বিত্ত মন্ত্ৰালয়
দাৰিদ্ৰ প্ৰশমণক লক্ষ্যত লৈ অৰ্থনৈতিক প্ৰগতিৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব ভাৰতে : অৰ্থনৈতিক সমীক্ষা ২০২০-২১
ভাৰতৰ আৰ্থ-সামাজিক সূচকসমূহৰৰ সৈতে অৰ্থনৈতিক উন্নয়ণ আৰু অসাম্যই একে ধৰণৰ সম্পৰ্ককে পৰিদৃষ্টিত কৰাইছে
Posted On:
29 JAN 2021 3:41PM by PIB Guwahati
“কৰিব পৰা সকলোখিনিকে সম্পাদন কৰি দেশৰ দুখীয়াসকলক দাৰিদ্ৰৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰাৰ লক্ষ্যৰেই অৰ্থনৈতিক প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব ভাৰতে”। অৰ্থনৈতিক প্ৰগতিৰ উদ্দেশ্য সন্দৰ্ভত নিৰ্দ্ধাৰণ কৰা উদ্দেশ্য স্পষ্ট কৰি কেন্দ্ৰীয় বিত্ত আৰু ক’ৰ্পোৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি ২০২০-২১বিত্তীয় বৰ্ষৰ বাবে যুগুতোৱা ‘অৰ্থনৈতিক সমীক্ষা’ৰ প্ৰতিবেদনখন সংসদত দাখিল কৰে।
অৰ্থনৈতিক সমীক্ষাই এহাতে যদি সমাজত অব্যাহত থকা অসমতুলতা আৰু আৰ্থ-সামাজিক পৰিণতিৰ তথ্য দাঙি ধৰিছে. আনহাতে আকৌ উন্নত অৰ্থনীতিৰ দেশসমূহৰ পৰা ভাৰতৰ অৰ্থনৈতিক প্ৰগতি আৰু আৰ্থ-সামাজিক পৰিণতি যে পৃথক সেই তথ্যও বিশ্লেষণ কৰিছে। ভাৰতত আৰ্থ-সামাজিক সূচকসমূহৰ ওপৰত অৰ্থনৈতিক উন্নয়ণ আৰু সন্মিলিত অসমতুলতাৰ প্ৰভাৱ উন্নত অৰ্থনীতিৰ দেশসমূহৰ দৰে একে নহয়।
সামাজিক অসমতুলতা আৰু জন-মূৰি আয়ৰ সৈতে দেশৰ ৰাজ্যসমূহত বৰ্তি থকা স্বাস্থ্য, শিক্ষা, আয়ু-কাল, শিশু মৃত্যুৰ হাৰ, জন্ম আৰু মৃত্যুৰ হাৰ, জনন ক্ষমতা, অপৰাধ, ঔষধৰ ব্যৱহাৰ আৰু মানসিক-স্বাস্থ্যৰ দৰে সূচকসমূহৰ স্থিতি বিশ্লেষণৰ আধাৰত ‘অৰ্থনৈতিক সমীক্ষা’ত এই সিদ্ধান্তত উপনীত হোৱাৰ ইংগিত দিয়া হৈছে। বিশ্লেষণটোত ভাৰতৰ আৰ্থ-সামাজিক সূচকসমূহৰৰ সৈতে অৰ্থনৈতিক উন্নয়ণ আৰু অসাম্যই একে ধৰণৰ সম্পৰ্ককে পৰিদৃষ্টিত কৰাইছে বুলি উল্লেখ কৰা হৈছে। এই বিশ্লেষণৰ ভিত্তিতে ভাৰতৰ ‘অৰ্থনৈতিক সমীক্ষা ২০২০-২১’ত উল্লেখ কৰা হৈছে, ‘অসমতুলতাতকৈ দাৰিদ্ৰ প্ৰশমণৰ ক্ষেত্ৰতহে অৰ্থনৈতিক উন্নয়ণৰ বহুত ডাঙৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰাজ্য পৰ্যায়ত নিৰ্ণিত জন-মূৰি আয়ে দেশৰ অৰ্থনৈতিক উন্নয়ণক প্ৰতিনিধিত্ব প্ৰদান কৰে’।
ভাৰত আৰু চীনৰ অৰ্থনৈতিক উন্নয়ণে উচ্চ হাৰত সম্ভৱ হোৱা উন্নয়ণৰ ধাৰাই লক্ষণীয় হাৰত দাৰিদ্ৰ দূৰীকৰণৰ ইংগিত প্ৰদান কৰিছে বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে।
উন্নয়ণৰ নীতিত প্ৰদান কৰা গুৰুত্বই পুনৰ বিতৰিত উদ্দেশ্যসমূহক কম গুৰুত্বপূৰ্ণ বুলি প্ৰতিপন্ন নকৰে বৰং অৰ্থনীতিৰ পৰিসৰ বৃদ্ধি পোৱা উন্নয়ণশীল অৰ্থনীতিৰ দেশসমূহত পুনৰ বিতৰণ সম্ভৱ হয় বুলিহে সমীক্ষাটোত মন্তব্য কৰা হৈছে।
উন্নয়ণৰ সম্ভাৱনীয়তা অধিক থকা আৰু দাৰিদ্ৰ দূৰীকৰণ-ক্ষেত্ৰৰ বাহুল্য থকা ভাৰতৰ দৰে উন্নয়ণশীল অৰ্থনীতিৰ দেশসমূহে অৰ্থনৈতিক পৰিসৰ সম্প্ৰসাৰিত কৰিব পৰাকৈ উন্নয়ণৰ হাৰ দ্ৰুত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব বুলি ২০২০-২১বৰ্ষৰ সমীক্ষাটোত পৰামৰ্শ দান কৰা হৈছে।
******
RM/NB/SC/UD/KB
(Release ID: 1693440)
Visitor Counter : 226