত দিনৌ বাঢ়িছে নতুন আক্ৰান্তৰ হাৰ। শেহতীয়া ২৪ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা মুঠ ব্যক্তিৰ ৮৫.৬%ই উল্লিখিত ৰাজ্যকেইখনৰ বুলিয়ে তথ্য নিশ্চিত কৰা হৈছে।

যোৱা ২৪ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা হৈছে ২৩,২৮৫গৰাকী। ইয়াৰে সৰ্বাধিক ১৪,৩১৭(৬১.৪৮শতাংশ)গৰাকী হৈছে মহাৰাষ্ট্ৰৰ। ইয়াৰ পিচতে ২,১৩৩ আৰু ১,৩০৫গৰাকী লোকৰে তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু পাঞ্জাৱ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001FWJX.jpg

দেশৰ ৮খন ৰাজ্যত দিনৌ আ্ক্ৰান্তৰ সংখ্যাৰ বৰ্দ্ধিত ধাৰা পৰিলক্ষিত হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002A998.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image003GYN1.jpg

দেশত আজিৰ তাৰিখত সক্ৰিয় ৰোগীৰ সৰ্বমুঠ সংখ্যা হৈছেগৈ ১,৯৭,২৩৭গৰাকী। দেশৰ সৰ্বমুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ শতকৰা হাৰ হৈছেগৈ ১,৭৪%।

দেশৰ মুঠ সক্ৰিয় ৰোগীৰ ৮২.৯৬%ই ৫খন ৰাজ্যৰে। ইয়াৰে ৭১.৬৯%ই আক’ মহাৰাষ্ট্ৰ আৰু কেৰালাৰ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004KX7T.jpg

যিসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ৰোনাৰ সংক্ৰমণ পুনৰাই বাঢ়িবলৈ ধৰিছে, অথবা সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তেনেবোৰ ৰাজ্যৰ সৈতে কেন্দ্ৰীয় চৰকাৰে সক্ৰিয়তাৰে সংযোগ স্থাপন কৰি অহাৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে ধাৰাবাহিক ভাবে সভা অনুষ্ঠিত কৰিছে। সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক অধিক সতৰ্কতা আৰু প্ৰভাৱশালী ভাবে ক’ভিডৰ আৱদ্ধকৰণ তথা  প্ৰৱন্ধনৰ পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰিছে।

সংক্ৰমণৰ গতিধাৰা নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা বহু বিভাগীয় উচ্চ পদস্থ দলসমূহে ইতিমধ্যে মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক, তামিল নাডু, চত্তিশগড়, মধ্য প্ৰদেশ, গুজৰাট, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰ তথা পশ্চিম বংগ পৰিভ্ৰমণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা পদক্ষেপ সক্ৰিয়তাৰে নিৰীক্ষণ কৰি আছে।

ইফালে, আজি পুৱা ৭বজা পৰ্যন্ত দেশত অনুষ্ঠিত ৪,৮৭,৯১৯টা টীকাকৰণ শিবিৰৰ জৰিয়তে ক’ভিড-১৯ৰ ২.৬১ কোটি(২,৬১,৬৪,৯২০)পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ৭২,২৩,০৭১গৰাকী স্বাস্থ্য সেৱা কৰ্মীক প্ৰথম পালি হিচাপে, ৪০,৫৬,২৮৫গৰাকী স্বাস্থ্য সেৱা কৰ্মীক দ্বিতীয় পালি আৰু ৭১,২১,১২৪গৰাকী আগশাৰীৰ সেৱা কৰ্মীক প্ৰথম পালি আৰু ৬,৭২,৭৯৪গৰাকী আগশাৰীৰ সেৱা কৰ্মীক দ্বিতীয় পালি তথা ১০,৩০,৬১২গৰাকী(প্ৰথম পালি) বহুৰোগাক্ৰান্ত ৪৫বছৰৰ উৰ্ধ্বৰ ব্যক্তি আৰু ৬০,৬১,০৩৪গৰাকী ৬০উৰ্ধ্বৰ ব্যক্তিক প্ৰথম পালি হিচাপে টীকা প্ৰদান কৰা হয়। উল্লেখ্য, যোৱা ১৬ জানুৱাৰী, ২০২১ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি টীকাকৰণ অভিযানৰ শুভাৰম্ভ ঘোষণা কৰিছিল।

