ৰাষ্ট্ৰপতি সচিবালয়

১.৩২ লাখ দৰ্শকৰ ক্ষমতাৰে নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম হৈ পৰাটো আমাৰ বাবে গৌৰৱৰ কথাঃ ৰাষ্ট্ৰপতি কোবিন্দ

আহমেদাবাদত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন আৰু চৰ্দাৰ বল্লভভাই পেটেল স্প’ৰ্টছ এনক্লেভৰ আধাৰশিলা স্থাপন ভাৰতৰ ৰাষ্ট্ৰপতিৰ

Posted On: 24 FEB 2021 2:58PM by PIB Guwahati

১.৩২ লাখ দৰ্শকৰ ক্ষমতাৰে নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম হৈ পৰাটো আমাৰ বাবে গৌৰৱৰ কথা- আজি (২৪ ফেব্ৰুৱাৰী, ২০২১) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই আহমেদাবাদত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন আৰু চৰ্দাৰ বল্লভভাই পেটেল স্প’ৰ্টছ এনক্লেভৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়। তেওঁ উল্লেখ কৰে যে ষ্টেডিয়ামখন বিশ্বৰ সৰ্ববৃহতেই নহয় বৰঞ্চ ইয়াক ক্ৰীড়া সম্পৰ্কীয় ভিন্ন কাৰ্য-কলাপৰ বাবে বিশ্ব-মানৰ সুবিধাসমূহৰে সমৃদ্ধ কৰা হৈছে। তেওঁ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামক বৰ্তমানৰ ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গুজৰাট ক্ৰিকেট সন্থাৰ সমূহ বিষয়া-বৰ্গ, সংস্থা আৰু অংশীদাৰসকলক অভিনন্দন জনায়। ষ্টেডিয়ামখনিৰ বৈশিষ্ট্যৰাজিক প্ৰশংসা কৰি, মতামত আগবঢ়াই ৰাষ্ট্ৰপতিজনে কয় যে গ্ৰীণ-বিল্ডিং চাৰ্টিফিকেশ্যনৰ গ’ল্ড ৰেটিঙৰ জৰিয়তে, ই হৈছে পৰিবেশ-অনুকূল উন্নয়নৰ এটা ভাল উদাহৰণ। এই ষ্টেডিয়ামখনিয়ে নৱ্য ভাৰতৰ আকাংক্ষা আৰু ক্ষমতা প্ৰদৰ্শন কৰিছে যিয়ে বিশ্বৰ দৰবাৰত এটা শক্তিশালী নিদৰ্শন দাঙি ধৰিছে। ৰাষ্ট্ৰপতিজনে কয় যে ক্ৰিকেটত ভাৰতৰ আধিপত্যই এই বিশ্বাস বঢ়াইছে যে কেৱল আন ক্ৰীড়াসমূহতেই নহয় বৰঞ্চ উন্নয়নৰ ক্ষেত্ৰটো বিশ্বৰ ভিতৰত উচ্চতৰ স্থান অধিকাৰ কৰাৰ সম্ভাৱনা আমাৰ দেশৰ আছে।

 

ৰাষ্ট্ৰপতিজনে কয় যে ভাৰতক ‘পাৱাৰ হাউছ অৱ ক্ৰিকেট’ বা ‘হাব অৱ ক্ৰিকেট’ বুলি কোৱা হয়। সেয়েহে, এইটো অতিশয় সঠিক হ’ব যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনিও এতিয়া আমাৰ দেশতেই আছে। তেখেতে এই ষ্টেডিয়ামৰ ভৱনত প্ৰোথিত কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয় যাৰ আৰম্ভ হৈছিল তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত আৰু তেতিয়াৰপৰাই গুজৰাট ক্ৰিকেট সন্থাৰ অধ্যক্ষ অমিত শ্বাহে দক্ষতাৰে নিৰীক্ষণ কৰি আহিছিল।

 

ৰাষ্ট্ৰপতিজনে উল্লেখ কৰে যে আমাৰ গৰিষ্ঠসংখ্যক যুৱ ক্ৰিকেটাৰেই ক্ষুদ্ৰ গাঁও আৰু ভাৰতৰ ভিতৰুৱা অঞ্চলসমূহৰপৰা আহি ক্ৰমান্বয়ে তেওঁলোকৰ কঠোৰ শ্ৰমৰে লক্ষ্যণীয় ক্ৰীড়া প্ৰতিভা হিচাপে পৰিগণিত হয়। আন ক্ৰীড়াটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ যুৱ সমাজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ক্ষমতা আছে। ইয়াক বাস্তৱায়িত কৰি তুলিবলৈ, আমি ক্ৰিকেটৰ ক্ষেত্ৰত আগবঢ়োৱাৰ দৰেই তেওঁলোকলৈ বিশ্ব মানৰ আন্তঃগাঁথনি আগবঢ়াইছো। এই উদ্দেশ্যৰে, এটা কথা গুৰুত্বপূৰ্ণ যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখনিতে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্প’ৰ্টছ এনক্লেভ নিৰ্মাণ কৰিবলৈ গুজৰাট চৰকাৰখনে প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে এই স্প’ৰ্টছ এনক্লেভে মাল্টি-স্প’ৰ্টছ ভ্যেনু হিচাপে কাম কৰিব আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰিবলৈ সা-সুবিধা আগবঢ়াব। তেওঁ বিশ্বাস ব্যক্ত কৰি কয় যে এই স্প’ৰ্টছ এনক্লেভে ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত আহমেদাবাদ চহৰখনক নতুন পৰিচয় প্ৰদান কৰিব।

