স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ আৰোগ্যৰ হাৰ ৯৭%লৈ উন্নীত; বিগত ২৪ ঘণ্টাত ১১,৮৫৮জন ৰোগী আৰোগ্য

দৈনিক আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস

৩৭.৫লাখতকৈ অধিক হিতাধিকাৰীক ক’ভিড-১৯ৰ টিকাকৰণ কৰা হৈছে

Posted On: 01 FEB 2021 12:11PM by PIB Guwahati

সামগ্ৰিক আৰোগ্যৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি ফলত ভাৰতৰ ভাৰতৰ আৰোগ্যৰ হাৰ ৯৭%লৈ উন্নীত হৈছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক হিচাপে বিবেচিত হৈছে৷ ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা আজি .৬৮লাখলৈ হ্ৰাস পাইছে৷ বৰ্তমান মুঠ আক্ৰান্তৰ কেৱল১.৫৬% ৰোগীহে চিকিৎসাধীন হৈছে আছে৷

বৰ্তমানলৈকে ১,০৪,৩৪,৯৮৩গৰাকী ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ১১,৮৫৮জন ৰোগী আৰোগ্য হৈছে৷ সৰ্বাধিক আৰোগ্যৰ বিপৰীতে বৰ্তমান দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ ফলত ইয়াৰ মাজৰ ব্যৱধান কোটিতকৈ অধিক হৈছে৷

ভাৰতত নতুন আক্ৰান্তৰ সংখ্যা ক্ষিপ্ৰগতিত হ্ৰাস পাইছে৷ ২০২০ৰ ১১ ছেপ্টেম্বৰত ৯৬,৫৫১ৰ পৰা ১ ফ্ৰেব্ৰুৱাৰী, ২০২১ত এই সংখ্যা ১১,৪২৭জনলৈ হ্ৰাস পাইছে৷

দেশৰ দৈনিক মৃত্যু হোৱা লোকৰ সংখ্যা ১২০তকৈ হ্ৰাস পাইছে৷ বিগত ২৪ ঘণ্টাত ১১৮জন ৰোগীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷

১ ফেব্ৰুৱাৰীৰ পুৱা ৮বজালৈকে দেশজোৰা ক’ভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত ৩৭,৫৮,৮৪৩গৰাকী হিতাধিকাৰীক টিকাকৰণ কৰা হৈছে৷

বিগত ২৪ ঘণ্টাত ২৫৩টা পৰ্বত ১৪,৫০৯গৰাকী লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে ৬৯,২১৫টা পৰ্ব সম্পন্ন কৰা হৈছে৷

 

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা

আন্দামান আৰু নিকোবৰ

,৭২৭

অন্ধ্ৰপ্ৰদেশ

,৮৭,২৫২

অৰুণাচল প্ৰদেশ

,৬৫১

অসম

৩৮,১০৬

বিহাৰ

,৪৮,২৯৩

চণ্ডীগড়

,৪৪৭

চত্তীশগড়

৭২,৭০৪

দাদৰা আৰু নগৰ হাভেলী

৬৯২

দমন আৰু দিউ

৩৯১

১০

দিল্লী

৫৬,৮১৮

১১

গোৱা

,১১৭

১২

গুজৰাট

,৪৭,৮৯১

১৩

হাৰিয়ানা

,২৫,৯৭৭

১৪

হিমাচল প্ৰদেশ

২৭,৭৩৪

১৫

জম্মু আৰু কাশ্মীৰ

২৬,৬৩৪

১৬

ঝাৰখণ্ড

৪০,৮৬০

১৭

কৰ্ণাটক

,১৫,৩৭০

১৮

কেৰালা

,৬৫,১৭১

১৯

লাডাখ

,১২৮

২০

লাক্ষাদ্বীপ

৮০৭

২১

মধ্যপ্ৰদেশ

,৯৮,৩৭৬

২২

মহাৰাষ্ট্ৰ

,৬৯,০৬৪

২৩

মণিপুৰ

,৯৮৭

২৪

মেঘালয়

,৩২৪

২৫

মিজোৰাম

,৩৪৬

২৬

নাগালেণ্ড

,৯৯৩

২৭

ওড়িশা

,০৬,৪২৪

২৮

পুডুচেৰী

,৭৩৬

২৯

পাঞ্জাৱ

৫৭,৪৯৯

৩০

ৰাজস্থান

,৩০,৭৯৭

৩১

ছিক্কিম

,০২০

৩২

তামিলনাডু

,০৫,৮২১

৩৩

তেলেংগাণা

,৬৮,৬০৬

৩৪

ত্ৰিপুৰা

২৯,৭৯৬

৩৫

উত্তৰপ্ৰদেশ

,৬৩,৭৯৩

৩৬

উত্তৰাখণ্ড

৩১,২২৮

৩৭

পশ্চিমবংগ

,৪৩,১৪৩

৩৮

অন্যান্য

৫২,১২০

মুঠ

৩৭,৫৮,৮৪৩

 

নতুনকৈ আৰোগ্য ৰোগীৰ ৮৬.৪৭%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৫,৭৩০গৰাকী ৰোগী নতুনকৈ আৰোগ্য হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ১,৬৭০ আৰু তামিলনাডুত ৫২৩গৰাকী ৰোগী আৰোগ্য হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ১১,৪২৭গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷

নতুন আক্ৰান্তৰ ৮০.৪৮%ই ৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালাত সৰ্বাধিক ৫,২৬৬গৰাকীৰ বিপৰীতে মহাৰাষ্ট্ৰত ২,৫৮৫ আৰু কৰ্ণাটকত ৫২২গৰাকী লোক আক্ৰান্ত হৈছে৷

নতুনকৈ মৃত্যু হোৱা ক’ভিড ৰোগীৰ ৭৬.২৭% ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৪০জনৰ বিপৰীতে কেৰালাত ২১জন আৰু পশ্চিমবংগত ৯জনকৈ ৰোগীৰ মৃত্যু হৈছে৷

****

MV/SJ/DB


(Release ID: 1694012) Visitor Counter : 183