কেবিনেট
সৌৰ শক্তিৰ ক্ষেত্ৰখনত ভাৰত আৰু উজবেকিস্তানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
20 JAN 2021 11:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক সৌৰ শক্তিৰ ক্ষেত্ৰত ভাৰত আৰু উজবেকিস্তানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰৰ বিষয়ে অৱগত কৰোৱা হৈছে৷
এই পদক্ষেপৰ জৰিয়তে ভাৰতৰ নেচনেল ইনষ্টিটিউট অব্ ছ’লাৰ এনাৰ্জী (এনআইএছই), নতুন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় তথা উজবেকিস্তানৰ ইণ্টাৰনেচনেলৰ ছ’লাৰ এনাৰ্জী ইনষ্টিটিউট (আইএছইআই)ৰ মাজত নিম্নোক্ত বিষয়সমূহ চিনাক্ত কৰা হৈছেঃ
ক) ছ’লাৰ ফটোভলটেইক
খ) ষ্ট’ৰেজ টেকন’ল’জীছ
গ) ট্ৰেন্সফাৰ অব্ টেকন’লজী
পাৰস্পৰিক চুক্তিৰ অধীনত দুয়ো পক্ষই আন্তৰ্জাতিক সৌৰ সহযোগিতা (আইএছএ)ৰ সদস্য দেশসমূহৰ পাইলট প্ৰকল্পৰ প্ৰণয়ন আৰু আৱণ্টনৰ ক্ষেত্ৰত কাম কৰিব৷
*********
DS/MANN
(रिलीज़ आईडी: 1690726)
आगंतुक पटल : 237
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam