স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মহাৰাষ্ট্ৰ, কেৰালা, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিল নাডুত দৈনিক নতুন ঘটনাৰ সংখ্যা বৃদ্ধি

মহাৰাষ্ট্ৰ আৰু পঞ্জাৱলৈ উচ্চ পৰ্যায়ৰ দল প্ৰেৰণ কেন্দ্ৰৰ

ভাৰতত ক’ভিডৰ টিকাদান ক’ভাৰেজে অতিক্ৰম কৰিলে ২ কোটি পালি

যোৱা ২৪ ঘন্টাত ১৪ লাখৰো অধিক পালি প্ৰদান

Posted On: 07 MAR 2021 11:32AM by PIB Guwahati

দেশৰ ছয় ৰাজ্যৰ দৈনিক ক’ভিড-১৯ ঘটনা বৃদ্ধি হৈ পৰিছে। এইসমূহ হৈছেঃ মহাৰাষ্ট্ৰ, কেৰালা, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট আৰু তামিল নাডু। যোৱা ২৪ ঘন্টাত লাভ কৰা ১৮,৭১১ নতুন দৈনিক ঘটনাৰ ৮৪.৭১% এই ৰাজ্যকেইখনৰ।

মহাৰাষ্ট্ৰত লাভ কৰা দৈনিক নতুন ঘটনা সৰ্বাধিক ১০,১৮৭ টা। ইয়াৰ পাছতেই কেৰালাত ২,৭৯১ টাৰ সমান্তৰালভাৱে পঞ্জাৱত ১,১৫৯ টা নতুন ঘটনা লাভ কৰা হয়।

সক্ৰিয় ঘটনাৰ অধিক কেছল’ড থকা আৰু দৈনিক নতুন ক’ভিড ঘটনা বৃদ্ধি হোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰই নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে। কেন্দ্ৰই দৈনিক নতুন ঘটনা বৃদ্ধি হোৱা মহাৰাষ্ট্ৰ আৰু পঞ্জাৱত উচ্চ-পৰ্যায়ৰ দল মোতায়েন কৰিছে।

আঠ ৰাজ্যত দৈনিক নতুন ঘটনা বৃদ্ধি হোৱাটো প্ৰত্যক্ষ কৰা হৈছে।

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড হয় ১.৮৪ লাখ (১,৮৪,৫২৩)। দেশখনৰ বৰ্তমান সক্ৰিয় কেছল’ড হৈছে মুঠ পজিটিভ ঘটনাৰ ১.৬৫%।

আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসাৰে ৩,৩৯,১৪৫ চেছনৰ জৰিয়তে ২ কোটিৰো অধিক (২,০৯,২২,৩৪৪) পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত হৈছে ৬৯,৮২,৬৩৭ হেল্থ কেয়াৰ কৰ্মী (১ম পালি), ৩৫,৪২,১২৩ হেল্থ কেয়াৰ কৰ্মী (২য় পালি), ৬৫,৮৫,৭৫২ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি) আৰু ২,১১,৯১৮ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ৪,৭৬,০৪১ হিতাধিকাৰী হৈছে নিৰ্দিষ্ট ৰোগসমূহত ভূগি থকা ৪৫ বছৰৰ উৰ্ধ লোকসকল (১ম পালি) আৰু ৩১,২৩,৮৭৩ হিতাধিকাৰী হৈছে ৬০ বছৰ বয়সৰ উৰ্ধ লোক।

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

 

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

৬৯,৮২,৬৩৭

৩৫,৪২,১২৩

৬৫,৮৫,৭৫২

২,১১,৯১৮

৪,৭৬,০৪১

৩১,২৩,৮৭৩

২,০৯,২২,৩৪৪

টিকাদান কাৰ্যক্ৰম (৬ মাৰ্চ, ২০২১) ৰ ৫০-নম্বৰ দিন অনুসৰি, ১৪ লাখৰো অধিক (১৪,২৪,৬৯৩) পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ১৭,৬৫৪ চেছনৰ জৰিয়তে ১১,৭১,৬৭৩ হিতাধিকাৰীক ১ম পালি (হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মী) আৰু ২,৫৩,০২০ হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মীক ২য় পালি ভেকচিন প্ৰদান কৰা হৈছে।

তাৰিখঃ ৬ মাৰ্চ, ২০২১

হেল্থ কেয়াৰ কৰ্মী

ফ্ৰন্ট লাইন কৰ্মী

ৰোগত আক্ৰান্ত লোক যাৰ বয়স ৪৫ ৰপৰা <৬০

৬০ বছৰৰ উৰ্ধ

মুঠ

১ম পালি

২য় পালি

১ম পালি

২য় পালি

১ম পালি

১ম পালি

১ম পালি

২য় পালি

৬৬,৯৭৬

১,৮৫,২৯৩

২,২৯,৭৬৩

৬৭,৭২৭

১,২৯,২৯৫

৭,৪৫,৬৩৯

১১,৭১,৬৭৩

২,৫৩,০২০

যোৱা ২৪ ঘন্টাত ১০০ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৮৭.০০% সংঘটিত হৈছে ছয় ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৪৭ টা। ইয়াৰ পাছতেই কেৰালাত দৈনিক মৃত্যুৰ ঘটনা ১৬ টা। পঞ্জাৱত ১২ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

যোৱা দুটা সপ্তাহত, ১০ খন ৰাজ্যত এটাও ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। ইয়াৰ বিপৰীতে ১২ খন ৰাজ্যত ১-১০ টাৰ মাজত মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

যোৱা ২৪ ঘন্টাত উনৈশ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত কভিড-১৯ জনিত এটাও মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ ৰাজস্থান, উত্তৰ প্ৰদেশ, চণ্ডীগড়, উত্তৰাখণ্ড, গোৱা, উৰিষ্যা, হিমাচল প্ৰদেশ, ঝাড়খণ্ড, ছিকিম, লক্ষদ্বীপ, লাডাখ (কেন্দ্ৰীয় শাসিত), মণিপুৰ, মেঘালয়, নাগালেণ্ড, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, ত্ৰিপুৰা, মিজোৰাম, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ।

****

MV/SJ/SB
HFW/COVID States data/7thMarch2021/1



(Release ID: 1703188) Visitor Counter : 185