কেবিনেট

নৱীকৰণযোগ্য শক্তিৰ সহযোগিতা সন্দৰ্ভত ভাৰত আৰু ফ্ৰান্সৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 03 MAR 2021 12:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে নৱীকৰণযোগ্য শক্তিৰ সহযোগিতা ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্স গণৰাজ্যৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি (MoU) ত অনুমোদন জনালে। ২০২১ ৰ জানুৱাৰীত এই বুজাবুজিৰ চুক্তিখনি স্বাক্ষৰিত হৈছিল।

এই বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য হৈছে পাৰস্পৰিক লাভা-লাভ, সমতা আৰু অধিকাৰ সাপেক্ষে নতুন আৰু নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰখনত দ্বিপাক্ষিক সহযোগিতাৰ প্ৰোৎসাহনৰ অৰ্থে এটা পৰিবেশ সৃষ্টি কৰা। ই সৌৰ, বতাহ, হাইড্ৰ’জেন আৰু বাঅ’মাছ শক্তি সম্পৰ্কীয় প্ৰযুক্তিসমূহকো সামৰি লৈছে।

এই বুজাবুজিৰ চুক্তিত অন্তৰ্ভুক্ত হৈছেঃ

· বৈজ্ঞানিক আৰু কাৰিকৰী দক্ষতাসম্পন্ন লোকৰ বিনিময় আৰু প্ৰশিক্ষণ;

· বৈজ্ঞানিক আৰু প্ৰযুক্তিগত তথ্য আৰু ডাটাৰ বিনিময়;

· কৰ্মশালা আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা; সা-সৰঞ্জামৰ আদান-প্ৰদান, প্ৰযুক্তি সম্পৰ্কে জ্ঞাত হোৱা;

· যুটীয়া গৱেষণা আৰু প্ৰযুক্তিগত প্ৰকল্পৰ বিকাশ সাধন কৰা।

এই বুজাবুজিৰ চুক্তিয়ে নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰখনত প্ৰযুক্তিগত ব্যৱহাৰিক-জ্ঞানৰ বিকাশত সহায় কৰিব আৰু ইয়াৰ জৰিয়তে ২০৩০ ৰ ভিতৰত ৪৫০ গিগাৱাটৰ নৱীকৰণযোগ্য শক্তিৰ প্ৰতিষ্ঠাপনৰ লক্ষ্য পৰিপূৰণত সাহাৰ্য্য আগবঢ়াব।

 

*********

DS/SB



(Release ID: 1702397) Visitor Counter : 191