প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘চৌৰি চৌৰা’ শতবাৰ্ষিকী মহোৎসৱ

বাজেটে নতুন কৰ সন্দৰ্ভত বিশেষজ্ঞসকলৰ আশংকা দূৰ কৰিলেঃ প্ৰধানমন্ত্ৰী

পূৰ্বে বাজেট আছিল কেৱল ভোট বেংক গণনাৰ বহী-খাতা, এতিয়া ৰাষ্ট্ৰই নিজৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰিছেঃ প্ৰধানমন্ত্ৰী

কৃষকসকলৰ সৱলীকৰণৰ বাবে বাজেটত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

আত্মনিৰ্ভৰতালৈ পৰিৱৰ্তনৰ দ্বাৰা স্বাধীনতাৰ সেনানীসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছেঃ প্ৰধানমন্ত্ৰী

Posted On: 04 FEB 2021 1:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ যোগেদি উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি-চৌৰাত ‘চৌৰি-চৌৰা’ শতাব্দী সমাৰোহৰ উদঘাটন কৰে৷ আজি চৌৰি-চৌৰা ঘটনাৰ শতবৰ্ষ সম্পূৰ্ণ হৈছে৷ এই ঘটনা স্বতন্ত্ৰতাৰ বাবে দেশৰ যুদ্ধৰ এক ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে চৌৰি-চৌৰাৰ শতাব্দী সমাৰোহৰ বাবে সমৰ্পিত এক ডাক-টিকট মুকলি কৰে৷ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত আছিল৷

প্ৰধানমন্ত্ৰীয়ে সাহসী শ্বহীদসকললৈ প্ৰণাম যাঁচি কয় যে চৌৰি-চৌৰাৰ বলিদানে দেশৰ স্বতন্ত্ৰতা সংগ্ৰামক এক নতুন দিশ প্ৰদান কৰিছে৷ তেওঁ কয় যে চৌৰি-চৌৰাত এশ বছৰ পূৰ্বে হোৱা এই ঘটনাই ব্যাপক বাৰ্তা প্ৰদান কৰিছিল৷ এই অগ্নিকাণ্ডৰ ঘটনা কি পৰিস্থিতিত হৈছিল আৰু ইয়াৰ অন্তৰালত কি কাৰণ আছিল, এই আটাইবোৰ সমানেই গুৰুত্বপূৰ্ণ৷ তেওঁ কয় যে এতিয়া আমাৰ দেশৰ ইতিহাসত চৌৰি-চৌৰাৰ ঐতিহাসিক সংঘৰ্ষক উচিত গুৰুত্ব প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে চৌৰি-চৌৰাৰ সৈতে প্ৰতিখন গাঁৱে সম্পূৰ্ণ বৰ্ষজুৰি আয়োজিত হ’বলগীয়া কাৰ্যসূচীত এই ঘটনাৰ বীৰ বলিদানক স্মৰণ কৰিব৷ তেওঁ কয় যে  এই সমাৰোহ এনে সময়ত আয়োজিত হৈছে য’ত দেশে নিজৰ স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিছে৷ ইয়াৰ দ্বাৰা এই আয়োজন অধিক প্ৰাসংগিক হৈ উঠিছে৷ তেওঁ চৌৰি-চৌৰাৰ শ্বহীদসমূহৰ বিষয়ে চৰ্চা কম হোৱাত বিষেদগাৰ প্ৰকাশ কৰে৷ তেওঁ কয় যে এই ঘটনাৰ শ্বহীদসকলৰ বিষয়ে ইতিহাসৰ পৃষ্ঠাত উল্লেখ নহ’লেও তেওঁলোকৰ ৰক্ত নিশ্চিত ৰূপত স্বতন্ত্ৰতাৰ যুদ্ধত দেশৰ ভূমিত অৱশ্যেই মিলিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক বাবা ৰাঘৱদাস আৰু মহামান্য মদন মোহল মালব্যৰ প্ৰয়াসক স্মৰণ কৰিবলৈ অনুৰোধ কৰে যাৰ বাবে এই বিশেষ দিনটোত প্ৰায় ১৫০ গৰাকী স্বতন্ত্ৰতা সেনানী ফাঁচীকাঠত ওলমাৰ পৰা ৰক্ষা পৰিছিল৷ তেওঁ এই বিষয় প্ৰসন্নতা প্ৰকাশ কৰি কয় যে এই অভিযানত ছাত্ৰও জড়িত আছে যাৰ দ্বাৰা স্বতন্ত্ৰতা সংগ্ৰামৰ বহু অজানা পদক্ষেপৰ বিষয়ে তেওঁলোকৰ সজাগতা বৃদ্ধি হ’ব৷ তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ে স্বতন্ত্ৰতা সংগ্ৰামৰ ৭৫তম বৰ্ষ পূৰ্ণ হোৱাত স্বতন্ত্ৰতা সংগ্ৰামৰ অজ্ঞাত বলিদানসমূহৰ বিষয়ে এখন গ্ৰন্থ লিখিবলৈ যুৱ লেখকসকলক আমন্ত্ৰণ জনাইছে৷ আমাৰ স্বতন্ত্ৰতা সেনানীসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ ৰূপত স্থানীয় কলা আৰু সংস্কৃতিৰ সৈতে জড়িত হোৱাৰ এই কাৰ্যসূচী আয়োজিত কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যি সামূহিক শক্তিয়ে দাসত্বৰ শিকলি ছিঙি পেলাইছে সেই শক্তিয়েই ভাৰতক বিশ্বৰ সবাতোকৈ বৃহৎ শক্তি হিচাপে পৰিগণিত কৰাব৷ সামূহিকতাৰ এই শক্তিয়েই হ’ল আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আধাৰ৷ তেওঁ কয় যে ক’ৰোনাৰ এই সময়ছোৱাৰ ভিতৰত ভাৰতে ১৫০তকৈও অধিক দেশ নাগৰিকৰ সহায়ৰ বাবে প্ৰয়োজনীয় ঔষধৰ যোগান ধৰিছে৷ ভাৰতে মানৱ জীৱন ৰক্ষা কৰাৰ বাবে অনেক দেশক প্ৰতিষেধক প্ৰদান কৰিছে যাতে আমাৰ স্বতন্ত্ৰতা সেনানীসকলে এই কথাৰ ওপৰত গৌৰৱ কৰিব পাৰে৷

শেহতীয়া বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেট ক’ৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ প্ৰয়াসসমূহক এক নতুন বল প্ৰদান কৰিব৷ তেওঁ কয় যে বাজেটে অনেক বিশেষজ্ঞৰ এই আশংকা দূৰ কৰিবলৈ সমৰ্থ হৈছে যে সাধাৰণ নাগৰিকৰ ওপৰত নতুন কৰৰ বোজা বৃদ্ধি হ’ব৷ চৰকাৰে দেশৰ দ্ৰুত বিকাশৰ বাবে অধিক ৰাশি ব্যয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই ব্যয় পথ, দলং, ৰে’লৱে পথ, নতুন ৰে’ল আৰু বাছ, বজাৰ তথা মণ্ডীৰ সৈতে যোগাযোগৰ দৰে বুনিয়াদী সুবিধাৰ বাবে কৰা হ’ব৷ এই বাজেটে আমাৰ যুৱচামৰ বাবে উন্নত শিক্ষা তথা উন্নত অৱকাশৰ পথ প্ৰশস্ত কৰিছে৷ এই গতিবিধিসমূহৰ দ্বাৰা লক্ষাধিক যুৱক-যুৱতীয়ে ৰোজগাৰ লাভ কৰিব৷ ইয়াৰ পূৰ্বৰ বাজেটসমূহৰ উদ্দেশ্য কেতিয়াও পূৰণ নোহোৱা যোজনাসমূহৰ ঘোষণা কৰাৰ বাবে আছিল৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটক ভোট বেংকৰ ‘বহী-খাতা’লৈ পৰিৱৰ্তিত কৰা হৈছিল৷ এতিয়া দেশে নতুন পৃষ্ঠা লুটিয়াইছে আৰু নিজৰ দৃষ্টিভংগীও পৰিৱৰ্তিত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে এয়াও কয় যে ভাৰতে এই মহামাৰীৰ মোকাবিলাৰ পিছত চৌদিশে প্ৰশংসিত হৈছে৷ আজি দেশে গাঁও আৰু সৰু চহৰসমূহত চিকিৎসা সুবিধা শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ স্বাস্থ্য খণ্ডৰ বাবে আৱণ্টিত বাজেট বৃদ্ধি কৰা হৈছে৷ জিলা পৰ্যায়ত উন্নত পৰীক্ষণ সুবিধাসমূহ বিকশিত কৰা হৈছে৷

কৃষকসকলক দেশৰ উন্নতিৰ আধাৰ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ছবছৰত কৃষকসকলৰ কল্যাণৰ বাবে কৰা প্ৰয়াসসমূহ আলোকপাত কৰে৷ তেওঁ কয় যে মহামাৰীৰ সমস্যা স্বত্বেও কৃষকসকলে অভিলেখসংখ্যক উৎপাদন অৰ্জিত কৰিছে৷ বাজেটত কৃষকসকলৰ সশক্তিকৰণৰ বাবে বহু  নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ কৃষকসকলৰ বাবে শস্যসমূহৰ বিক্ৰী সৰল কৰি তোলাৰ বাবে এক হাজাৰ মণ্ডীক ই-নামৰ সৈতে সংযোজিত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ৰামীণ বুনিয়াদী আন্তঃগাঁথনি নিধি বৃদ্ধি কৰি ৪০ হাজাৰ কোটি টকা কৰা হৈছে৷ এই পদক্ষেপৰ জৰিয়তে কৃষক আত্মনিৰ্ভৰ হ’ব আৰু কৃষি লাভদায়ক হ’ব৷ স্বামীত্ব যোজনাৰ দ্বাৰা গাঁওসমূহৰ জনসাধাৰণে তেওঁলোকৰ ভূমি আৰু আৱাসী সম্পত্তিৰ স্বামীত্বৰ দস্তাৱেজ লাভ কৰিব৷ উচিত দস্তাৱেজৰ দ্বাৰা তেওঁলোকে নিজৰ সম্পত্তিৰ উন্নত মূল্য লাভ কৰিব আৰু পৰিয়ালসমূহ বেংক ঋণৰ পৰাও মুক্ত হ’ব তথা তেওঁলোকে ভূমি দখলকাৰীসকলৰ পৰা সুৰক্ষিত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলো পদক্ষেপৰ দ্বাৰা গোৰখপুৰো লাভান্বিত হ’ব যি বন্ধ মিল, বেয়া পথ আৰু দূৰ্দশাগ্ৰস্ত চিকিৎসালয়ৰ বাবে সমস্যাৰে জৰ্জৰিত হৈ আছিল৷ এতিয়া এক স্থানীয় উৰ্বৰক কাৰখানা পুনৰ আৰম্ভ কৰা হৈছে যাৰ দ্বাৰা কৃষক আৰু যুৱক-যুৱতীসকল উপকৃত হ’ব৷ চহৰখনত এখন এইমছ স্থাপন কৰিবলৈ লোৱা হৈছে৷ মেডিকেল কলেজসমূহে সহস্ৰাধিক শিশুৰ জীৱন ৰক্ষা কৰিছে৷ দেৱৰীয়া, কুশীনগৰ, বস্তী মহাৰাজনগৰ আৰু সিদ্ধাৰ্থ নগৰত নতুন মেডিকেল কলেজ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে৷ তেওঁ এয়াও কয় যে এই ক্ষেত্ৰৰ যোগাযোগ ব্যৱস্থাও সংশোধিত হৈছে কিয়নো চাৰিটা লেন আৰু ছটা-লেনৰ নিৰ্মাণ হৈ আছে তথা গোৰখপুৰৰ পৰা ৮খন চহৰলৈ বিমানসেৱাও আৰম্ভ কৰা হৈছে৷ নিৰ্মীয়মান অৱস্থাত থকা কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে পৰ্যটনো বিকশিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰতাৰ বাবে এই পৰিৱৰ্তন সকলো স্বতন্ত্ৰতা সেনানীৰ বাবে এক শ্ৰদ্ধাঞ্জলি হিচাপে বিবেচিত হৈছে৷

***********

 

DS/AK/MANN



(Release ID: 1695395) Visitor Counter : 131