স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত কভিড-১৯ টিকাকৰণে ১.৩৪ কোটি অতিক্ৰম কৰিছে

২১খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১,০০০তকৈ কম

২০খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত বিগত ২৪ ঘন্টাত নতুনকৈ ক’ৰোনাত মৃত্যুৰ খবৰ নাই

Posted On: 26 FEB 2021 10:40AM by PIB Guwahati

ভাৰতত কভিড-১৯ টিকাকৰণৰ সংখ্যাই ১.৩৪ কোটিৰ সীমা অতিক্ৰম কৰিছে

 

আজি পুৱা ৭ বজা পৰ্যন্ত ১,৩৪,৭২,৬৪৩ জন লোকক টিকা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৬৬,২১,৪১৮ গৰাকী স্বাস্থ্য কৰ্মীক প্ৰথম ডোজ, ২০,৩২,৯৯৪ গৰাকী স্বাস্থ্য কৰ্মীক দ্বিতীয় ডোজ আৰু কভিড-১৯ৰ বিৰুদ্ধে যুঁজত থিয় দিয়া ৪৮,১৮,২৩১ গৰাকী আগশাৰীৰ কর্মীক টিকাকৰণ কৰা হৈছে।

 

টিকাৰ প্রথম ডোজ গ্ৰহণৰ পাছত যি সমূহ হিতাধিকাৰীৰ ২৮ দিন সম্পূর্ণ হৈছে, তেওঁলোকৰ যোৱা ১৩ ফেব্রুৱাৰীৰ পৰা দ্বিতীয় পর্যায়ত টিকাকৰণ আৰম্ভ হৈছে। কভিড-১৯ৰ বিৰুদ্ধে যুঁজত থিয় দিয়া আগশাৰীৰ কর্মীৰ টিকাকৰণ ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে।

 

অসমত এই পৰ্যন্ত মুঠ ২,১১,০৩৭ জন লোকক টিকা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১,৮৯,৫৬৯ জনক প্রথম ডোজ আৰু ২১,৪৬৮ জনক দ্বিতীয় ডোজ প্ৰদান কৰা হৈছে।

 

দেশত দৈনিক ভিত্তিত টিকাকৰণৰ ক্ষেত্রত ক্রমাগত অগ্রগতি লক্ষ্য কৰা হৈছে।

 

টিকাকৰণৰ ৪১ দিন পর্যন্ত(২৫ ফেব্ৰুৱাৰী,২০২১) মুঠ ৮,০১,৪৮০ জন লোকক টিকা প্ৰদান কৰা হৈছে। ইয়াৰে ৩,৮৪,৮৩৪ গৰাকী হিতাধিকাৰীক(স্বাস্থ্য কৰ্মী আৰু কভিড-১৯ৰ বিৰুদ্ধে যুঁজত থিয় দিয়া আগশাৰীৰ কর্মী) প্ৰথম ডোজ আৰু ৪,১৬,৬৪৬ গৰাকী কভিড-১৯ৰ বিৰুদ্ধে যুঁজত থিয় দিয়া আগশাৰীৰ কর্মীক দ্বিতীয় ডোজ প্ৰদান কৰা হৈছে।

 

মুঠ টিকা লাভ কৰা ১,৩৪,৭২,৬৪৩ গৰাকীৰ ১,১৪,৩৯,৬৪৯ জনে (স্বাস্থ্য কৰ্মী আৰু কভিড-১৯ৰ বিৰুদ্ধে যুঁজত থিয় দিয়া আগশাৰীৰ কর্মী) প্ৰথম ডোজ আৰু মুঠ ২০,৩২,৯৯৪ জন স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় ডোজ লাভ কৰিছে।

 

৯ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত স্বাস্থ্য কৰ্মীৰ টিকাকৰণৰ হাৰ ৬০ শতাংশতকৈ কম।

এই ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলসমূহ হৈছে-অৰুণাচল প্ৰদেশ, তামিলনাডু, দিল্লী, তেলেংগানা, লাডাখ, চণ্ডীগড়, নগালেণ্ড,পঞ্জাৱ আৰু পণ্ডিচেৰী।

 

১৩ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত কভিড-১৯ৰ বিৰুদ্ধে যুঁজত থিয় দিয়া আগশাৰীৰ কর্মীক টিকাকৰণৰ হাৰ ৪০ শতাংশতকৈ কম।

 

এই ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলসমূহ হৈছে-অসম, মেঘালয়, মণিপুৰ, গোৱা, মিজোৰাম, অৰুণাচল প্ৰদেশ, তামিলনাডু, তেলেংগানা, চণ্ডীগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, নগালেণ্ড,পঞ্জাৱ আৰু পণ্ডিচেৰী।

 

ভাৰতত আজি সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ১,৫৫,৯৮৬ যি মুঠ ক’ৰোনাত আক্রান্তৰ ১.৪১ শতাংশ। সম্প্ৰতি যিসমূহ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত দৈনিক ভিত্তিত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে তাৰ পৰিণতিস্বৰূপে সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যাও বৃদ্ধি পাইছে।

 

অৱশ্যে ২১ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত সুস্পষ্টভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা ১,০০০তকৈ কম।

 

এইসমূহ হৈছে-জন্মু আৰু কাশ্মীৰ(৮২০), অন্ধ্ৰ প্ৰদেশ(৬১১), ওড়িষা(৬০৯), উত্তৰাখণ্ড(৪৯১),বিহাৰ(৪৭৮),ঝাৰখণ্ড(৪৬৭),চণ্ডীগড়(২৭৯),হিমাচলপ্রদেশ(২৪৪),

পণ্ডিচেৰী(১৯৬),লাক্ষাদ্বীপ(৮৬),লাডাখ(৫৬),ছিকিম(৪৩),মণিপুৰ(৪০),ত্ৰিপুৰা(৩২),মিজোৰাম(২৭), মেঘালয়(২০), নাগালেণ্ড(১৩), অৰুণাচল প্ৰদেশ(৩)আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ(২), দমন আৰু ডিউ আৰু দাদৰা আৰু নাগৰ হাভেলী(৫)।

 

২০ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত বিগত ২৪ ঘণ্টাত কভিড-১৯ত কোনো লোকৰ মৃত্যুৰ বাতৰি নাই

 

এইসমূহ হৈছে-দিল্লী, হাৰিয়ানা, ৰাজস্থান,জন্মু আৰু কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, চণ্ডীগড়, হিমাচল প্ৰদেশ, অসম, লাডাখ, ত্ৰিপুৰা, মিজোৰাম, নগালেণ্ড, মণিপুৰ,মেঘালয়,ছিকিম,দমন আৰু ডিউ আৰু দাদৰা আৰু নাগৰ হাভেলী, উত্তৰাখণ্ড,অৰুণাচল প্ৰদেশ,আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।

 

মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত ৪,৯০২জন লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে কেৰালাত আক্ৰান্তৰ সংখ্যা ৯৮৯ জন হ্ৰাস পাইছে।

 

ভাৰতত মুঠ সুস্থতাৰ সংখ্যা আজি ১,০৭,৫০,৬৮০ত উপনীত হৈছে। সুস্থতাৰ হাৰ ৯৭.১৭ শতাংশ।

 

মুঠ আৰোগ্যৰ সংখ্যা আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ পাৰ্থক্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু আজি ই ১০,৫৯৪,৬৯৪ত উপনীত হৈছে।

 

বিগত ২৪ ঘণ্টাত ১২,১৭৯জন সুস্থ হৈছে।

 

নতুনকৈ সুস্থ হোৱা লোকৰ ৮৫.৩৪ শতাংশই ৬ ৰাজ্যৰ।

 

কেৰালাত এদিনত সৰ্বাধিক ৪,৬৫২ জন লোক নতুনকৈ আৰোগ্য হৈছে। বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ৩,৭৪৪ জন আৰু তামিলনাডুত ৯৪৭ জন লোক আৰোগ্য হৈছে।

 

বিগত ২৪ ঘণ্টাত ১৬,৫৭৭ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে।

 

নতুনকৈ আক্ৰান্তৰ ৮৬.১৮ শতাংশই ৬ ৰাজ্যৰ।

 

মহাৰাষ্ট্ৰত এদিনত সৰ্বাধিক ৮,৭০২ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে। কেৰালাত ৩,৬৭৭ জন আৰু পঞ্জাৱত ৫৬৩ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে। 

 

দেশত বিগত ২৪ ঘন্টাত ক’ৰোনাত ১২০ জন লোকৰ মৃত্যু হৈছে।

 

মৃত্যু হোৱা ৮৫.৮৩ শতাংশই ৬খন ৰাজ্যৰ। মহাৰাষ্ট্রত একেদিনাই সৰ্বাধিক ৫৬ জন লোকৰ মৃত্যু হৈছে। কেৰালাত মৃত্যু হৈছে ১৪ জন লোকৰ আৰু পাঞ্জাৱত মৃত্যু হৈছে ১৩ জন লোকৰ।

 

 

     ***************

MV/SJ/KG



(Release ID: 1701286) Visitor Counter : 246