স্বাস্থ্যসেৱা কৰ্মী

আগশাৰীৰ সেৱা কৰ্মী

৪৫বছৰৰ উৰ্ধ্বৰ বহুৰোগাক্ৰান্ত

৬০বছৰৰ উৰ্ধ্বৰ ব্যক্তি

 

মুঠ

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

প্ৰথম পালি

72,23,071

40,56,285

71,21,124

6,72,794

10,30,612

60,61,034

2,61,64,920

 

 

ইফালে, টীকাকৰণৰ ৫৫সংখ্যক দিনা(১১মাৰ্চ, ২০২১) পৰ্যন্ত দেশত ৪,৮০,৭৪০পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াৰে ৯,৭৫১টা টীকাকৰণ শিবিৰৰ জৰিয়তে ৪,০২,১৩৮গৰাকী স্বাস্থ্যসেৱা কৰ্মী আৰু আগশাৰীৰ সেৱা কৰ্মীক ক’ভিড-১৯ বিৰোধী টীকাৰ প্ৰথম পালি প্ৰদান কৰা হয়। সেইদৰে ৭৮,৬০২গৰাকী স্বাস্থ্য আৰু আগশাৰীৰ সেৱা কৰ্মীক দ্বিতীয় পালি টীকা প্ৰদান কৰা হৈছে।

শিৱৰাত্ৰীৰ বন্ধ আৰু উপবাসৰ পৰিপ্ৰেক্ষিতত টীকাকৰণৰ হাৰ কম হোৱা বুলি তথ্য উপলব্ধ হৈছে।

তাৰিখ: ১১ মাৰ্চ, ২০২১

 

স্বাস্থ্যসেৱা কৰ্মী

আগশাৰীৰ সেৱা কৰ্মী

৪৫বছৰৰ উৰ্ধ্বৰ বহুৰোগাক্ৰান্ত

৬০বছৰৰ উৰ্ধ্বৰ ব্যক্তি

 

মুঠ

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

দ্বিতীয়

পালি

প্ৰথম পালি

প্ৰথম পালি

প্ৰথম পালি

দ্বিতীয়

পালি

 

25,961

43,091

66,465

35,511

63,554

2,46,158

4,02,138

78,602

 

 

দেশত এই পৰ্যন্ত ১.০৯কোটিৰো অধিক (১,০৯,৫৩,৩০৩)লোকে আৰোগ্য লাভ কৰিছে। শেহতীয়া ২৪ঘণ্টাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে।

আৰোগ্য লাভ কৰোতা আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান বৃদ্ধি হৈ আজি হৈছেগৈ ১,০৭,৫৬,০৬৬ গৰাকী।

নতুনকৈ আৰোগ্য লাভ কৰা লোকৰ ৮৬.৫৬%ই ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এদিনত সৰ্বাধিক সংখ্যক ৰোগীয়ে আৰোগ্য লাভ কৰা তালিকাত ৫,২১০গৰাকী আৰোগ্যৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। আনহাতে ২,২১২ আৰু ৪৪৯গৰাকীৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু তামিল নাডু।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005GVSV.jpg

যোৱা ২৪ঘণ্টাত ১১৭গৰাকী লোকে ক’ভিড-১৯ত মৃত্যু আঁকোৱালি লৈছে।

মৃত্যু সাৱটা ৮২.৯১% মৃতকেই ৬খন ৰাজ্যৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৭গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে পঞ্জাৱত ১৮গৰাকী আৰু কেৰালাত ১৩গৰাকী লোকৰ মৃত্যু হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006WAG5.jpg

ইফালে, দেশৰ ১৯খন ৰাজ্যৰ পৰা কোনো ক’ভিড-১৯আক্ৰান্তৰ মৃ্ত্যুৰ বতৰা অহা নাই। ৰাজ্যকেইখন হৈছে গুজৰাট, ৰাজস্থান, চণ্ডীগড়, ওড়িশা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, পুডুচেৰী, লাক্ষাদ্বীপ, মণিপুৰ, দমন আৰু দিউ, দাদ্ৰা আৰু নগৰ হাভেলী, মিজোৰাম, লাডাখ(কেন্দ্ৰীয় শাসিত এলেকা), আন্দামান নিকোবৰ, মেঘালয়, ছিক্কিম, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ।

 

****

MV/SJ/KB



(Release ID: 1704528) Visitor Counter : 165