প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২মাৰ্চত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘মেৰিটাইম ইণ্ডিয়া ছামিট ২০২১’
प्रविष्टि तिथि:
28 FEB 2021 6:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ মাৰ্চত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘মেৰিটাইম ইণ্ডিয়া ছামিট ২০২১’ৰ শুভ উদ্বোধন কৰিব।
‘মেৰিটাইম ইণ্ডিয়া ছামিট ২০২১’ৰ বিষয়ে
কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ‘ভাৰ্চুৱেল’ মঞ্চ www.maritimeindiasummit.inৰ জৰিয়তে অহা ২ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত কৰিব ‘মেৰিটাইম ইণ্ডিয়া ছামিট ২০২১’।
শীৰ্ষ সন্মিলনখনত আগন্তুক দশকটোত গোলকীয় নৌ পৰিবহণ ক্ষেত্ৰত ভাৰতক অগ্ৰণী দেশ হিচাপে প্ৰতিস্থা কৰাৰ বাবে যুগুতোৱা কৰ্ম পৰিকল্পনা তথা ৰূপায়িত হ’ব লগা কাৰ্যক্ৰমৰ ৰূপৰেখা দাঙি ধৰা হ’ব। বহুকেইখন দেশৰ প্ৰসিদ্ধ বক্তাই অংশগ্ৰহণ কৰিব লগা শীৰ্ষ সন্মিলনখনত ভাৰতীয় নৌ পৰিবহণ খণ্ডৰ বাণিজ্যিক সম্ভাৱনীয়তাসমূহৰ লগতে এই ক্ষেত্ৰলৈ বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে পথৰ সন্ধান কৰা হ’ব। তিনিদিনীয়া শীৰ্ষ সন্মিলনখনৰ সহযোগী দেশ হৈছে ডেনমাৰ্ক।
*******
DS/SH/KB
(रिलीज़ आईडी: 1702131)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam