ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ক’ভিড-উত্তৰ ভাৰতৰ দৃষ্টিভংগী অনুৰণিত হৈছে বাজেটত, মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে

Posted On: 02 FEB 2021 10:58AM by PIB Guwahati

ক’ভিড-উত্তৰ ভাৰতৰ দৃষ্টিভংগী অনুৰণিত হৈছে বাজেটত। সদ্য উথ্থাপিত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰে হোৱা এলানি সাক্ষাত্কাৰত এই মন্তব্য কৰিছে উত্তৰ পূবাৰ্ঞ্চল উন্নয়ণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী প্ৰশাসন, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। তেওঁ কয়, যদিও ই এক অৰ্থনৈতিক দস্তাবেজ, তথাপি বাজেটখনে অৰ্থনীতিৰ পৰিসীমা অতিক্ৰমী পৃথিৱীৰ ৰাষ্ট্ৰমণ্ডলীৰ অগ্ৰণী সদস্য হিচাপে পৰগণিত হোৱাৰ নিশ্চয়তা প্ৰদান কৰা মোদী-নেতৃত্বাধীন ভাৰতৰ  এক ৰূপৰেখা অংকণ কৰিছে।

বিৰোধীপক্ষই দিয়া ভুলব্যাখ্য আৰু অপপ্ৰচাৰৰ বিপৰীতে, ড০ সিঙে কয়, বাজেটখনে সমালোচকসকলক মৌন কৰি পেলালে আৰু বিৰোধিতা কৰিবই লাগিব বাবেইহে সংশ্লিষ্টসকলে বিৰোধিতা কৰি আছে। বহুতে ভাবি থকাৰ দৰে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত অতিৰিক্ত বোজা অথবা দায়বদ্ধতা জাপি দিয়াৰ পৰিৱৰ্তে ক’ভিড-১৯ মহামাৰীৰে যুঁজি পৰিশ্ৰান্ত হৈ অহা ৰাষ্ট্ৰখনক দৰাচলতে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখনে সকাহহে দান কৰিলে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image001HVYN.jpg

বাজেটখনত দাঙি ধৰা প্ৰাথমিকতাসমূহ পৃথিৱীৰ আন ৰাষ্ট্ৰয়ো অনুসৰণ কৰিব পৰা বিধৰ হৈছে বুলি তেওঁ অভিমত ব্যক্ত কৰে। উদাহৰণ স্বৰূপে, স্বাস্থ্যখণ্ডত প্ৰদান কৰা উচ্চ হাৰৰ প্ৰথমিকতা কেৱল অভুতপূৰ্বই নহয়, বৰং সকলোৰে সুস্থতা, নিবাৰণমূলক স্বাস্থ্যসেৱা আৰু কল্যাণৰ প্ৰমূল্য অনুভৱ কৰা এখন চৰকাৰে নেতৃত্ব দিয়া ৰাষ্ট্ৰ ভাৰতক ক’ৰোনাৰ প্ৰতিষেধক উদ্ভাৱনৰ দৰে মহান পদক্ষেপ গ্ৰহণ কৰি নিজেই কৰিব পৰা আৰু আনৰ আগত থাকি আগবঢ়াৰ সামৰ্থ্য বহণ কৰাৰ আত্মবিশ্বাসো প্ৰদান কৰিছে বুলি উল্লেখ কৰে তেওঁ।

বাজেটখনৰ আন কেতবোৰ কমকৈ চৰ্চিত প্ৰসংগৰ কথা উল্লেখ কৰি ড০ সিঙে কয়, এইখন বাজেটে সমাজৰ সকলো বৰ্গৰ মানুহকে উত্ফুল্লিত কৰি তুলিছে। ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে আগবঢ়োৱা কৰ ৰেহাইৰ সময়সীমা আৰু এটা বছৰৰ বাবে সম্প্ৰসাৰিত কৰি যুৱ-প্ৰজন্মৰ  বাবে, আনহাতে ৭৫ বছৰৰ উৰ্ধ্বৰ বয়োজ্যেষ্ঠসকলক আয় কৰ বিৱৰণী দাখিলৰ দায়িত্বৰ পৰা মুক্ত কৰি বাজেটখনে সকাহ দান কৰিছে। 

জম্মু আৰু কাশ্মীৰৰ বাবে গেছ পাইপলাইন আৰু লাডাখৰ বাবে বিশ্ববিদ্যালয় ঘোষণা কৰি দৰাচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যে দেশৰ নবীনতম কেন্দ্ৰীয় শাসিত অঞ্চল দুটাৰ ক্ষেত্ৰত নিতান্তই সচেতন সেই কথাকে প্ৰতীয়মান কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকসকলৰ বাবে আগবঢ়াব খোজা সাহায্যৰ প্ৰসংগও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আগবঢ়াৰ প্ৰয়াস হিচেপেই চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ‘গগণযান’ উত্ক্ষেপণৰ বাবে ‘ইছৰো’ৱে লোৱা প্ৰস্তুতিৰো শলাগ লয় ড০ সিঙে।

 

***********

SNC/KB



(Release ID: 1694674) Visitor Counter : 126