কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

জম্মু আৰু কাশ্মীৰত ঔদ্যোগিক উন্নয়নৰ কেন্দ্রীয় পৰ্যায়ৰ আঁচনিত চৰকাৰৰ অনুমোদন

প্ৰথমবাৰলৈ খণ্ড পৰ্যায়ত ঔদ্যোগিক উন্নয়নৰ লক্ষ্যৰে ঔদ্যোগিক উন্নয়নত উদ্গনি যোগোৱা আঁচনি গ্ৰহণ কৰা হৈছে
২০৩৭চনলৈকে গ্ৰহণ কৰা আঁচনিৰ বাবে ২৮,৪০০ কোটি টকা ব্যয় কৰা হ’ব
জম্মু আৰু কাশ্মীৰত নিৰ্মাণৰ লগতে সেৱা খণ্ডৰ ইউনিটৰ উন্নয়নৰ লক্ষ্য লোৱা হৈছে

Posted On: 07 JAN 2021 12:51PM by PIB Guwahati

 

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কেবিনেট বৈঠকত জম্মু আৰু কাশ্মীৰত ঔদ্যোগিক উন্নয়নৰ বাবে উদ্যোগৰ প্রসাৰ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগে এক কেন্দ্রীয় পৰ্যায়ৰ আঁচনিত অনুমোদন লাভ কৰিছে। এই আঁচনিত ২০৩৭ চনলৈকে নগদ ২৮,৪০০ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰা হৈছে।

কেন্দ্রীয় চৰকাৰে জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ঔদ্যোগিক উন্নয়নৰ বাবে কেন্দ্রীয় পৰ্যায়ৰ প্রকল্প হিচাপে এটা নতুন ঔদ্যোগিক উন্নয়ন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনি ৰূপায়নৰ উদ্দেশ্য হল কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি ইয়াৰ আর্থ-সামাজিক উন্নয়নৰ গতি ত্বৰান্বিত কৰা।

আঁচনিখনৰ জৰিয়তে নিম্নোলিখিত ক্ষেত্র সুযোগ-সুবিধা প্ৰদান কৰা বঃ

১.মূলধনী বিনিয়োগ উৎসাহকলকাৰখানা আৰু যন্ত্রপাতি অথবা ভৱন নির্মাণ আৰু অন্যান্য স্থায়ী আন্তঃগাঁথনি নির্মানৰ ক্ষেত্র জ’ন-‘ক’ ৩০ শতাংশ হাৰত আৰু জন-ত ৫০ শতাংশ হাৰত বিনিয়োগৰ ক্ষেত্রত ৰেহাই লাভ কৰিব৷ সেয়েহে, ৫০ কোটি টকাতকৈও অধিক বিনিয়োগৰ ক্ষেত্রত ৰেহাই লাভ কৰিব৷ ন-ত সর্বাধিক ৫ কোটি টকাৰ ৰেহাইৰ সুবিধা আৰু ন-বিত সর্বাধিক ৭.৫০ কোটি টকাৰ ৰেহাইৰ সুবিধা আছে৷

২.মূলধনী সুদ ৰেহাই-উদ্যোগ, কাৰখানা আৰু যন্ত্রপাতি অথবা ভৱন নির্মাণকে ধৰি অন্যান্য স্থায়ী আন্তঃগাঁথনিৰ ক্ষেত্রত ৫০০ কোটি টকালৈকে ঋণৰ ৭ বছৰৰ বাবে বার্ষিক ৬ শতাংশ হাৰত সুদ ৰেহাই পাব৷

৩.জিএটি সংযক্ত ৰেহাইকাৰখানা আৰু যন্ত্রপাতি উৎপাদন ইউনিট অথবা ভৱন নির্মাণকে ধৰি অন্যান্য স্থায়ী আন্তঃগাথনি গঢ়ি তোলাৰ ক্ষেত্রত ১০ বছৰলৈকে প্রকৃত বিনিয়োগৰ ভিত্তিত ৩০০ শতাংশলৈকে জিএছটি সংযুক্ত ৰেহাই সুবিধা লাব কৰিব৷ সেয়েহে, এটা বিত্তীয় বর্ষত মুঠ বিনিয়োগৰ পৰিমাণ অনুসৰি ৰেহাই সুবিধাৰ পৰিমাণ এক-দশমাংশৰ অধিক নহয়৷

৪. কার্যকৰী মূলধন সুদ ৰেহাইঃ বর্তমান চলিত সকলো ইউনিট বার্ষিক ৫ শতাংশ হাৰত সর্বাধিক ৫ বছৰৰ বাবে মূলধনী সুদ ৰেহাইৰ সুবিধা পাব৷ অৱশ্যে, সুদ ৰেহাইৰ পৰিমাণ সর্বাধিক ১ কোটি টকা।

 

আঁচনিৰ মূল বৈশিষ্ট্যঃ

  • ক্ষুদ্র আৰু বৃহৎ উভয় শ্রেণীৰ উৎপাদন ইউনিটৰ বাবে এই আঁচনিক আকর্ষণীয় কৰি তোলা হৈছে। ক্ষুদ্ৰ উৎপাদন ইউনিটত যন্ত্রপাতি আৰু উৎপাদন কেন্দ্রত ৫০ কোটি টকা বিনিয়োগৰ ক্ষেত্রত ৭.৫০ কোটি টকা মূলধন সুবিধা পাব আৰু সর্বাধিক ৭ বছৰলৈকে ৬ শতাংশ হাৰত মূলধনী সুদ ৰেহাই প্ৰদান কৰা হব৷
  • আঁচনিখনৰ উদ্দেশ্য হল জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ব্লক পৰ্যায়লৈকে উদ্যোগৰ বিকাশত বিভিন্ন সা-সুবিধা প্ৰদান কৰা৷
  • জিএছটি সংযুক্ত ৰেহাই সুবিধাৰ জৰিয়তে সহজে ব্যৱসায়-বাণিজ্যৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ এই আঁচনিক সৰল কৰে তোলা হৈছে।
  • আগতে যিবোৰ আঁচনি চলি আছিল, তাত কম পৰিমাণে সুদ ৰেহাইৰ সুবিধা আছিল। আনহাতে, আঁচনিৰ তুলনাত বিত্ত যোগানৰ প্রবাহ আছিল সামান্য৷

এই আঁচনি প্রভাৱ আৰু কর্মসংস্থাপন সৃষ্টিৰ সম্ভাৱনা

  • এই আঁচনিয়ে কর্মসংস্থাপন, দক্ষতা বৃদ্ধি আৰু নতুন বিনিয়োগক আকৃষ্ট কৰাৰ জৰিয়তে বহনক্ষম উন্নয়নৰ লক্ষ্যৰে জম্মু আৰু কাশ্মীৰত বর্তমান ঔদ্যোগিক উৎপাদন ব্যৱস্থাত আমূল পৰিৱর্তন সাধন কৰিব৷ ইয়াৰ ফলত এই কেন্দ্ৰীয় শাসিত অঞ্চলটোত ঔদ্যোগিক দিশত উন্নত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে বিনিয়োগ আকৃষ্ট কৰাৰ ক্ষেত্রত সমান হৈ পৰিব৷
  • প্রস্তাৱিত এই আঁচনিৰ ফলত অভূতপূৰ্ব হাৰত বিনিয়োগ আকৰ্ষণ বৃদ্ধি পাব৷ তদুপৰি, ইয়াত .৫০লাখ লোকে প্রত্যক্ষ বা পৰোক্ষ কর্মসংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে৷ তদুপৰি, কার্যকৰী মূলধন সুদ ৰেহাই সুবিধাৰ ফলত প্রায় ৩৫,০০০ লোক পৰোক্ষভাৱে উপকৃ ব৷

আঁচনি আনুমানিক ব্যয়ঃ- ২০২০-২১ৰ পৰা ২০৩৬-৩৭লৈকে প্রস্তাৱিত এই আঁচনিত ২৮,৪০০ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰা হৈছে। এতিয়ালৈকে বিভিন্ন বিশেষ আঁচনিৰ পেকেজৰ অধীনত ১,১২৩.৮৪ কোটি টকা প্ৰদান কৰা হৈছে।

******

DS/DB



(Release ID: 1687577) Visitor Counter : 211