তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কোনো ৰাজ্যতে ‘আকাশবাণী’ৰ কোনো কেন্দ্ৰ বন্ধ হোৱা নাই, স্পষ্ট কৰিলে ‘প্ৰসাৰ ভাৰতী’য়ে

Posted On: 13 JAN 2021 11:57AM by PIB Guwahati

কোনো ৰাজ্যতে ‘অল ইণ্ডিয়া ৰেডিঅ’, ‘আকাশবাণী’ৰ কোনো কেন্দ্ৰ বন্ধ হোৱা নাই বুলি স্পষ্ট কৰিছে প্ৰসাৰ ভাৰতীয়ে।

‘আকাশবাণীৰ কেন্দ্ৰ’ বন্ধ কৰা বুলি একাংশ সংবাদ মাধ্যমত দেশ জুৰি প্ৰচাৰিত হোৱা ভুৱা বাতৰি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘প্ৰসাৰ ভাৰতী’য়ে এনে বাতৰি ‘নিতান্তই ভিত্তিহীন’ আৰু এই বাতৰি ‘কোনো শুদ্ধ তথ্যভিত্তিক নহয়’ বুলি স্পষ্ট কৰিছে সংস্থাটোৱে।

কেৱল এয়াই নহয়, দেশৰ কোনো ৰাজ্য কিম্বা কেন্দ্ৰীয় শাসিত অঞ্চলত থকা কোনো কেন্দ্ৰকে নিম্ন মানসম্পন্ন কৰা অথবা বৈশিষ্ট্যৰ পৰিৱৰ্তন সাধনৰো কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলিও ‘প্ৰসাৰ ভাৰতী’য়ে স্পষ্ট কৰি দিছে। আকাশবাণীৰ সকলো কেন্দ্ৰই থলুৱা কাৰ্যক্ৰম প্ৰচাৰৰ জৰিয়তে ভাষিক, সমাজ-সাংস্কৃতিক আৰু জনগোষ্ঠীয় বৈচিত্ৰ্যৰ লগতে স্থানীয় প্ৰতিভাৰ উত্তৰণ, প্ৰচাৰ-প্ৰসাৰৰ লক্ষ্য নিৰ্দ্ধাৰিত অভিযানো অব্যাহত ৰাখিব।

‘আকাশবাণী’, ‘অল ইণ্ডিয়া ৰেডিঅ’, ‘এয়াৰ নেটৱৰ্ক’ক শক্তিশালী কৰাৰ লগতে ইয়াৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে শতাধিক নতুন ‘এফএম ৰেডিঅ’ৰ সম্প্ৰচাৰণৰ লক্ষ্যৰে ২০২১-২০২২ বিত্তীয় বৰ্ষত ৰূপায়ণ কৰাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্প ইতিমধ্যে সাজু কৰি তোলা হৈছে বুলিও ‘প্ৰসাৰ ভাৰতী’ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে।

কেইশমান কেন্দ্ৰ আৰু বহু-শ অনাতাঁৰ সম্প্ৰচাৰণ ব্যৱস্থাৰে পৃথিৱীৰ অন্যতম বৃহত্ সম্প্ৰচাৰণ ব্যৱস্থা ‘অল ইণ্ডিয়া ৰেডিঅ’ নেটৱৰ্ক’-য়ে ‘টেৰেষ্টিয়েল এনালগ ৰেডিঅ’(এফএম, এমডব্লিউ, এছডব্লিউ), ‘ছেটেলাইট ডিটিএইচ ৰেডিঅ’(ডিডি ফ্ৰী ডিছ ডিটিএইচ), ‘ইণ্টাৰনেট ৰেডিঅ’(আই-অএছ/এনৰয়ড-ত ‘নিউজ অন এয়াৰ এপ্’)আদি ভিন্ন ৰূপৰ ৰেডিঅ’ সম্প্ৰচাৰণ সেৱা পৰিচলিত কৰে।

‘ডিডি ফ্ৰী-ডিছ ডিটিএইচ’ সেৱাত ৪৮টা ‘ছেটেলাইট ৰেডিঅ’ চেনেল’ৰ স্থানীয় আৰু আঞ্চলিক কাৰ্যক্ৰম সমগ্ৰ দেশতে উপলব্ধ হোৱাৰ সুবাদত এতিয়া ই এক ৰাষ্ট্ৰজোৰা মঞ্চত পৰিণত হৈছে।

তদুপৰি, প্ৰসাৰ ভাৰতীৰ ‘নিউজঅন এপ্’ত উপলব্ধ হোৱা দেশৰ ২.৫ নিযুতৰো অধিক ব্যৱহাৰকাৰী আৰু পৃথিৱীৰ বিভিন্ন দেশৰ ৩০০নিযুতৰো অধিক শ্ৰোতা-দৰ্শকৰে  প্ৰায় ২০০ প্ৰত্যক্ষ ভাবে সম্প্ৰচাৰণ ব্যৱস্থাযুক্ত ‘ৰেডিঅ’ ষ্ট্ৰীম’ক ‘ভোকেল ফৰ লোকেল’-ক নতুন মাত্ৰা প্ৰদানৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

এই মুহূৰ্তত ‘প্ৰসাৰ ভাৰতী’য়ে ‘এফএম ৰেডিঅ’ৰ ক্ষেত্ৰত ‘ডিজিটেল প্ৰযুক্তি’ৰ বিকল্প সম্পৰীক্ষাৰ অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু এক মানক নিৰ্দ্ধাৰণৰ জৰিয়তে সংস্থাটোৱে দেশত ‘ডিজিটেল এফএম ৰেডিঅ’ সেৱা’ মুকলি কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

 

Saurabh Singh/KB



(Release ID: 1688383) Visitor Counter : 229