প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মোদী চৰকাৰৰ অধীনত প্ৰধানমন্ত্ৰী-আৱাস যোজনাৰে উত্তৰ প্ৰদেশৰ জনসাধাৰণ লাভবান্বিত হৈছে

Posted On: 20 JAN 2021 3:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে কৈছে যে বৰ্তমান চৰকাৰৰ অধীনত পিএম আৱাস যোজনা দ্ৰুত গতিত আগবাঢ়িছে আৰু উত্তৰ প্ৰদেশত দুখীয়াক সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ জৰিয়তে ৬ লাখতকৈ অধিক লাভাৰ্থীক বিত্তীয় সাহায্য জাৰি কৰাৰ পিছত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ভাষণ দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে আত্মনিৰ্ভৰ ভাৰত দেশৰ নাগৰিকৰ আত্ম-বিশ্বাসৰ সৈতে পোনপটীয়াকৈ সংযুক্ত আৰু নিজৰ এটা ঘৰ হোৱাটোৱে এই আত্মবিশ্বাসক কেইবাগুণো বঢ়াই দিছে। নিজৰ-স্বামীত্বযুক্ত ঘৰে জীৱনত বিশ্বাস জন্মোৱাৰ লগতে দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ আশাও দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে যোৱা চৰকাৰৰ সময়ত, দুখীয়া লোকসকলৰ এই ভৰষা নাছিল যে চৰকাৰে তেওঁলোকৰ ঘৰ সজাত সহায় কৰিব পাৰে। তেওঁ লগতে কয় যে আগতে যোজনাত বনোৱা ঘৰ ভাল অৱস্থাত নাছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে দুখীয়া লোকসকলে ভুল নীতিৰ পৰিণাম ভূগিবলগা হ'ল। এই দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি, স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে প্ৰতিটো দুখীয়া পৰিয়ালক ঘৰ যোগান ধৰাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰা হৈছে। গ্ৰামীণ ক্ষেত্ৰসমূহত শেহতীয়া বছৰবিলাকত ২ কোটি আৱাস নিৰ্মাণ কৰা হৈছে, পিএম আৱাস যোজনাত ১.২৫ কোটি গৃহৰ সংযোগ হৈছে, য'ত কেন্দ্ৰীয় চৰকাৰৰ যোগদান প্ৰায় ১.৫ লাখ কোটি টকা।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যত যোৱা চৰকাৰসমূহৰ প্ৰতিক্ৰিয়াৰ অভাৱো স্মৰণ কৰে। তেওঁ কয় যে উত্তৰ প্ৰদেশত ২২ লাখ গ্ৰামীণ আৱাস নিৰ্মাণ কৰা হ'ব, য'ৰ পৰা ২১.৫ লাখ নিৰ্মাণৰ বাবে স্বীকৃতি দিয়া হৈছে। বৰ্তমান চৰকাৰৰ জৰিয়তে ১৪.৫ লাখ পৰিয়ালে নিজৰ ঘৰ লাভ কৰিছে।

*********

                                         

DS


(Release ID: 1690585) Visitor Counter : 195