উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ক’ভিড-পৰৱৰ্তী উত্তৰ-পূৰ্বাঞ্চল প্ৰিয় পৰ্যটন আৰু বাণিজ্য স্থান হৈ উঠিবঃ ডাঃ জিতেন্দ্ৰ সিং

উত্তৰ পূব পৰিষদৰ ৬৯ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সমাপ্তি

Posted On: 24 JAN 2021 4:17PM by PIB Guwahati

২০২১ ৰ ২৩ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে উদ্বোধন কৰা উত্তৰ পূব পৰিষদৰ ৬৯ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আজি সফল সমাপ্তি ঘটে।

এনইচিৰ এই দুদিনীয়া অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থে সৰ্বাংগীন উন্নয়নমূলক পৰিকল্পনাত গুৰুত্ব আৰোপ আৰু অঞ্চলটোত ৰূপায়ণ হৈ থকা ভিন্ন প্ৰকল্পৰ অদ্যপি অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিনিয়োগ বৃদ্ধি আৰু ইজ অৱ ডুয়িং বিজনেছত ৰেংকিঙৰ অগ্ৰগতি সন্দৰ্ভতো গুৰুত্ব সহকাৰে আলোচনা চলে। ভিন্ন কাৰিকৰী সত্ৰত, উত্তৰ পূৰ্বাঞ্চলৰ জীৱিকা, উদ্যোগশীলতা, আন্তঃগাঁথনি, যোগাযোগ আৰু আন সম্পৰ্কীয় ক্ষেত্ৰসমূহৰে জড়িত উন্নয়নমূলক প্ৰকল্পসমূহে স্থান লাভ কৰে।

সামৰণি অনুষ্ঠান সম্বোধন কৰি, কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন (DoNER) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, পাৰ্ছনেল, ৰাজহুৱা অভিযোগ, পেন্সন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন সাধন আৰু আন উন্নত ৰাজ্যৰ শাৰীত ইয়াক উপনীত কৰাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি সম্পৰ্কে দোহাৰে।

ডাঃ জিতেন্দ্ৰ সিঙে উল্লেখ কৰে যে যোৱা ছয়-সাত বছৰত প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়ন সাধন হৈছে আৰু সমগ্ৰ দেশজুৰি উত্তৰ পূৰ্বাঞ্চল দ্ৰুত গতিৰে আগবাঢ়িছে বুলি সৰ্বসন্মত মতামত লাভ কৰা গৈছে। তেওঁ লগতে কয় যে এই প্ৰত্যাশা অধিক বেছি আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে লাভ কৰা সফলতাতকৈ অধিক বেছি সফলতা লাভ কৰিব খুজিছে। তেওঁ প্ৰত্যয়েৰে কয় যে গোটেইকেইখন ৰাজ্য় আৰু ভিন্ন মন্ত্ৰালয়ৰ সমৰ্পণেৰে, নিকট ভৱিষ্যতত উত্তৰ পূৰ্বাঞ্চলে সকলোবোৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। তেওঁ কয় যে বাস্তৱিকতে ড’নাৰ মন্ত্ৰালয়ৰ সতীৰ্থ আৰু সকলো পক্ষৰ সহায়েৰে উল্লেখিত আন সকলো প্ৰত্যাশা বৃদ্ধিৰ মাজতে তেওঁ এই প্ৰত্যাশা সন্দৰ্ভত ব্যক্ত কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছে।

ডাঃ জিতেন্দ্ৰ সিঙে কেন্দ্ৰীয় চৰকাৰখনৰ ভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে আগবঢ়োৱা প্ৰেজেনটেশ্যন আগ্ৰহেৰে শুনে আৰু উত্তৰ পূবৰ ৰাজ্যসমূহলৈ সম্ভাৱ্য সকলো সাহাৰ্য্য আগবঢ়াবলৈ মন্ত্ৰালয়সমূহৰ সচিবসকলক অনুৰোধ জনায়।

ডাঃ জিতেন্দ্ৰ সিঙে লগতে কয় যে মহামাৰী-পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বই বাণিজ্যৰ জৰিয়তে অৰ্থনৈতিক পুনৰুত্থানৰ আশা কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ বিকাশৰ কাহিনী সমৃদ্ধ কৰিব। ডাঃ সিঙে তদুপৰি কয় যে ক’ভিড-১৯ পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্যতম বাণিজ্য আৰু পৰ্যটন স্থান হৈ উঠিব আৰু বাঁহে অৰ্থনৈতিক ক্ৰিয়া-কলাপৰ মূল স্তম্ভ হ’বলৈ আগবাঢ়িছে। তথাপি তেওঁ আটাইকেইখন ৰাজ্যকে ক’ভিড পৰৱৰ্তী সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ থাকিবলগীয়া অনুকূল অৱস্থাৰ সৰ্বোত্তম প্ৰয়োগৰ অৰ্থে সাজু হ’বলৈ কয়।

মন্ত্ৰীজনে ভিন্ন মন্ত্ৰালয়ৰদ্বাৰা মোকলাই দিয়া পুঁজি ব্যৱহাৰ কৰিবলৈ ৰাজ্যকেইখনক আহ্বান জনাই ইয়াৰ জৰিয়তেহে আঁচনিসমূহৰ লাভা-লাভে অন্তিমজন লোকক স্পৰ্শ কৰিব বুলি কয়। মন্ত্ৰীজনে কয় যে এনইচিৰ অধীনত পুঁজিৰ ব্যৱহাৰৰ হাৰ উৎসাহজনক আৰু আন মন্ত্ৰালয়ৰ অধীনত অঞ্চলটোলৈ মুকলি কৰি দিয়া পুঁজিৰো সৰ্বোত্তম ব্যৱহাৰ হোৱাৰ আশা ব্যক্ত কৰে।

******



(Release ID: 1691910) Visitor Counter : 95