দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ তৃতীয় পৰ্যায়(পিএমকেভিওৱাই ৩.০) ৰ শুভাৰম্ভ হ’ব কাইলৈ

Posted On: 14 JAN 2021 10:38AM by PIB Guwahati

দেশৰ সকলো ৰাজ্যৰ ৬০০খন জিলাত কাইলৈ ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ তৃতীয় পৰ্যায়(পিএমকেভিওৱাই ৩.০)ৰ শুভাৰম্ভ ঘোষণা কৰা হ’ব। আঁচনিখনৰ এইটো পৰ্যায়ত নতুন যুগৰ প্ৰয়োজনীয়তা তথা কভিড-সম্পৰ্কীয় দক্ষতা বিকাশত বিশেষ গুৰুত্ব প্ৰদানৰ বাবে পৰিকল্পনা যুগুতাই উলিয়াইছে ‘দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ে’।

‘স্কীল ইণ্ডিয়া মিছন’ৰ অধীনত ৰূপায়িত হ’ব লগা ‘পিএমকেভিওৱাই ৩.০’ৰ জৰিয়তে ২০২০-২০২১ চনৰ কালছোৱাত ৯৪৮.৯০কোটি টকাৰ পুঁজিৰে ৮লাখ প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ‘দক্ষ পেছাদাৰী’ৰ এক শক্তিশালী গোট গঠনৰ বাবে দেশত থকা ৭২৯টা ‘প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ’, একাংশ তালিকাভুক্ত ‘অনা-প্ৰাধানমন্ত্ৰী কৌশল কেন্দ্ৰ’ আৰু ২০০খনৰো অধিক ‘ঔদ্যোগীক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ জৰিয়তে ‘পিএমকেভিওৱাই ৩.০’ আঁচনিখন ৰূপায়ণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।  ‘পিএমকেভিওৱাই ১.০’ আৰু ‘পিএমকেভিওৱাই ২.০’ৰ জৰিয়তে আহৰণ কৰা অভিজ্ঞতাৰ আধাৰত মন্ত্ৰালয়টোৱে অধিক উন্নত ভাবে সাম্প্ৰতিক প্ৰেক্ষাপটৰ উপযোগী বিধি-ব্যৱস্থা আৰু কভিড-আক্ৰান্ত বাতাবতবৰণটোৰ পুনৰুথ্থান কৰিব পৰাকৈ আঁচনিখনৰ নতুন পৰ্যায় ৩.০টোৰ পৰিকল্পনা যুগুতাই উলিয়াইছে।

২০১৫চনৰ ১৫ জুলাইত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্কীল ইণ্ডিয়া মিছন’ কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। পৰৱৰ্তি সময়ত ভাৰতক পৃথিৱীৰ বাবে ‘দক্ষজনৰ ৰাজধানী’ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰূপায়ণ কৰা ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’-ৰ দৰে ধ্বজাবাহী যোজনাৰ জৰিয়তে এই অভিযানে বিশেষ গতি লাভ কৰিবলৈ সক্ষম হয়।

 আঁচনিখনৰ তৃতীয়টো পৰ্যায় আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰিব দক্ষতা বিকাশ আৰু উদ্যমশীলতা বিভাগৰ মন্ত্ৰী ড০ মহেন্দ্ৰনাথ পাণ্ডেই। অনুষ্ঠানত বিভাগটোৰ ৰাজ্য মন্ত্ৰী  শ্ৰী ৰাজ কুমাৰ সিং উপস্থিত থাকিব। বিভাগটোৰ মন্ত্ৰীদ্বয়ৰ লগতে উপস্থিত সাংসদসকলে অনুষ্ঠানত সম্বোধন কৰিব।

তলত উল্লেখ কৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তে কাইলৈ দুপৰীয়া ১২.৩০বজাৰ পৰা এই অনুষ্ঠানৰ সৈতে জড়িত হ’ব পাৰিব :

PMKVY Facebook: www.facebook.com/PMKVYOfficial

Skill India Facebook: www.facebook.com/SkillIndiaOfficial

Skill India Twitter: www.twitter.com/@MSDESkillindia

Skill India YouTube: https://www.youtube.com/channel/UCzNfVNX5yLEUhIRNZJKniHg

 

>>>>>>>>>>>>>>>>>>>>>

BN/MR/KB



(Release ID: 1688558) Visitor Counter : 216