প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব

प्रविष्टि तिथि: 24 JAN 2021 3:27PM by PIB Guwahati

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে ২৫ জানুৱাৰী, ২০২১ত দুপৰীয়া ১২ বজাত বাৰ্তালাপ কৰিব। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব।

 

ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ জৰিয়তে শিশু শক্তি পুৰস্কাৰ প্ৰদান কৰে। নৱোন্মেষণ, শৈক্ষিক প্ৰাপ্তি, খেল, কলা আৰু সংস্কৃতি, সামাজিক সেৱা আৰু সাহসিকতাৰ ক্ষেত্ৰত অসাধাৰণ ক্ষমতা আৰু উকৃষ্ট প্ৰাপ্তিযুক্ত শিশুক বাল শক্তি পুৰস্কাৰ প্ৰদান কৰা হয়। এই বছৰ, বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শ্ৰেণীৰ জৰিয়তে দেশজুৰি ৩২ আবেদনকাৰীক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ-পিএমআৰবিপি-২০২১ৰ বাবে বাছনি কৰা হৈছে।

 

********

DS/AKJ


(रिलीज़ आईडी: 1692043) आगंतुक पटल : 204
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam