প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ষ্টেচ্যু অব ইউনিটী’ৰ সৈতে হোৱা ৰে’ল-সংযোগ ব্যৱস্থাই পৰ্যটকসকলক উপকৃত কৰাৰ লগতে নিয়োগ সম্ভাৱনাৰো সৃষ্টি কৰিব : প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 17 JAN 2021 2:17PM by PIB Guwahati

কেৱড়ীয়াক সকলো দিশৰ পৰা ৰে’লৰে সংযোজিত কৰা কথাটো সকলোৰে বাবে স্মৰণীয় মূহূৰ্ত হৈ ৰ’ব বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গুজৰাটৰ কেৱড়ীয়াক সংযোজিত কৰি চলিবলগীয়া আঠখন ৰে’লগাড়ীৰ ‘ফ্লেগ-অফ’ কৰাৰ লগতে বহুকেইটা ৰে’ল-প্ৰকল্পৰ শুভাৰম্ভ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এই অভিমত ব্যক্ত কৰিছিল।

‘ভিডিঅ’ কনফাৰেন্স’ ব্যৱস্থাৰে সম্পন্ন কৰা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে কেৱড়ীয়াৰ সৈতে চেন্নাই, বাৰানসী, ৰেৱা, দাদৰ আৰু দিল্লীৰ লগতে কেৱড়ীয়া আৰু প্ৰতাপগড়ৰ মাজত চলিবলগতীয়া ‘মেমু-সেৱা’ তথা ডাভই-চানড়োড় আৰু চানড়োড়-কাৱাড়ীয়াৰ মাজত সংস্থাপিত নতুন ৰে’লপথছোৱাই কাৱাড়ীয়াৰ বিকাশৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। এই সকলোবোৰে পৰ্যটকসকলক উপকৃত কৰাৰ লগতে স্থানীয় আদিবাসীসকলকৰ বাবে ন ন কৰ্ম-সংস্থানৰ সম্ভাৱনা সৃষ্টি কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

এই ৰে’ল-সংযোগ ব্যৱস্থাই কাৰ্ণালী, পইচা আৰু নৰ্মদাত থকা গৰুড়েশ্বৰ দৰে ধৰ্মীয় স্থানসমূহকো সংযোজিত কৰিব। 

***

DS/KB


(रिलीज़ आईडी: 1689588) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam