মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

দেশত এভিয়ান ইনফ্লুৱেঞ্জাৰ স্থিতি

Posted On: 15 JAN 2021 6:17PM by PIB Guwahati

১৫ জানুৱাৰী, ২০২১ৰ তথ্য মতে, মধ্যপ্ৰদেশৰ বঢ়মপুৰ, ৰাজগড়, দিনদৰি, ছিন্দৱাৰা, মাণ্ডলা, হাৰদা, ধৰ, সাগৰ আৰু ছাটনা জিলাত (কাউৰী আৰু পাৰ); উত্তৰাখণ্ডৰ ডেৰাডুন জিলাত (কাউৰী আৰু চিলা); দিল্লীৰ ৰোহিনীত (কাউৰী) আৰু ৰাজস্থানৰ জয়পুৰ চিৰিয়াখানাত (হাঁহ আৰু ব্লেক ষ্টৰ্ক) বনৰীয়া চৰাইৰ মাজত এভিয়ান ইনফ্লুৱেঞ্জা (এআই) নিশ্চিত কৰা হৈছে।

তদুপৰি, মধ্যপ্ৰদেশৰ হাৰদা জিলাৰ আনন্দ/ভগীৰথ কলসিয়া আৰু ছত্তিশগড়ৰ বালোড় জিলাৰ জি এছ পল্ট্ৰী ফাৰ্মত কুকুৰাৰ গাত এআই থকা বুলি প্ৰতিপন্ন হৈছে। দেশৰ মুঠ ১১খন ৰাজ্য এআইৰ দ্বাৰা আক্ৰান্ত হৈছে।

এই ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ বিভিন্ন হাতত পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে, জনসাধাৰণৰ মাজত এভিয়ান ইনফ্লুৱেঞ্জা সন্দৰ্ভত থকা ভ্ৰান্ত ধাৰণা আঁতৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ এনিমেল হাজবেণ্ডেৰী বিভাগসমূহৰ সৈতে ভিচিৰ বৈঠকৰ সৈতে সংগতি ৰাখি, সচিবে (ডিএএইচডি) ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্য সচিবসকল/প্ৰশাসকসকললৈ পত্ৰ লিখিছে যে এআই দেশৰ বাবে নতুন নহয় বৰং ২০০৬ৰ পৰা প্ৰতি বছৰে হৈ আহিছে। দেশে ফলপ্ৰসু ৰূপত এই ৰোগ নিয়ন্ত্ৰণ কৰি আহিছে। উল্লেখ কৰা হৈছে যে ৭০ ডিগ্ৰী চেণ্টিগ্ৰেডত এই ভাইৰাছ সহজে ধ্বংস হয় আৰু সেয়ে, সঠিকভাৱে সিজোৱা কুকুৰাৰ মাংস আৰু কুকুৰাৰ সামগ্ৰী মানুহৰ খাদ্য হিচাপে সুৰক্ষিত। একেদৰে, সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ ৰাজ্যসমূহক অনুৰোধ কৰা হৈছে যাতে নিষেধাজ্ঞা আৰোপ কৰা নহয় আৰু সকলো মুক্ত-অঞ্চল তথা  ৰাজ্যৰ পৰা অহা কুকুৰাৰ লগতে কুকুৰাৰ সামগ্ৰী বিক্ৰীৰ অনুমতি দিয়া হয়।

 

এপিএছ/এমজি



(Release ID: 1688967) Visitor Counter : 96