PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 13 JAN 2021 5:30PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতৰ সক্ৰিয় কেছলড অৱনমনৰ ধাৰা অব্যাহত; ১৯৭ দিনৰ পাছত ২.১৪ লাখ, যোৱা ২৪ ঘন্টাত দৈনিক নতুন ঘটনা ১৫,৯৬৮ টা

আজি ভাৰতৰ সক্ৰিয় কেছলড ২.১৪ লাখ (২,১৪,৫০৭) লৈ অৱনমিত হয়। সক্ৰিয় ঘটনা মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ২.০৪% য়া ১৯৭ দিনৰ পাছত সৰ্বনিম্ন। ২০২০ ৰ ৩০ জুনত মুঠ সক্ৰিয় ঘটনা আছিল ২,১৫,১২৫ টা। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় ঘটনাৰপৰা ২০৫১ টা ঘটনা হ্ৰাস পায়। ভাৰতৰ দৈনিক ঘটনা দৈনিক ভিত্তিত একেৰাহে হ্ৰাস পাই আহিছে। যোৱা ২৪ ঘন্টাত সমগ্ৰ দেশত দৈনিক নতুন ঘটনাৰ সংখ্যা ১৬,০০০ তকৈ কম (১৫,৯৬৮) টা। অন্যহাতেদি, যোৱা ২৪ ঘন্টাত আৰোগ্য লাভৰ ঘটনা ১৭,৮১৭ টা। নতুন ঘটনাতকৈ আৰোগ্য লাভৰ আধিক্যই সক্ৰিয় ঘটনা হ্ৰাস নিশ্চিত কৰিছে। মুঠ আৰোগ্য লাভৰ ঘটনা হৈছে ১০,১২৯,১১১ টা যাৰ জৰিয়তে আৰোগ্য লাভৰ হাৰ ৯৫.৫১% হৈছে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু বৰ্তমানে ৯৯,১৪,৬০৪ টা হৈছে। নতুন আৰোগ্য লাভৰ ঘটনাৰ ৮১.৮৩% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৪,২৭০ আৰোগ্যৰে কেৰালাত এদিনত আৰোগ্যৰ সংখ্যা সৰ্বাধিক। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰত নতুন আৰোগ্য ৩,২৮২। চত্তীশগড়ত দৈনিক আৰোগ্য ১,২০৭। নতুন ঘটনাৰ ৭৪.৮২% হৈছে ৭ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। যোৱা ২৪ ঘন্টাত কেৰালাত দৈনিক নতুন ঘটনাৰ সংখ্যা সৰ্বাধিক ৫,৫০৭ টা। কালি মহাৰাষ্ট্ৰত নতুন ঘটনা ২,৯৩৬ টাৰ বিপৰীতে কৰ্ণাটকত নতুন ঘটনা ৭৫১ টা। যোৱা ২৪ ঘন্টাত সংঘটিত ২০২ টা মৃত্যুৰ ঘটনাৰ ৭০.৩০% সাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত হৈছে। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা ৫০ টা। কেৰালা আৰু পশ্চিম বংগত নতুন মৃত্যুৰ ঘটনা ক্ৰমে ২৫ আৰু ১৮ টা। ২০২১ ৰ ১৬ জানুৱাৰীত কভিড-১৯ৰ টিকাদান কাৰ্যসূচী আৰম্ভ কৰা হব। দেশ-জোৰা এই বিস্তৃত কাৰ্যক্ৰমৰ পৰিকল্পনাৰ আঁৰৰ তত্ত্ব হৈছেজনতাৰ অংশগ্ৰহণ (জন ভাগিদাৰী); নিৰ্বাচনসমূহৰ অভিজ্ঞতাসমূহ ব্যৱহাৰ (বুথ কৌশল) আৰু সাৰ্বজনীন টিকাকৰণ কাৰ্যক্ৰম (UIP); ৰাষ্ট্ৰীয় কাৰ্যক্ৰমসমূহ আৰু প্ৰাথমিক হেল্থ কেয়াৰকে প্ৰমুখ্য কৰি বৰ্তমানে থকা হেল্থকেয়াৰ সেৱাসমূহৰ আপোচবিহীনতা; বৈজ্ঞানিক আৰু নিয়ামক বিধি, আন এছঅপিসমূহৰ ক্ষেত্ৰত আপোচবিহীনতা; আৰু প্ৰযুক্তিচালিত সুনিয়ন্ত্ৰণ আৰু সুচল ৰূপায়ণ। কভিড-১৯ৰ ভেকচিন প্ৰদানত হেল্থকেয়াৰ কৰ্মী আৰু ফ্ৰন্টলাইন কৰ্মীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হব যাৰ সংখ্যা প্ৰায় ৩ কোটি, ইয়াৰ পাছতেই ৫০ উৰ্ধৰ লোক আৰু আন-অসুস্থতাত ভূগি থকা ৫০-অনূৰ্ধ লোকসকল যাৰ সংখ্যা প্ৰায় ২৭ কোটি। অভিজ্ঞতাৰ আধাৰত যুগুত কৰা প্ৰযুক্তি ফ্ৰেমৱৰ্কে টিকাদান কাৰ্যক্ৰমৰ সুনিয়ন্ত্ৰণ আৰু সুচল ৰূপায়ণ নিশ্চিত কৰিব। আজি নতুন যুক্তৰাজ্য ভেৰিয়েন্ট জেনম পজিটিভ লোকৰ মুঠ সংখ্যা ১০২ হৈ পৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ৰ ভেকচিন প্ৰদান, ভাৰতে কভিড-১৯ৰ ভেকচিন প্ৰদানৰ অৰ্থে আগবঢ়াৰ পৰিপ্ৰেক্ষিতত, -উইন (Co-WIN) ব্যৱস্থাপনা সন্দৰ্ভত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰৰ পৰামৰ্শ

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ৰ ভেকচিন প্ৰদান, প্ৰস্তুতিৰ পৰ্যালোচনাৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্যমন্ত্ৰীৰে ডাঃ হৰ্ষ বৰ্ধনৰ মত-বিনিময়

অধিক বিৱৰণৰ বাবেঃ

 

দেশ-জোৰা অনুশীলন, ২০২১ ৰ ৮ জানুৱাৰীত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কভিড-১৯ৰ ভেকচিন ব্যৱস্থাপনা সন্দৰ্ভত আন এটা মক ড্ৰিল সম্পন্ন

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ৰ টিকাদান সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত মুখ্যমন্ত্ৰীসকলৰে বৈঠক

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ পৰিস্থিতি আৰু টিকাদান কাৰ্যক্ৰম সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ সামৰণি বক্তব্যৰ পূৰ্ণপাঠ

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ৰ টিকাদানৰ অৰ্থে প্ৰস্তুতি আৰু কভিড-১৯ৰ স্থিতি পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

অধিক বিৱৰণৰ বাবেঃ

 

ভাৰত-জাৰ্মানীৰ নেতাৰ ভিডিঅ-টেলিকনফাৰেন্স

অধিক বিৱৰণৰ বাবেঃ

 

প্ৰব্ৰজিত ছাত্ৰ-ছাত্ৰীসকলৰ চিনাক্তকৰণ, নামভৰ্তি আৰু শিক্ষা আগবঢ়াই নিবলৈ শিক্ষা মন্ত্ৰালয়ৰ নীতি-নিৰ্দেশনা জাৰি

অধিক বিৱৰণৰ বাবেঃ

 

ৰোনাই ভাৰতক ইয়াৰ প্ৰকৃত নীতিলৈ লৈ যোৱা বুলি কলে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে

অধিক বিৱৰণৰ বাবেঃ

 

এমএছএমই ৰ অৰ্থে ধ্বজাবাহী লিবাৰেলাইজড অথৰাইজড ইকনমিক অপাৰেটৰ পেকেজ প্ৰৱৰ্তন চিবিআইচি ৰ

অধিক বিৱৰণৰ বাবেঃ

 

কেৰালা আৰু হাৰিয়ানাৰ পক্ষীজ্বৰে প্ৰভাৱিত কৰা জিলাসমূহত বহু-দায়িত্বসম্পন্ন দল নিযুক্ত স্বাস্থ্য মন্ত্ৰালয়ৰ

অধিক বিৱৰণৰ বাবেঃ

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত মঙলবাৰে ৫ টা নতুন কভিড-১৯ ঘটনা চিনাক্ত কৰা হয়। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৬১ টা।
  • অসমঃ অসমত, ৫৫ নতুন ঘটনাৰে মুঠ কভিড-১৯ ঘটনাৰ সংখ্যা ২,১৬,৬৯০ লৈ বৃদ্ধি পাইছে, মুঠ ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা ২,১২,৬৩২ জন আৰু মুঠ মৃত্যুৰ ঘটনা হৈছে ১,০৬৪ টা।
  • নাগালেণ্ডঃ নাগালেণ্ডত, মঙলবাৰে ১০ টা নতুন কভিড-১৯ ঘটনা চিনাক্ত কৰা হয়। মুঠ ঘটনা ১১,৯৯৭ লৈ বৃদ্ধি পাইছে।
  • ছিকিমঃ ছিকিমত, মঙলবাৰে ৭ টা নতুন ঘটনাৰে মুঠ কভিড-১৯ ঘটনা ৫,৯৯৬ লৈ বৃদ্ধি পাইছে, ৰাজ্যখনত মুঠ ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা ৫,৪৫৯ জন, সক্ৰিয় ঘটনা ৩১৩ টা আৰু মুঠ মৃত্যুৰ ঘটনা ১২৯ টা।
  • কেৰালাঃ কেৰালাত প্ৰথম পৰ্যায়ৰ টিকাদানৰ অৰ্থে কভিড ভেকচিন কঢ়িয়াই অনা প্ৰথমখনি বিমানে আজি পুৱা কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। কেৰালাই পুনেৰ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা কভিচিল্ড ভেকচিনৰ ৪,৩৩,৫০০ পালি লাভ কৰিব। পুনেৰপৰা অহা প্ৰথমখন বিমানৰ ভেকচিন পালিসমূহ আৰ্ণাকুলাম আৰু কোজিকুড জিলাত প্ৰদান কৰা হব।
  • তামিল নাডুঃ আজি, তামিল নাডুত মুঠ ঘটনাৰ সংখ্যা হয় ৮,২৭,৬১৪ টা, মৃত্যুৰ ঘটনা ১২,২৩৬ টা, সক্ৰিয় ঘটনা ৬,৮০৭ টা আৰু ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা ৮,০৮,৫৭১ জন।
  • কৰ্ণাটকঃ আজি, কৰ্ণাটকত মুঠ ঘটনা হয় ৯,২৮,৮০৬ টা, মৃত্যুৰ ঘটনা ১২,১৪৯ টা, সক্ৰিয় ঘটনা ৮,৯০৯ টা আৰু ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা ৯,০৭,৭২৯ জন।
  • অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশে বুধবাৰে প্ৰথম পৰ্যায়ৰ ভেকচিন লাভ কৰে। সেই হিচাপত, ৰাজ্যখনে প্ৰায় ৪.৭৭ লাখ পালি লাভ কৰিছে। শনিবাৰৰপৰা দেশজুৰি এই টিকাদান কাৰ্যক্ৰম আৰম্ভ হব।
  • তেলেংগানাঃ এই মাহৰ ১৬ তাৰিখৰপৰা আৰম্ভ হবলগীয়া কভিডৰ টিকাদান কাৰ্যক্ৰমৰ যথোপযুক্ত ৰূপায়ণ নিশ্চিত কৰি তুলিবলৈ তেলেংগানাত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত, ১১ তাৰিখে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী কে. চন্দ্ৰশেখৰ ৰাৱে প্ৰধানমন্ত্ৰীৰে মুখ্যমন্ত্ৰীসকলৰ বৈঠকত উপস্থিত থাকে। একেদিনাই মুখ্যমন্ত্ৰীজনে পৰিস্থিতিৰ পৰ্যালোচনাৰ অৰ্থে ৰাজ্যখনৰ সকলো মন্ত্ৰী আৰু উপায়ুক্তসকলৰ সৈতে এখনি পৰ্যালোচনা বৈঠকত মিলিত হয়।
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰই কভিচিল্ড ভেকচিনৰ ৯.৬৩ লাখ পালি লাভ কৰিছে। আজি প্ৰথম পৰ্যায়ৰ ভেকচিনসমূহ মুম্বাই আহি পায়হি। এই ভেকচিনসমূহ পাৰেলস্থিত ছাউথ ৱাৰ্ড অফিছত মজুত কৰি ৰখা হয়।
  • গুজৰাটঃ মঙলবাৰে পুৱা দুই লাখ ৭৬ হাজাৰ পালি ভেকচিনৰ প্ৰথমখিনি পুনেৰপৰা আহমেদাবাদ বিমানবন্দৰ পায়হি। এয়া গ্ৰহণ কৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী নীতিন পেটেল তথা স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে। পুনেৰ প্ৰতিষ্ঠানৰপৰা লাভ কৰা এই ভেকচিনসমূহ গান্ধীনগৰস্থিত ৰিজিঅনেল ষ্টৰেজ চেন্টাৰত ৰখা হয়।
  • মধ্য প্ৰদেশঃ সমগ্ৰ দেশৰ লগতে মধ্য প্ৰদেশেও ১৬ জানুৱাৰীৰপৰা কভিডৰ টিকাদান আৰম্ভ কৰিবলৈ সাজু হৈছে। আজি ৰাজ্যখনে ৫.০৬ লাখ পালি ভেকচিন লাভ কৰে। এই ভেকচিনসমূহ ৰাজ্যিক পৰ্যায়ৰ ১,২০০ ষ্টৰেজ ব্যৱস্থাত ৰখা হৈছে।
  • চত্তীশগডঃ মঙলবাৰে চত্তীশগড়ত ৭২৯ টা পজিটিভ ঘটনা লাভ কৰা হয়। ইয়াৰ জৰিয়তে মুঠ পজিটিভ ঘটনাৰ সংখ্যা ২,৯০,৮১৩ লৈ বৃদ্ধি পায়। একে দিনাই, ১০৩৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰে। ইয়াৰ জৰিয়তে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২,৭৯,২৩৬ লৈ বৃদ্ধি পায়। মঙলবাৰে ১০ টা মৃত্যুৰ ঘটনা সংঘটিত হয়। ইয়াত বৰ্তমানে মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ৮০৬০ টা।
  • ৰাজস্থানঃ আজি বিয়লি ৰাজস্থানে প্ৰথম পৰ্যায়ৰ ২০,০০০ পালি কভিড-১৯ৰ ভেকচিন লাভ কৰে। তিনিয়া বাকচত পেক কৰা এই ভেকচিনসমূহ জয়পুৰস্থিত ৰাজ্যিক পৰ্যায়ৰ মজুত কেন্দ্ৰলৈ লৈ যোৱা হয়। মঙলবাৰে ৰাজস্থানত ৪২৯ টা নতুন কভিড-১৯ ঘটনা লাভ কৰা হয়, আৰোগ্য লাভৰ ঘটনা ৫৬৮ টা আৰু মৃত্যুৰ ঘটনা ২ টা। বৰ্তমান ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৬৫৮৫ টা।
  • গোৱাঃ আজি নিচেই পুৱাতে গোৱাৰ বাবে প্ৰথম পৰ্যায়ৰ কভিড-১৯ ৰ ভেকচিন আহি পায়হি।

ফেক্ট চেক

Image

Image

 

*******

YB/SB



(Release ID: 1688420) Visitor Counter : 243