প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১০ ফেব্ৰুৱাৰী ২০২১ ত বিশ্ব ছাষ্টেইনেবল ডেভেলপমেণ্ট শীৰ্ষক সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
08 FEB 2021 5:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামান্য জোচেফ আৰ বাইডেনৰ সৈতে সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি বাইডেনক উষ্ম অভিনন্দন জনোৱাৰ লগতে তেওঁৰ কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্বক আৰু অধিক উন্নত কৰাৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই আঞ্চলিক উন্নয়ন আৰু বহল ভূ-ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত আলোচনা কৰে। তেওঁলোকে উল্লেখ কৰে যে ভাৰত-মাৰ্কিন অংশীদাৰিত্ব গণতান্ত্ৰিক মূল্যবোধ আৰু সাধাৰণ কৌশলগত স্বাৰ্থৰ প্ৰতি এক অংশীদাৰী প্ৰতিশ্ৰুতিৰ বাবে দৃঢ়ভাৱে সংযোজিত হৈ আছে। তেওঁলোকে নিয়ম-আধাৰিত আন্তৰ্জাতিক আদেশ আৰু এক মুক্ত, মুকলি আৰু অন্তৰ্ভুক্ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰিবলৈ সমভাৱাপন্ন দেশসমূহৰ সৈতে কাম কৰাৰ গুৰুত্বৰ পুনৰাবৃত্তি কৰে।
প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি বাইডেনে বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ গুৰুত্ব নিশ্চিত কৰে। প্ৰধানমন্ত্ৰীয়ে পেৰিছ চুক্তিৰ প্ৰতি পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ ৰাষ্ট্ৰপতি বাইডেনৰ সিদ্ধান্তক আদৰণি জনায় আৰু নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতে নিজৰ বাবে নিৰ্ধাৰণ কৰা উচ্চাকাংক্ষী লক্ষ্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ এপ্ৰিলত ক্লাইমেট লীডাৰছ ছামিট আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ উদ্যোগক আদৰণি জনায় আৰু ইয়াত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ থকাৰ বিষয়ে অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি বাইডেন আৰু ডঃ জিল বাইডেনক অতি সোনকালে তেওঁলোকৰ সুবিধা অনুসৰি ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।
*******
DS/SH/KG
(Release ID: 1696413)
Visitor Counter : 200
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam