অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

বিমানসমূহৰ পুনৰাৰম্ভৰেপৰা সৰ্বাধিক সংখ্যক ঘৰুৱা যাত্ৰী লাভ কৰা হৈছে

২০২১ ৰ ১২ ফেব্ৰুৱাৰীত ২,৩৪৯ বিমানত যাত্ৰা কৰে ২,৯৭,১০২ যাত্ৰীয়ে

Posted On: 13 FEB 2021 1:42PM by PIB Guwahati

২০২১ ৰ ১২ ফেব্ৰুৱাৰীত ২,৩৪৯ বিমানত ঘৰুৱা যাত্ৰীৰ সংখ্যা ২,৯৭,১০২ লৈ বৃদ্ধি হয় বুলি অসামৰিক বিমান পৰিবহণৰ ৰাজ্য়িক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী হৰদ্বীপ এছ পুৰীয়ে সদৰী কৰে। তেওঁ লগতে কয় যে ২০২০ ৰ ২৫ মে’ত ঘৰুৱা বিমানসমূহৰ পুনৰাৰম্ভৰেপৰা এই সংখ্যা সৰ্বাধিক। শ্ৰী পুৰীয়ে জনাই যে সুৰক্ষা, কাৰ্যকাৰিতা আৰু সময় ৰাহিৰ পৰিপ্ৰেক্ষিতত বিমান যাত্ৰা ভ্ৰমণৰ পচ্ছন্দৰ উপায় হৈ পৰাত, যাত্ৰীৰ সংখ্যাই প্ৰাক-ক’ভিড স্তৰ প্ৰায় স্পৰ্শ কৰে।

২০২১ ৰ ১২ ফেব্ৰুৱাৰীত মুঠ ৪৬৯৭ বিমানৰ আহ-যাহ হয়। বিমানবন্দৰসমূহলৈ মুঠ ৫,৯৩,৮১৯ লোকৰ আগমণ ঘটে।

ক’ভিড-১৯ মহামাৰীটোৰ পৰিপ্ৰেক্ষিতত, ২০২০ ৰ ২৪ মাৰ্চৰ মাজনিশা (নিশা ১১:৫৯ বজা) ৰেপৰা কাৰ্যকৰী হোৱাকৈ ঘৰুৱা বিমান চলাচল বন্ধ কৰা হৈছিল। দুমাহৰ পাছত ২০২০ ৰ ২৫ মে’ৰপৰা এই চলাচল পুনৰাই আৰম্ভ কৰা হয়।

***

RJ/NG/SB



(Release ID: 1697782) Visitor Counter : 143