গৃহ মন্ত্ৰালয়

কভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ ঐতিহাসিক উদ্বোধনৰ মূহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সকলো বিজ্ঞানীক অভিনন্দন জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত এক গুৰুত্বপূৰ্ণ পৰ্যায় অতিক্ৰম কৰিছে

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে ভাৰতৰ বিজ্ঞানীসকলৰ অপাৰ সম্ভাৱনা আৰু আমাৰ নেতৃত্বৰ শক্তি প্ৰদৰ্শন কৰিছে

মোদী জীৰ নেতৃত্বত 'নিউ ইণ্ডিয়া' হৈছে এনে এক ভাৰত যিয়ে দুৰ্যোগক সুযোগ আৰু প্ৰত্যাহ্বানক প্ৰাপ্তিলৈ ৰূপান্তৰিত কৰে

এই 'মেড ইন ইণ্ডিয়া' ভেকছিনটো আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰ পৰিচায়ক

ভাৰত হৈছে মানৱতাৰ বিৰুদ্ধে সৰ্ববৃহৎ সংকট নিৰাময়ৰ দিশত সফল হোৱা কেইখনমান দেশৰ ভিতৰৰ এখন

প্ৰতিজন ভাৰতীয়ই এই অভূতপূৰ্ব কৃতিত্বৰ বাবে গৌৰৱান্বিত আৰু এয়া হৈছে বৈশ্বিক মানচিত্ৰত নতুন আত্মনিৰ্ভৰ ভাৰতৰ উত্থান

এই ঐতিহাসিক দিনটোত আমাৰ সকলো ক’ৰোনা যোদ্ধাৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ

प्रविष्टि तिथि: 16 JAN 2021 2:40PM by PIB Guwahati

কভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান আৰম্ভ কৰাৰ ঐতিহাসিক মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰতিগৰাকী বিজ্ঞানীকে অভিনন্দন জনাইছে।

 

কেইবাটাও টুইটত শ্ৰী অমিত শ্বাহে কয় যে ‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত এক গুৰুত্বপূৰ্ণ পৰ্যায় অতিক্ৰম কৰিছে।বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে ভাৰতৰ বিজ্ঞানীসকলৰ অপাৰ সম্ভাৱনা আৰু আমাৰ নেতৃত্বৰ শক্তি প্ৰদৰ্শন কৰিছে।’

 

শ্ৰী অমিত শ্বাহে কয় যে ‘ভাৰত হৈছে মানৱতাৰ বিৰুদ্ধে সৰ্ববৃহৎ সংকট নিৰাময়ৰ দিশত সফল হোৱা কেইখনমান দেশৰ ভিতৰৰ এখন।প্ৰতিজন ভাৰতীয়ই এই অভূতপূৰ্ব কৃতিত্বৰ বাবে গৌৰৱান্বিত।’

 

তেওঁ লগতে কয় যে এয়া হৈছে বৈশ্বিক মানচিত্ৰত নতুন আত্মনিৰ্ভৰ ভাৰতৰ উত্থান।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে মোদীজীৰ নেতৃত্বত 'নতুন ভাৰত' হৈছে এক ভাৰত যি দুৰ্যোগক সুযোগ আৰু প্ৰত্যাহ্বানক প্ৰাপ্তিলৈ ৰূপান্তৰিত কৰে। এই ঐতিহাসিক দিনটোতে সকলো ক’ৰোনা যোদ্ধাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি শ্ৰী অমিত শ্বাহে কয় যে এই 'মেড ইন ইণ্ডিয়া' ভেকছিনটো আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰ পৰিচায়ক।

   

 *******************************************************

NW/PK/DDD/AD/KG


(रिलीज़ आईडी: 1689267) आगंतुक पटल : 242
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu