বিত্ত মন্ত্ৰালয়

শ্ৰম সংস্কাৰৰ ইতিহাসত ২০১৯ আৰু ২০২০ বৰ্ষটো এক মাইলৰ খুঁটিত পৰিণত হৈছে; ২৯ কেন্দ্ৰীয় শ্ৰম আইন একত্ৰীকৰণ, যুক্তিসংগত আৰু চাৰি শ্ৰম ক’ডক সৰলীকৰণ কৰা হৈছে

সমগ্ৰ ভাৰতত নিৱনুৱা হাৰ ২০১৭-১৮ৰ ৬.১ৰ পৰা ২০১৮-১৯ত ৫.৮শতাংলৈ হ্ৰাস পাইছে

ইপিএফঅ’ৰ মুঠ পেৰোল সংখ্যা অনুসৰি ২০১৮-১৯বৰ্ষত এই সংখ্যা ৬১.১লাখৰ বিপৰীতে ২০১৯-২০ বৰ্ষত ইপিএফঅ’ৰ সৈতে ৭৮.৫৮ লাখ নতুন উপভোক্তা অন্তৰ্ভূক্ত হৈছে

ক’ভিড-১৯ লকডাউনৰ সময়ত অনলাইনযোগে খুচুৰা ব্যৱসায় ব্যাপক বৃদ্ধিৰে অৰ্থনীতিৰ উত্থানত ভূমিকা পালন কৰিছে

Posted On: 29 JAN 2021 3:42PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত অৰ্থনৈতিক সমীক্ষা, ২০২০-২১ উত্থাপন কৰি কয় যে শ্ৰম সংস্কাৰৰ ইতিহাসত ২০১৯ আৰু ২০২০ বৰ্ষ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে, য’ত ২৯খন শ্ৰম আইনক একত্ৰীকৰণ, যুক্তিসংগত কৰাৰ লগতে ৪ শ্ৰম ক’ডক সৰলীকৰণ কৰা হৈছে৷ সেইবোৰ হৈছে- (১) দৰমহা সম্পৰ্কীয় ক’ড, ২০১৯, (২) ঔদ্যোগিক সম্পৰ্কীয় ক’ড, ২০২০ (৩) ব্যৱসায়িক সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মস্থিতি সম্পৰ্কীয় ক’ড ২০২০ আৰু (৪) সামাজিক সুৰক্ষা ক’ড, ২০২০৷ এই আইনসমূহ পৰিৱৰ্তিত বজাৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে ন্যূনতম দৰমহা প্ৰয়োজনীয়তা তথা অসংগঠিত খণ্ড(আত্ম-সংস্থাপন তথা প্ৰব্ৰজিত শ্ৰমিক)ৰ শ্ৰমিকৰ কল্যান সম্পৰ্কীয় প্ৰয়োজনীয়তাকো একত্ৰীকৰণ কৰা হৈছে৷

শ্ৰম বজাৰত ক’ভিড-১৯ প্ৰভাৱ

সাময়িক শ্ৰম বল সমীক্ষা (পিএলএফএছ), জানুৱাৰী-মাৰ্চ, ২০২০ৰ অনুসৰি দেশত ক’ভিড-১৯ৰ বাবে নগৰাঞ্চলত অংশকালীন শ্ৰমিকসকলৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছিল৷ ইয়াৰে অধিক সংখ্যকেই আছিল প্ৰব্ৰজিত শ্ৰমিক, যিসকলে লকডাউনৰ সময়ত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল৷ মে’-আগষ্ট, ২০২০ৰ সময়ছোৱাত শ্ৰমিকৰ বাবে বিশেষ ৰে’লগাড়ীৰ জৰিয়তে প্ৰায় ৬৩.১৯লাখ প্ৰব্ৰজিত শ্ৰমিকে যাত্ৰা কৰিছিল৷ ৰাজ্যসমূহত প্ৰবাসী তথা অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাবে সীমিত সংস্থাপন থকাৰ বাবে সেই শ্ৰমিকৰ সঠিক সংখ্যা অনুমান কৰাটো যথেষ্ট কঠিন, যিসকলে ক’ৰোনা মহামাৰীৰ সময়ত নিজৰ চাকৰি হেৰুওৱাই নহয়, থকাৰ বাবেও সমস্যাই দেখা দিছিল৷ যাৰ ফলত তেওঁলোকে ঘৰলৈ ঘুৰি আহিবলৈ বাধ্য হৈছিল৷ ভাৰত চৰকাৰে লকডাউনৰ পূৰ্বে তথা লকডাউনৰ সময়ত শ্ৰমিকসকলৰ কল্যানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে৷

সংস্থাপনৰ স্থিতি

এই সমীক্ষা অনুসৰি দেশত ২০১৮-১৯ বৰ্ষত শ্ৰমিকৰ সংখ্যা প্ৰায় ৫১.৮ কোটি টকা আছিল৷ ইয়াৰে ৪৮.৮ কোটি লোকৰ সংস্থাপন আছিল আৰু ৩ কোটি লোক সংস্থাপনহীন আছিল৷ ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষৰ মাজৰ সময়ছোৱাত শ্ৰমিক সংখ্যা ০.৮৫ কোটি বৃদ্ধি পায়৷ ইয়াৰে ০.৪৬ কোটি নগৰাঞ্চলত আৰু ০.৩৯ কোটি গ্ৰামাঞ্চলত বৃদ্ধি পায়৷ শ্ৰমিকৰ লিংগ আনুপাতিক হিচাপত ০.৬৪ কোটি পুৰুষ আৰু ০.২১ কোটি মহিলা শ্ৰমিক৷ শ্ৰমিকৰ সংখ্যাৰ হিচাপত ১.৬৪ কোটি বৃদ্ধি হৈছে, য’ত ১.২২ কোটি গ্ৰামাঞ্চলত আৰু ০.৪২ কোটি নগৰাঞ্চলত আছে৷

২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত নিৱনুৱা লোকৰ সংখ্যা ০.৭৯ কোটি হ্ৰাস পাইছে৷ ইয়াৰে অধিকাৰ মহিলা আৰু গ্ৰামাঞ্চলৰ লোক৷ মহিলা কৰ্মীৰ পৰিমাণ ২০১৭-১৮ বৰ্ষত ১৭.৫ শতাংশ আৰু ২০১৮-১৯ বৰ্ষত ১৮.৬শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰ জৰিয়তে এইটো প্ৰতিপন্ন হৈছে যে ২০১৮-১৯ বৰ্ষত চাকৰি যথেষ্ট বৃদ্ধি পাইছে৷

ইয়াৰে ২১.৫ কোটি লোকে কৃষি খণ্ডত সংস্থাপন লাভ কৰিছে, যিটো মুঠ সংস্থাপনৰ ৪২.৫শতাংশ৷ ইয়াৰ বিপৰীতে অন্যান্য সেৱা খণ্ডত ৬.৪ কোটি, নিৰ্মাণ আৰু ব্যৱসায়, হোটেল আৰু ৰেস্তোৰাঁত ৫.৯ কোটিকৈ লোকে সংস্থাপন লাভ কৰিছে৷ নিৰ্মাণ খণ্ডত ২০১৮-১৯ বৰ্ষত ৫.৭ কোটি লোকে সংস্থাপন লাভ কৰিছে৷

সমীক্ষা অনুসৰি সংস্থাপন লাভ কৰা লোকসকলৰ প্ৰায় ২৫ কোটিয়ে আত্মসংস্থাপন লাভ কৰিছে আৰু ১২.২ কোটি লোকে দৰমহা লাভ কৰা আৰু ১১.৫ কোটি লোক অংশকালীন শ্ৰমিক আছিল৷ নিয়মীয়া দৰমহা লাভ কৰা কৰ্মচাৰীৰ তুলনাত গ্ৰামীণ আৰু নগৰাঞ্চলত মহিলা আৰু পুৰুষৰ সংখ্যা বৃদ্ধি পাইছে৷ ২০১৭-১৮ বৰ্ষৰ ৫২.১ শতাংশৰ বিপৰীতে ২০১৮-১৯ বৰ্ষত ৫৪.৭ শতাংশ সংস্থাপন বৃদ্ধিয়ে সংস্থাপনৰ ক্ষেত্ৰত কৰা সংস্কাৰকে ইংগিত বহন কৰে৷ এই সময়ছোৱাত অংশকালীন শ্ৰমিকৰ সংখ্যাও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷

সমীক্ষাত এইটো পৰিলক্ষিত হৈছে যে ত্ৰিমাসিত আধাৰত পিএলএফএছত কেৱল নগৰীয়া অঞ্চলক সামৰি লোৱা হৈছে৷ সেই অনুসৰি ২০১৯ বৰ্ষৰ জানুৱাৰী-মাৰ্চৰ তুলনাত ২০২০ৰ জানুৱাৰী-মাৰ্চত নিয়মীয়া দৰমহা লাভ কৰা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পাইছে৷ এই সময়ছোৱাত অংশকালীন শ্ৰমিকৰ সংখ্যাও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷

আনুষ্ঠানিক সংস্থাপন

সমীক্ষাত এইটো কোৱা হৈছে যে ২০২০ বৰ্ষৰ ২০ ডিচেম্বৰত কৰ্মচাৰী ভৱিষ্য নিধিত মুঠ পেৰোল সংখ্যা অনুসৰি ২০১৯-২০ বৰ্ষত এই সংস্থাত ৭৮.৫৮ কোটি লোকৰ নাম অন্তৰ্ভূক্ত হৈছে আৰু ২০১৮-১৯ বৰ্ষত এই সংখ্যা আছিল ৬১.১ লাখ৷ ২০২০ বৰ্ষত ১৪.২লাখ নতুন লোকে সংস্থাপন লাভ কৰিছে৷

নিৱনুৱা

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত সকলো বৰ্ষৰ নিৱনুৱাৰ হাৰ ২০১৭-১৮ বৰ্ষত ৬.১শতাংশৰ পৰা সামান্য হ্ৰাস পাই ২০১৮-১৯ বৰ্ষত ৫.৮শতাংশ হৈছে৷ এই হাৰ সকলো শ্ৰেণীৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছে৷

নিৱনুৱাৰ সংখ্যা অৰুণাচল প্ৰদেশ, মনিপুৰ আৰু বিহাৰত উচ্চ হোৱাৰ বিপৰীতে গুজৰাট, কৰ্ণাটক, পশ্চিমবংগ আৰু ছিকিমত এই সংখ্যা নিম্ন৷ এই সমীক্ষাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নগৰাঞ্চলৰ তুলনাত গ্ৰামীণ ক্ষেত্ৰত নিৱনুৱাৰ সংখ্যা কম৷

কামৰ পৰিৱৰ্তিত প্ৰকৃতিঃ গিগ আৰু প্লেটফৰ্ম শ্ৰমিক

সমীক্ষাত কোৱা হৈছে যে কৌশলৰ পৰিৱৰ্তন, নতুন আৰ্থিক কাম-কাজ, আন্তঃগাঁথনিমুলক দিশত নতুনত্ব অনাৰ লগতে নতুন ব্যৱসায়িক আৰ্হিৰ ফলত কামৰ প্ৰকৃতিগত পৰিৱৰ্তন আহিছে৷ ডিজিটেল প্লেটফৰ্মত সংস্থাপন সৃষ্টিতো যথেষ্ট সফলতা পৰিলক্ষিত হৈছে৷ পাৰম্পৰিক কাৰকৰ বাদে এই নতুন কাৰকসমূহৰ জৰিয়তে উপভোক্তা আৰু সেৱা প্ৰদানকাৰীসকলৰ বাবে যথেষ্ট পৰিমাণে সুযোগ সৃষ্টি কৰিছে৷ বিশ্বৰত ভাৰত এনে বৃহৎ দেশ হিচাপে ধৰা দিছে, য’ত পৰিৱৰ্তনশীল ষ্টাফ আছে আৰু কৰ্মচাৰীৰ সাল-সলনি অতি সহজতে কৰিব পাৰি৷

ক’ভিড-১৯ৰ বাবে বলবৎ কৰা লকডাউনৰ সময়ছোৱাত গিগ অৰ্থনীতিৰ বৰ্ধিত ভূমিকা অনলাইন খুচুৰা ব্যৱসায়ৰ ব্যাপক বৃদ্ধিকে সুচাইছে৷ লকডাউনৰ সময়ত নিয়োগৰাকীসকলে নিজৰ কৰ্মচাৰীসকলে ঘৰৰ পৰা কাম কৰাটোকে নিৰ্ধাৰণ কৰিলে আৰু ইয়াৰ বাবে কৰ্মচাৰী হ্ৰাস কৰে৷ বিভিন্ন সংস্থাপন প্ৰদানকাৰী প্লেটফৰ্ম যেনে-অ’লা, উবেৰ, ছুইগি, বিগ বাস্কেট আৰু পিজ্জাহাটে এই সময়ছোৱাত সম্পূৰ্ণ ক্ষমতা প্ৰতিফলিত কৰে৷ যাৰফলত ভাৰতৰ শ্ৰমিকসকলৰ মাজত গিগ অৰ্থনীতি যথেষ্ট জনপ্ৰিয় হৈ পৰে৷

আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা(এবিআৰৱাই)

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ এক ঘটক হিচাপে ২০২০ৰ নৱেম্বৰত আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ মুঠ ২২,৮১০ কোটি টকা এক পেকেজ ঘোষণা কৰা হয় আৰু ইয়াৰ ম্যাদ ২০২৩ৰ ৩১মাৰ্চলৈকে ধাৰ্য কৰা হৈছে৷ এই যোজনাই এইদৰে ধনাদায় কৰিব-(১) পূৰ্ণকালীন কৰ্মচাৰী আৰু নিয়োগকাৰী অংশ(কৰ্মচাৰীৰ ১২শতাংশ ইপিএফ আৰু নিয়োগকাৰী ১২ শতাংশ ইপিএফ)-যিসমূহ প্ৰতিষ্ঠানত ১,০০০ কৰ্মচাৰী আছে, সেইসমূহত নতুন কৰ্মচাৰীৰ বাবে ইপিএফৰ ২৪ শতাংশ প্ৰদান কৰিব৷ ২০২০ৰ অক্টোবৰৰ পৰা ২০২১ৰ জুনৰ মাজৰ সময়ছোৱাত সংস্থাপন প্ৰদান কৰা প্ৰতিষ্ঠানৰ বাবে এই সুবিধা উপলব্ধ হ’ব, (২) যিসমূহ সংগঠন (২০২০ৰ অক্টোবৰৰ পৰা ২০২১ৰ জুনলৈকে) ১,০০০তকৈ অধিক কৰ্মচাৰী আছে, তাত নতুন কৰ্মচাৰীৰ বাবে দৰমহাৰ কেৱল কৰ্মচাৰী ইপিএফ অংশদান (১২%) আৰু ক’ভিড-১৯ৰ বাবে সংস্থাপন হেৰুওৱা কৰ্মচাৰীক পুনৰ সংস্থাপন দিয়া প্ৰতিষ্ঠানৰ ক্ষেত্ৰত৷

অন্যান্য উপায়

অৰ্থনৈতিক সমীক্ষাত হোৱা হৈছে যে সংগঠিত খণ্ডত কৰ্মচাৰীক ৰেহাই প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ ২৮ মাৰ্চত এক অধিসুচনা জাৰি কৰিছিল, য’ত কৰ্মচাৰীয়ে তেওঁলোকৰ বকেয়া ৰাশিৰ ৭৫শতাংশ ধন নন-ৰিফাণ্ডেবল এডভান্স হিচাপে ল’ব পাৰিব৷ ইপিএফঅ’ৰ ৫৩.৬২লাখ সদস্যই ২০২০ৰ ৯ ডিচেম্বৰলৈকে অনলাইনৰ মাধ্যমেৰে এই সুবিধা আদায় কৰে৷ ইয়াৰ ফলত ইতিমধ্যে ১৩,৫৮৭.৫৩ কোটি টকা ইপিএফঅ’ৰ একাউণ্টৰ পৰা উলিয়াইছে৷

ইপিএফঅ’ আৰু এমপি অধিনিয়ম, ১৯৫২ৰ আওঁতাত অন্তৰ্ভূক্ত সকলো শ্ৰেণীৰ প্ৰতিষ্ঠানৰ বাবে মে’, জুন আৰু জুলাই, ২০২০ৰ দৰমহাৰ মাহিলী অংশৰ ১২শতাংশৰ ১০ শতাংশ বিধিগত ৰেহাই আত্মনিৰ্ভৰ পেকেজৰ এক অংশ হিচাপে ঘোষিত কৰা হৈছিল৷ ইপিএফ অংশৰ হাৰ কমৰ অৰ্থ হৈছে ৪.৩ কোটি কৰ্মচাৰী আৰু ৬.৫ লাখ প্ৰতিষ্ঠানৰ নিয়োগকাৰীক লাভ প্ৰদান কৰা, যাতে এনে কঠিন সময়ত তেওঁলোকে নগদী সংকটৰ মোকাবিলা কৰিব পাৰে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ বিত্তীয় সাহায্য ভৱন আৰু নিৰ্মাণ শ্ৰমিক(বিঅ’চিডব্লিউ)সকলক প্ৰদান কৰা হৈছিল, য’ত অধিকাংশই প্ৰব্ৰজিত শ্ৰমিক আছিল৷ এই ধনৰাশি বিঅ’চিডব্লিউৰ উপকৰ হিচাপে সংগ্ৰহ কৰা হৈছে৷ ইয়াৰ অধীনত ৩১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে প্ৰায় ২ কোটি শ্ৰমিকৰ বাবে নগদ লাভালাভ ঘোষণা কৰিছিল, যাৰদ্বাৰা প্ৰতি মাহত ১,০০০ৰ পৰা ৬,০০০ কোটি টকালৈকে ধাৰ্য কৰা হৈছিল আৰু প্ৰায় ৪,৯৭৩.৬৫ কোটি টকা এই লোকসকলক প্ৰদান কৰা হৈছিল৷

*****

RM/NB/SK/UD/DB



(Release ID: 1693445) Visitor Counter : 340