বিত্ত মন্ত্ৰালয়

কোভিড-১৯ মহামাৰীৰ সময়ত বৃহৎ স্তৰত অনলাইন শিক্ষা প্ৰদান কৰা হয়ঃ অৰ্থনৈতিক সমীক্ষা ২০২০-২১

গ্ৰামীণ ভাৰতত স্কুলীয়া বিদ্যাৰ্থীৰ ওচৰত স্মাৰ্ট ফোনৰ সংখ্যা ২০১৮ত ৩৬ .৫%ৰ তুলনাত ২০২০ত বাঢ়ি ৬১.৮% হ'ল

Posted On: 29 JAN 2021 3:43PM by PIB Guwahati

 কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত অৰ্থনৈতিক সমীক্ষা ২০২০-২১ দাখিল কৰি কয় যে কোভিড-১৯ মহামাৰীৰ সময়ত ব্যাপক স্তৰত অনলাইন শিক্ষাই উদগণি লাভ কৰে। অক্টোবৰ, ২০২০ত প্ৰকাশিত বাৰ্ষিক শিক্ষা স্থিতি ৰিপ'ৰ্ট (এএছইআৰ)-২০২০ চৰণ-১ (গ্ৰামীণ)ৰ উল্লেখ কৰি সমীক্ষাত কোৱা হৈছে যে গ্ৰামীণ ভাৰতত চৰকাৰী আৰু প্ৰাইভেট স্কুলত অন্তৰ্ভুক্ত বিদ্যাৰ্থীৰ ওচৰত স্মাৰ্ট ফোনৰ সংখ্যাত ব্যাপক বৃদ্ধি নথিভুক্ত কৰা হৈছে। ২০১৮ত ৩৬.৫% বিদ্যাৰ্থীৰ ওচৰত হে স্মাৰ্ট ফোন আছিল, সেয়া ২০২০ত ৬১.৮% বিদ্যাৰ্থীৰ ওচৰত স্মাৰ্ট ফোন আছিল। সমীক্ষাত পৰামৰ্শ দিয়া হয় যে উচিত ব্যৱহাৰ যদি কৰা হৈছে তেন্তে চহৰীয়া আৰু গ্ৰামীণ, লৈংগিক, বয়স আৰু উপাৰ্জন সমূহৰ মাজত ডিজিটেল ভেদভাব আৰু শৈক্ষিক পৰিণামত পাৰ্থক্য সমাপ্ত হ'ব।

 

কোভিড-১৯ মহামাৰীৰ  সময়ত শিশুসকলক শিক্ষা প্ৰদান কৰিবৰ বাবে চৰকাৰে কেইবাটাও সকাৰাত্মক পদক্ষেপ গ্ৰহণ কৰে। এই দিশত এটা মহত্বপূৰ্ণ পদক্ষেপ হৈছে পিএম-ইবিদ্যাৰ আৰম্ভণি। ইয়াৰ জৰিয়তে বিদ্যাৰ্থী আৰু অধ্যাপকসকলৰ বাবে ডিজিটেল/অনলাইন/অন এয়াৰ শিক্ষাৰ বাবে বহু-আয়ামী আৰু সমতাৰ সুযোগ প্ৰাপ্ত হৈছে। ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় সংস্থা (এনআইঅ'এছ)ৰে সম্পৰ্কযুক্ত মুক (এম অ' অ' চি এছ)ৰ জৰিয়তে প্ৰায় ৯২টা অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰা হয় আৰু ১.৫ কোটি বিদ্যাৰ্থীয়ে নিজৰ নাম লিখায়। কোভিড-১৯ৰ প্ৰভাৱ সমাপ্ত কৰিবৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক ডিজিটেল মাধ্যমত অনলাইন শিক্ষা প্ৰদান কৰিবলৈ ৮১৮.১৭ কোটি টকা আৱণ্টন কৰা হয়। সমগ্ৰ শিক্ষা যোজনাৰ জৰিয়তে শিক্ষকসকলক অনলাইন অধ্যাপক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ২৬৭.৮৬ কোটি টকা জাৰি কৰা হয়। কোভিড মহামাৰীৰ কাৰণে স্কুল বন্ধ হোৱাত বিদ্যাৰ্থীসকলক ঘৰতে অনলাইন শিক্ষা প্ৰদান কৰিবৰ বাবে ডিজিটেল শিক্ষাৰ ওপৰত প্ৰজ্ঞতা (পিআৰএজিৱাইএটিএ) দিশ নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানত মনোবিজ্ঞানী সাহায্যৰ বাবে মনোদৰ্পণ পদক্ষেপ আৰম্ভ কৰা হৈছে।

 

অৰ্থনৈতিক সমীক্ষা ২০২০-২১ৰ অনুসৰি, ভাৰতত অহা দশকলৈকে বিশ্বৰ সৰ্বাধিক যুৱক-যুৱতীৰ জনসংখ্যা হ'ব। সেয়ে দেশৰ ভৱিষ্যৎ তৈয়াৰ কৰিবৰ বাবে এই যুৱক-যুৱতীসকলৰ বাবে উচ্চ মানসম্পন্ন শিক্ষা প্ৰদান কৰাৰ ক্ষমতা বিকশিত কৰিব লাগিব (ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০)। য়ু-ডিআইএছই ২০১৮-১৯ৰ মতে ৯.৭২ লাখ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ভৌতিক আন্তঃগাঁথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। ইয়াৰে ৯০.২% বিদ্যালয়ত ছোৱালীৰ বাবে শৌচালয় আৰু ৯৩.৭ % বিদ্যালয়ত ল'ৰাৰ বাবে শৌচালয়ৰ ব্যৱস্থা আছে। ৯৫.৯% স্কুলত খোৱা পানীৰ সুবিধা আছে। ৮২.১% বিদ্যালয়ত খোৱা, শৌচালয় আৰু হাত ধুবৰ বাবে পানী উপলব্ধ। ৮৪.২% স্কুলত চিকিৎসা সন্ধানৰ সুবিধা আছে। ২০.৭% স্কুলত কম্পিউটাৰ আৰু ৬৭.৪%ত বিদ্যুতৰ কানেকচন আৰু ৭৪.২% স্কুলত ৰেম্পৰ সুবিধাৰ লগতে অন্য সুবিধাসমূহো উপলব্ধ।

 

সমীক্ষা অনুসৰি ভাৰতে প্ৰাথমিক স্কুল স্তৰত ৯৬% সাক্ষৰতাৰ হাৰ আহৰণ কৰিছে। ৰাষ্ট্ৰীয় নমুনা সমীক্ষা (এনএছএছ)ৰ মতে, অখিল ভাৰতীয় স্তৰত সাত বছৰ আৰু তাৰ অধিক বয়সৰ মাজত সাক্ষৰতাৰ হাৰ ৭৭.৭%। হিন্দু আৰু মুছলমান বৰ্গৰ মহিলাসহ অনুসূচিত জাতি, জনজাতি, অন্য পিছপৰা শ্ৰেণীৰ মহিলাৰ সাক্ষৰতাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম।

 

চৰকাৰী স্কুল আৰু প্ৰতিষ্ঠানত প্ৰতিযোগী পদ্ধতিৰে মানসম্পন্ন আৰু লাভজনক শিক্ষা উপলব্ধ কৰাবৰ বাবে চৰকাৰে ৩৪ বছৰৰ পুৰণা ৰাষ্ট্ৰীয় শিক্ষা নীতি-১৯৮৬ৰ ঠাইত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ ঘোষণা কৰে। নতুন শিক্ষা নীতিৰ উদ্দেশ্য হৈছে দেশত স্কুলীয়া আৰু উচ্চ শিক্ষা প্ৰণালীত বৃহৎ পৰিৱৰ্তনকাৰী সংশোধনৰ পথ প্ৰশস্ত কৰা। ইয়াৰ উদ্দেশ্য হৈছে দেশৰ যিকোনো অংশত থকা সকলো বিদ্যাৰ্থীক মানসম্পন্ন শিক্ষা প্ৰদান কৰা। দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ প্ৰান্তীয় বিদ্যাৰ্থীসকলক ইয়াত গুৰুত্ব দিয়া হৈছে। ২০২০-২১ৰ সময়ত স্কুলীয়া শিক্ষাৰ বাবে যোজনা আৰু কাৰ্যক্ৰমত সমগ্ৰ শিক্ষা, শিক্ষকসকলৰ ক্ষমতা নিৰ্মাণ, ডিজিটেল শিক্ষাৰ ওপৰত মনোযোগ দিয়া, বিদ্যালয়ৰ আন্তঃগাঁথনি শক্তিশালী কৰা, বালিকা শিক্ষাৰ ওপৰত মনোযোগ দিয়া, সমাবেশৰ ওপৰত মনোযোগ, খেল আৰু শাৰীৰিক শিক্ষা আৰু ক্ষেত্ৰীয় সমতাৰ ওপৰত মনোযোগ দিয়া।

 

কৌশল শিক্ষাঃ

অৰ্থনৈতিক সমীক্ষা ২০২০-২১ৰ অনুসৰি, ১৫ৰ পৰা ৫৯ বছৰ বয়সৰ কামিলাসকলৰ মাজৰ পৰা কেৱল ২.৪% লোকেহে ব্যৱসায়িক/কাৰিকৰী প্ৰশিক্ষণ লৈছে আৰু ৮.৯% অন্য লোকে অনানুষ্ঠানিকভাৱে প্ৰশিক্ষণ লৈছে। এই ৮.৯% কামিলা লোকৰ ৩.৩%য়ে কামৰ সময়ত প্ৰশিক্ষণ লৈছে, ২.৫% লোকে স্ব-প্ৰশিক্ষণ আৰু ২.১% লোকে বংশানুক্ৰমিক তথা ১% লোকে অন্য স্ৰোতৰ পৰা প্ৰশিক্ষণ লৈছে।

 

যিসকল লোকে আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ লৈছে তাৰ অধিকাংশ মহিলা আৰু পুৰুষে আইটি-আইটিআইএছৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইয়াৰ পিছত পুৰুষৰ মাজত ইলেক্ট্ৰিকেল শক্তি, ইলেকট্ৰনিকছ, মেকানিকেল ইঞ্জিনিয়াৰিং, ৰণনীতিগত উৎপাদন, অটো, কাৰ্যালয় আৰু ব্যৱসায়ৰে সম্পৰ্কযুক্ত পাঠ্যক্ৰম বাছি লয়। মহিলাসকলৰ মাজত বস্ত্ৰ, হস্ততাঁত-পৰিধান, কাৰ্যালয় আৰু ব্যৱসায়ৰে সম্পৰ্কযুক্ত স্বাস্থ্য সেৱা আৰু জীৱন বিজ্ঞানৰ লগতে শিশুৰ পুষ্টি আৰু প্ৰি-স্কুল ক্ৰেচ সম্পৰ্কীয় প্ৰশিক্ষণ লয়।

 

চৰকাৰে শেহতীয়াকৈ কৌশল বিকাশৰ বাবে কেইবাটাও আঁচনিগত সংস্কাৰ সাধন কৰিছে। সংযুক্ত কৌশল নিয়ামক-ৰাষ্ট্ৰীয় ব্যৱসায়ী শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদে কাম কৰিবলৈ আৰম্ভ কৰি দিছে। অক্টোবৰ ২০২০ত প্ৰথমবাৰ অধিক বিশ্বস্ত ৰূপত প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ দিশনিৰ্দেশনা জাৰি কৰা হৈছে। ২০২০-২১ত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় চৰণ আৰম্ভ কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে প্ৰবাসী কামিলাসকলৰ লগতে ৮ লাখ লোকক প্ৰশিক্ষণ প্ৰদান কৰা। ঔদ্যোগিক প্ৰশিক্ষণ সংস্থাৰ মানদণ্ডত সংশোধন আৰু পাৰদৰ্শিতাৰ বাবে গ্ৰেডিং ব্যৱস্থাৰ আৰম্ভ কৰা হৈছে। নতুন শিক্ষা নীতি-২০২০ত ব্যৱসায়িক শিক্ষা আৰু প্ৰশিক্ষণৰ আনুষ্ঠানিক শিক্ষাক শিক্ষাৰ সৈতে একীকৰণৰ পৰামৰ্শ দিয়া হৈছে। ইয়াত অহা পাঁচ বছৰত ৫০% স্কুল আৰু উচ্চ শিক্ষাত বিদ্যাৰ্থীক ব্যৱসায়ী শিক্ষাৰ সুযোগ দিয়াৰ লক্ষ্য আছে।

 

*******

 

                                        

RM/NB/SC/UD



(Release ID: 1693314) Visitor Counter : 2552