 

ৰাষ্ট্ৰপতিজনে কয় যে ক্ৰীড়া সা-সুবিধাসমূহৰ লক্ষ্যণীয় উন্নয়ন সাধনৰ সমান্তৰালভাৱে গৰিষ্ঠসংখ্যক প্ৰতিভাৱান খেলুৱৈয়ে এইসমূহৰ সুবিধা গ্ৰহণ কৰাটো অতিশয় প্ৰয়োজনীয় কথা। আমাৰ ক্ৰীড়া প্ৰতিভাসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে সুবিধা আৰু সুবিধাৰ সুগমতা উভয়ে আৱশ্যকীয়। প্ৰত্যন্ত অঞ্চলসমূহত বসবাস কৰা বহু প্ৰতিভাৱান খেলুৱৈয়ে আৰ্থিক বাধা বা আন অসুবিধাসমূহৰ বাবে তেওঁলোকৰ প্ৰতিভাৰাজি প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ নকৰে। যুৱ খেলুৱৈসকলক সা-সুবিধাসমূহ আগবঢ়াবলৈ প্ৰচেষ্টাৰাজি গ্ৰহণ কৰা হৈছে। অধিক বিস্তৃতভাৱে এনে প্ৰচেষ্টাৰাজি আগুৱাই নিলে আমাৰ দেশৰ সুপ্ত ক্ৰীড়া প্ৰতিভাসমূহ জগাই তোলাটো সম্ভৱ হৈ উঠিব। এনে প্ৰচেষ্টা কেৱল প্ৰতিভাসমূহৰ লালন-পালনতেই নহয় বৰঞ্চ যুৱ সমাজৰ সৰ্বাংগীন বিকাশৰ বাবেও গুৰুত্বপূৰ্ণ। এখন দেশৰ উন্নয়নৰ বাবে সূচক হোৱাৰ ওপৰিও, ই টীমৰ উদ্দীপনা, সুস্থ প্ৰতিযোগিতাৰ বৰ্ধন ঘটাই আৰু ৰাষ্ট্ৰীয় লক্ষ্যক ব্যক্তিগত লক্ষ্য হিচাপে চিনাক্তকৰণত সহায় কৰে। যুৱ প্ৰজন্মটোৰ চৰিত্ৰ গঠনত এইসমূহ উপযোগী যিয়ে সামাজিক আৰু ৰাষ্ট্ৰীয় উন্নয়নক প্ৰোৎসাহিত কৰে।

 

ৰাষ্ট্ৰপতিজনে কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰিত্বৰ কালত বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াত ক্ৰীড়াক বহু পৰিমাণে উদগণি যোগাইছিল। ৰাষ্ট্ৰপতিজনে কয় যে সমগ্ৰ ৰাষ্ট্ৰখনতে কেন্দ্ৰীয় চৰকাৰখনৰদ্বাৰা ক্ৰীড়াৰ এটা নতুন সংস্কৃতি গঢ়ি তোলা হৈছে। ‘খেল’-ইণ্ডিয়া’ আৰু ‘ফিট-ইণ্ডিয়া’ৰ দৰে অভিযানসমূহে জনসাধাৰণৰ মাজত সু স্বাস্থ্য আৰু ক্ৰীড়াৰ প্ৰতি এটি উৎসাহজনক প্ৰৱণতাৰ সৃষ্টি কৰিছে। ‘টাৰ্গেট অলিম্পিক পডিয়াম স্কিম’ৰ দৰে কাৰ্যক্ৰমৰ জৰিয়তে ক্ৰীড়া বিশ্বখনত ভাৰতৰ চিত্তাকৰ্ষক উপস্থিতিৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেওঁ আজি নতুনকৈ উদ্বোধন কৰা ষ্টেডিয়ামখনিত ক্ৰিকেট খেলা ভাৰতীয় আৰু ইংলেণ্ডৰ দল দুটাক শুভেচ্ছা জনায়।

হিন্দীত ৰাষ্ট্ৰপতিজনৰ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

*******

DS/VJ/SB



(Release ID: 1700477) Visitor Counter : 109