গৃহ মন্ত্ৰালয়

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকীত মহান স্বাধীনতা সংগ্ৰামীজনলৈ শ্ৰদ্ধা নিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

গুৱাহাটীত নেতাজীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু মুক্তি সেনানীজনক শ্ৰদ্ধা জনালে শ্ৰী অমিত শ্বাহে

সুভাষ বাবু একেধাৰে আছিল এজন প্ৰতিভাশালী ছাত্ৰ, আজন্ম দেশপ্ৰেমিক, সুদক্ষ প্ৰশাসক আৰু সংগঠক তথা অসামান্য যুঁজাৰু উদ্দীপনাৰে এজন নেতা, তেওঁৰ সাহসিকতা আৰু বীৰত্বই ভাৰতীয় স্বাধীনতা আন্দোলনক নতুন শক্তি প্ৰদান কৰিছিল

তেওঁ প্ৰতিকূলতাত মুগ্ধকাৰী নেতৃত্বৰে দেশখনৰ যুৱ শক্তিক সংগঠিত কৰিছিল
সমগ্ৰ ৰাষ্ট্ৰই নেতাজীৰ বীৰত্ব আৰু অদমনীয় যুঁজাৰু উদ্দীপনাৰ প্ৰতি চিৰকাল ঋণী হৈ থাকিব

তেওঁৰ জন্ম বাৰ্ষিকী ‘পৰাক্ৰম দিৱস’ হিচাপে উদযাপনৰদ্বাৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ অতুলনীয় শ্ৰদ্ধা নিবেদন কৰিছে

সুভাষ বাবুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী সমগ্ৰ দেশখনতে অত্যন্ত উৎসাহ আৰু উদ্দীপনাৰে পালন কৰা হ’ব যাৰ জৰিয়তে আহি থকা প্ৰজন্মই দীৰ্ঘ সময় ধৰি দেশখনৰ অৰ্থে নেতাজীৰ বৰঙণিক স্মৰণ কৰি থাকিব

এই অনুপ্ৰেৰণাৰে, নিযুত-নিযুত শিশুৱে দেশখনৰ উন্নয়নত বৰঙণি যোগাবলৈ সক্ষম হ’ব আৰু অনাগত সময়ত দেশখনক আত্মনিৰ্ভৰ কৰি তুলিব

Posted On: 23 JAN 2021 3:27PM by PIB Guwahati

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ জন্ম বাৰ্ষিকীত মহান স্বাধীনতা সংগ্ৰামীজনক শ্ৰদ্ধা জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে। শ্ৰী অমিত শ্বাহে আজি অসমৰ গুৱাহাটীত নেতাজীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু স্বাধীনতা আন্দোলনৰ মহান নেতাজনক শ্ৰদ্ধা জনায়।

এই কাৰ্যসূচীত, কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে সুভাষ বাবু একেধাৰে আছিল এজন প্ৰতিভাশালী ছাত্ৰ, আজন্ম দেশপ্ৰেমিক, সুদক্ষ প্ৰশাসক আৰু সংগঠক তথা অসামান্য যুঁজাৰু উদ্দীপনা সম্পন্ন এজন নেতা। তেওঁৰ সাহসিকতা আৰু বীৰত্বই ভাৰতীয় স্বাধীনতা আন্দোলনক নতুন শক্তি প্ৰদান কৰিছিল। তেওঁ প্ৰতিকূল পৰিস্থিতিত তেওঁৰ মুগ্ধকাৰী নেতৃত্বৰে দেশখনৰ যুৱ শক্তিক সংগঠিত কৰিছিল। স্বাধীনতা আন্দোলনৰ প্ৰতি সমৰ্পিত হৈয়ে, তেওঁ কলকাতাৰপৰা জাৰ্মানীলৈ ৭,০০০ কিঃমিঃ ৰৰোধিক দূৰত্ব পথেৰে আৰু প্ৰায় ২৭,০০০ কিঃমিঃ এখন চাবমেৰিনত যাত্ৰা কৰিছিল, এই সকলোবোৰে সুভাষ বাবুৰ অদম্য সাহসিকতাকে প্ৰতিফলিত কৰে।

শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ ৰাষ্ট্ৰই নেতাজীৰ বীৰত্ব আৰু অবিৰত সংগ্ৰামৰ প্ৰতি চিৰকাল ঋণী হৈ থাকিব। নেতাজীৰ জন্ম বাৰ্ষিকী পৰাক্ৰম দিৱস হিচাপে উদযাপনৰদ্বাৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ অতুলনীয় শ্ৰদ্ধা নিবেদন কৰিছে। মই দেশৰ সকলো লোকক পৰাক্ৰম দিৱসৰ শুভেচ্ছা জনালো। এই মহ দিনটোৰ ওলগ জনাইছো। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে সুভাষ বাবুৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী সমগ্ৰ দেশখনতে অত্যন্ত উসাহ আৰু উদ্দীপনাৰে পালন কৰা হব যাৰ জৰিয়তে আহি থকা প্ৰজন্মই দীৰ্ঘ সময় ধৰি দেশখনৰ অৰ্থে নেতাজীৰ বৰঙণিক স্মৰণ কৰি থাকিব শ্ৰী অমিত শ্বাহে লগতে কয় যে এই অনুপ্ৰেৰণাৰে, নিযুত-নিযুত শিশুৱে দেশখনৰ উন্নয়নত বৰঙণি যোগাবলৈ সক্ষম হব আৰু অনাগত সময়ত দেশখনক আত্মনিৰ্ভৰ কৰি তুলিব

*****

NW/RK/PK/AD/DDD/SB



(Release ID: 1691636) Visitor Counter : 96