স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কেৰালা, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কৰ্ণাটক, তামিল নাডু আৰু গুজৰাটত ক’ভিড-ৰ প্ৰকোপ পুনৰ বৃদ্ধিৰ ধাৰা অব্যাহত আছে

উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ বাবে ধাৰাবাহিক ভাবে সভা অনুষ্ঠিত হৈছে, ৰাজ্যসমূহক কঠোৰ নিৰীক্ষণ অব্যাহত ৰখাৰ বাবে নিৰ্দেশ

সতৰ্কতা আৰু প্ৰভাৱশালী ভাবে ক’ভিডৰ আৱদ্ধকৰণ তথা প্ৰৱন্ধনৰ পদক্ষেপ গ্ৰহণত গুৰুত্ব

সংক্ৰমণৰ গতিধাৰা নিৰীক্ষণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত উপস্থিত হৈছে বহু-বিভাগীয় উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় দল

Posted On: 28 FEB 2021 11:18AM by PIB Guwahati

আজিৰ তাৰিখত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১,৬৪,৫১১গৰাকী। দেশৰ মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ শতাংশ হাৰ এতিয়া হৈছেহি ১.৪৮%

কেৰালা, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কৰ্ণাটক, তামিল নাডু আৰু গুজৰাটকে ধৰি ৬খন ৰাজ্যত কভিড-ৰ প্ৰকোপ পুনৰ বৃদ্ধিৰ ধাৰা অব্যাহত আছে শেহতীয়া ২৪ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা ৮৬.৩৭% লোকেই এই ৬খন ৰাজ্যৰ।

শেহতীয়া ২৪ঘণ্টাত ১৬,৭৫২গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ৮,৬২৩গৰাকী দিনটোৰ নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৩,৭৯২ আৰু ৫৯৩গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু পাঞ্জাৱ

আঠখন ৰাজ্যত নতুনকৈ আক্ৰান্তৰ হাৰ বৃদ্ধিৰ ধাৰা অব্যাহত থকা দেখা গৈছে।

যিসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰোনাৰ সংক্ৰমণ পুনৰাই বাঢ়িবলৈ ধৰিছে, অথবা সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তেনেবোৰ ৰাজ্যৰ সৈতে কেন্দ্ৰীয় চৰকাৰে উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ বাবে ধাৰাবাহিক ভাবে সভা অনুষ্ঠিত কৰিছে। কেবিনেট সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত তেলেংগাণা, মহাৰাষ্ট্ৰ, চত্তিশগড়, মধ্য প্ৰদেশ, গুজৰাট, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰ তথা পশ্চিম বংগই অংশগ্ৰহণ কৰিছে। ৰাজ্যসমূহক কঠোৰ নিৰীক্ষণ অব্যাহত ৰখাৰ বাবে নিৰ্দেশ

সভাত কেবিনেট সচিবগৰাকীয়ে সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক অধিক সতৰ্কতা আৰু প্ৰভাৱশালী ভাবে কভিডৰ আৱদ্ধকৰণ তথা  প্ৰৱন্ধনৰ পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়। সকোলো ৰাজ্যকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যাৱতীয় তত্পৰতা অব্যাহত ৰখাৰ লগতে কভিড সংক্ৰান্তত জাৰি কৰা বিধি-নিৰ্দেশনাসমূহ কঠোৰ ভাবে বলবত কৰা আৰু ভিড আচৰণ বিধি ভংগ কৰা সকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে।

ইফালে, সংক্ৰমণৰ গতিধাৰা নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা বহু বিভাগীয় উচ্চ পদস্থ দলসমূহে ইতিমধ্যে কেৰালা, কৰ্ণাটক, তামিল নাডু, মহাৰাষ্ট্ৰ, চত্তিশগড়, মধ্য প্ৰদেশ, গুজৰাট, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰ তথা পশ্চিম বংগলৈ ৰাওণা হৈছে।

ইফালে, আজি পুৱা ৭বজা পৰ্যন্ত দেশত অনুষ্ঠিত ২,৯২,৩১২টা টীকাকৰণ শিবিৰৰ জৰিয়তে কভিড-১৯ৰ ১,৪৩,০১,২৬৬পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ৬৬,৬৯,৯৮৫গৰাকী স্বাস্থ্য সেৱা কৰ্মীক প্ৰথম পালি হিচাপে, ২৪,৫৬,১৯১গৰাকী স্বাস্থ্য সেৱা কৰ্মীক দ্বিতীয় পালি আৰু ৫১,৭৫,০৯০গৰাকী আগশাৰীৰ সেৱা কৰ্মীক প্ৰথম পালি হিচাপে টীকা প্ৰদান কৰা হয়। উল্লেখ্য, যোৱা ১৬ জানুৱাৰী, ২০২১ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি টীকাকৰণ অভিযানৰ শুভাৰম্ভ ঘোষণা কৰিছিল।

ইফালে, অহা ১ মাৰ্চ, ২০২১ৰ পৰা আৰম্ভ হব লগা টীকাকৰণ অভিযানৰ দ্বিতীয়টো পৰ্যায়ত ৬০ বছৰৰ উৰ্ধ্বৰ নাগৰিকসকলৰ লগতে ৪৫বছৰৰ উৰ্ধ্বৰ বহু ৰোগাক্ৰান্ত ব্যক্তিসকলক টীকা প্ৰদানৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ইফালে, কভিড-১৯ প্ৰতিষেধক প্ৰদান অভিযানৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়ুষ্মান ভাৰত আৰু পিএমজেএওৱাই আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা দেশৰ প্ৰায় ১০,০০০খন ব্যক্তিগত চিকিত্সালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনস্থ সেৱা আগবঢ়োৱা ৬০০ৰো অধিক ব্যক্তিগত চিকিত্সালয়, ৰাজ্য চৰকাৰৰ সূচীভুক্ত ব্যক্তিগত চিকিত্সালয় আৰু স্বাস্থ্য বীমা আঁচনিৰ অন্তৰ্ভুক্ত ব্যক্তিগত চিকিত্সালকো ভিড প্ৰতিষেধক কেন্দ্ৰ হিচপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভিড প্ৰতিষেধক কেন্দ্ৰ হিচপে ব্যৱহাৰ কৰিব খোজা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনস্থ চিকিত্সালয়সমূহৰ তথ্য https://www.mohfw.gov.in/pdf/CGHSEmphospitals.xlsx ত উপলব্ধ হব।

ভিড প্ৰতিষেধক কেন্দ্ৰ হিচপে ব্যৱহাৰ কৰিব খোজা আয়ুষ্মান ভাৰত আঁচনিৰ অধীনস্থ চিকিত্সালয়সমূহৰ তথ্য https://www.mohfw.gov.in/pdf/PMJAYPRIVATEHOSPITALSCONSOLIDATED.xlsx ত উপলব্ধ হব।

দেশত এই পৰ্যন্ত আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছেগৈ ১.০৭কোটি(১,০৭,৭৫,১৬৯গৰাকী)। শেহতীয়া ২৪ঘণ্টাত ১১,৭১৮গৰাকী লোক নতুনকৈ আৰোগ্য হোৱা বুলি তথ্য উপলব্ধ হৈছে।

নতুনকৈ আৰোগ্য লাভ কৰা লোকৰ ৮৪.১৯%ই ৬খন ৰাজ্যৰ।

এদিনত সৰ্বাধিক সংখ্যক ৰোগীয়ে আৰোগ্য লাভ কৰা তালিকাত ৪,৬৫০গৰাকী আৰোগ্যৰে শীৰ্ষত আছে কেৰালা। আনহাতে ৩,৬৪৮ আৰু ৪৯১গৰাকীৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু তামিল নাডু।

যোৱা ২৪ ঘণ্টাত দেশত ১১৩গৰাকী কভিড আক্ৰান্তৰ মৃত্যু হৈছে।

মৃত্যু সাৱটা ৮৪.৯৬% মৃতকেই ৬খন ৰাজ্যৰ।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৫১গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে কেৰালাত ১৮গৰাকী আৰু পঞ্জাৱত ১১গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে, দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা যোৱা ২৪ঘণ্টাত এটাও মৃত্যুৰ তথ্য পোৱা হোৱা নাই। সেয়া হৈছে, অসম, চণ্ডীগড়. হাৰিয়াণা, জম্মু আৰু কাশ্মীৰ, ওড়িশা, অন্ধ্ৰ প্ৰদেশ. গোৱা, হিমাচল প্ৰদেশ, লক্ষাদ্বীপ, মণিপুৰ, ছিক্কিম, ত্ৰিপুৰা, লাডাখ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, দমন আৰু দিউ আৰু দদ্ৰা আৰু নগৰ হাভেলী।

 

****

MV/SJ/KB



(Release ID: 1701921) Visitor Counter : 202