প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত আৰু জার্মানীৰ নেতৃবৃন্দৰ মাজত ভিডিঅ’-টেলিকনফাৰেন্স

Posted On: 06 JAN 2021 7:22PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি জার্মান চেঞ্চেলৰ ড০ এঞ্জেলা মাৰ্কেলৰ সৈতে ভিডিঅ’-টেলিকনফাৰেন্সত অংশগ্ৰহণ কৰে৷

প্রধানমন্ত্রীয়ে ইউৰোপৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত সুস্থিৰ আৰু যোগ্য নেতৃত্বৰ বাবে চেঞ্চেলৰ মাৰ্কেলৰ দীর্ঘদিনীয়া ভূমিকাৰ প্রশংসা কৰে৷ ভাৰত-জার্মান কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্রত তেওঁ জার্মান চেঞ্চেলৰগৰাকীয়ে লোৱা পথপ্রদর্শকৰ ভূমিকাৰ বাবেও ধন্যবাদ জনায়৷

’ভিড-১৯ মহামাৰী, দ্বিপাক্ষিক সম্পর্ক, আঞ্চলিক বিষয় তথা ভাৰত ইউৰোপীয় সংঘৰ মাজৰ সম্পর্ককৈ ধৰি পাৰষ্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ক লৈ দুয়োগৰাকী নেতাই আলোচনা কৰে৷

প্রধানমন্ত্রী মোদীয়ে চেঞ্চেলৰ মাৰ্কেলক ভাৰতত ক’ভিড-১৯ টিকাৰ উদ্ভাৱনৰ বিষয়ে অৱগত কৰে। ভাৰতে সাধ্য অনুসৰি বিশ্বক উপকাৰ কৰিবলৈ লোৱা প্ৰতিশ্ৰুতিৰ কথাও তেওঁ উল্লেখ কৰে৷ জার্মানীকে ধৰি ইউৰোপীয় সংঘৰ অধীনস্ত দেশসমূহক সংক্রমণৰ নতুন ঢৌক ক্ষিপ্ৰতাৰে প্রতিহত কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনায়৷

প্রধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীত জার্মানীৰ যোগদানৰ সিদ্ধান্তক আদৰণি জনায়৷ তেওঁ দূর্যোগ মোকাবিলাৰ গোট দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে সহযোগিতা (চিডিআৰআই)ত জার্মানীৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ বিষয়ত আগ্রহ প্রকাশ কৰে৷

চলিত বৰ্ষত ভাৰত-জার্মান দ্বিপাক্ষিক সম্পর্কৰ ৭০সংখ্যক বৰ্ষপূর্তি আৰু কৌশলগত অংশীদাৰিত্বৰ ২০সংখ্যক বর্ষপূৰ্তি। দুয়োগৰাকী নেতা এইই পৰিৱেশত ষষ্ঠ আন্তঃচৰকাৰী আলোচনা ক্ষিপ্ৰতৰ কৰাৰক লৈ সহমত পোষণ কৰে৷ আলোচনাত উচ্চাকাংক্ষী বিষয়সমূহ অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকে একমতত উপনীত হয়৷

*****

DS/AKJ/DB



(Release ID: 1686968) Visitor Counter : 229