স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ প্ৰতিষেধকৰ প্ৰণয়ন
৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ড্ৰাই-ৰাণৰ পৰিপ্ৰেক্ষিতত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ প্ৰস্তুতি আৰু নেতৃত্বৰ খতিয়ান ল’বলৈ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে ভাৱ বিনিময় কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে
কাইলৈ ৩৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৭৩৬খন জিলাত দ্বিতীয়টো ৰাষ্ট্ৰজোৰা ড্ৰাই ৰাণ অনুষ্ঠিত হ’ব
ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীসকললৈ ডাঃ হৰ্ষ ৱৰ্ধনৰ বিভ্ৰান্তিকৰ তথ্য সন্দৰ্ভত চকু দিবলৈ আহ্বানঃ ‘‘বিভ্ৰান্তিকৰ তথ্যই সমগ্ৰ প্ৰক্ৰিয়াটো বিঘ্নিত কৰিব পাৰে’’
‘‘পলিঅ’ মুক্ত ভাৰতৰ খ্যাতি অক্ষুণ্ণ ৰাখিবলৈ ১৭ জানুৱাৰীত ৰাষ্ট্ৰীয় ৰোগ প্ৰতিৰোধক দিৱস কাৰ্যকৰী হোৱাটো নিশ্চিত কৰো আহক’’
পোষ্ট কৰা হৈছে:
07 JAN 2021 5:10PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য সচিব/অতিৰিক্ত মুখ্য সচিবসকলৰ সৈতে কাইলৈ সমগ্ৰ দেশত অনুষ্ঠিত হ’বলগীয়া ক’ভিড প্ৰতিষেধকৰ ম’ক ড্ৰিলৰ প্ৰস্তুতিৰ খতিয়ান লয়৷ তেওঁ মন্ত্ৰী তথা বিষয়াসকলক সমগ্ৰ প্ৰক্ৰিয়াটো ব্যক্তিগত পৰ্যায়ত নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়৷ দ্বিতীয়টো ৰাষ্ট্ৰজোৰা ম’ক ড্ৰিল ৩৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৭৩৬খন জিলাত অনুষ্ঠিত হ’ব৷
ক’ভিড-১৯ৰ প্ৰতিষেধকৰ এই ম’ক ড্ৰিল আয়োজনৰ উদ্দেশ্য হ’ল প্ৰকৃত টীকাকৰণ অনুষ্ঠানটো সফলতাৰে কাৰ্যকৰী কৰি তোলাৰ বাবে প্ৰস্তুতি চলোৱা৷ টীকাকৰণৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত হিতাধিকাৰীৰ পঞ্জীয়ন, মাইক্ৰ’প্লেনিং আৰু ঠাইতে টীকাকৰণ আদি প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰা হৈছে য’ত জিলা উপায়ুক্ত/জিলা দণ্ডাধীশো উপস্থিত থাকিব৷ এই ড্ৰাই ৰাণে ৰাজ্য, জিলা, ব্ল’ক আৰু চিকিৎসালয়ৰ বিষয়সকলক ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰণয়নৰ বিষয়ে অৱগত কৰোৱাব৷
আজিৰ বৈঠকখনত উপস্থিত আছিল যথাক্ৰমে, শ্ৰী বিপ্লৱ কুমাৰ দেৱ, মুখ্যমন্ত্ৰী (স্বাস্থ্য বিভাগ), ত্ৰিপুৰা; শ্ৰী আল্লা কালি কৃষ্ণ শ্ৰী নিৱাস, উপ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী, অন্ধ্ৰ প্ৰদেশ; শ্ৰী নিতীনভাই পেটেল, উপ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী, গুজৰাট; শ্ৰী মংগল পাণ্ডে, স্বাস্থ্য মন্ত্ৰী, বিহাৰ; ডাঃ এম কে শৰ্মা, স্বাস্থ্য মন্ত্ৰী, ছিক্কিম; ডাঃ চি বিজয়বাস্কৰ, স্বাস্থ্য মন্ত্ৰী, তামিলনাডু; শ্ৰী এটেলা ৰাজেন্দ্ৰ, স্বাস্থ্য মন্ত্ৰী, তেলেংগানা; শ্ৰী ৰাজেশ টোপ, স্বাস্থ্য মন্ত্ৰী, মহাৰাষ্ট্ৰ; শ্ৰী লাংগপোকলাকপাম জয়ন্তকুমাৰ সিং, স্বাস্থ্য মন্ত্ৰী, মণিপুৰ; শ্ৰী কে কে শৈলজা টীচাৰ, স্বাস্থ্য মন্ত্ৰী, কেৰালা; শ্ৰী বিশ্বজিৎ ৰাণে, স্বাস্থ্য মন্ত্ৰী, গোৱা; ডাঃ কেশৱৰেড্ডি সুধাকৰ, স্বাস্থ্য মন্ত্ৰী, কৰ্ণাটক; শ্ৰী টি এছ সিং দেও, স্বাস্থ্য মন্ত্ৰী, চট্টিশগড়; শ্ৰী সত্যেন্দ্ৰ কুমাৰ জৈন, স্বাস্থ্য মন্ত্ৰী, দিল্লী; ডাঃ প্ৰভুৰাম চৌধুৰী, জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী, মধ্য প্ৰদেশ; ডাঃ ৰঘূ শৰ্মা, মেডিকেল আৰু স্বাস্থ্য মন্ত্ৰী, ৰাজস্থান; শ্ৰী প্ৰতাপ জেনা, পঞ্চায়তী ৰাজ আৰু খোৱা পানী, আইন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা মন্ত্ৰী, ওড়িশা; শ্ৰী বলবীৰ সিং সিদ্ধু, স্বাস্থ্য মন্ত্ৰী, পাঞ্জাৱ; শ্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী (অসম)৷


বৈঠকখনত ডাঃ হৰ্ষ ৱৰ্ধনে বিগত এবছৰত দেশখনে সফলতাৰে মহামাৰীবিধৰ সৈতে মোকাবিলা কৰা বুলি মন্তব্য কৰে৷ তাৰোপৰি দেশখনে এন৯৫ মাস্ক, পিপিই কিট নিৰ্মাণত স্ব-নিৰ্ভৰশীল হৈ উঠাৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঢ়ি উঠা আত্মনিৰ্ভৰ ভাৰত যোজনাক কৃতিত্ব প্ৰদান কৰে৷
ডাঃ হৰ্ষ ৱৰ্ধনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন ষ্টেকহ’ল্ডাৰ, চৰকাৰী বিষয়া, স্বাস্থ্য বিষয়াসকলক ধন্যবাদ প্ৰদান কৰে৷ এই সন্দৰ্ভত অহা ১৭ জানুৱাৰী ২০২১ তাৰিখে সমগ্ৰ দেশতে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ৰোগ প্ৰতিৰোধ দিৱস (এনআইডি) সফলতাৰে উদযাপন কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়৷
ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে ক’ভিড-১৯ৰ প্ৰতিষেধক বিতৰণ প্ৰক্ৰিয়া সৱলীকৰণ কৰিবলৈ আৰু বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে৷
কাইলৈ অনুষ্ঠিত হ’বলগীয়া ড্ৰাই-ৰাণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীসকলক সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনায় যাতে উৰাবাতৰি তথা বিভ্ৰান্তিমূলক তথ্যই কাৰ্যসূচী ৰূপায়ণত বিঘ্ন প্ৰদান কৰিব নোৱাৰে৷

উল্লেখ্য, আজিৰ বৈঠকখনত কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণ, শ্ৰীমতী বন্দনা গুৰনানী, এএছ আৰু এমডি (এনএইচএম), শ্ৰী মনোহৰ আগনানী, অতিৰিক্ত সচিব (স্বাস্থ্য), শ্ৰী লাভ আগৰৱাল, যুটীয়া সচিব (স্বাস্থ্য) আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷
****
MV/SJ/MANN
(ৰিলিজ আই ডি : 1687022)
অতিথি কক্ষ : 269
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam