ভুবিজ্ঞান মন্ত্ৰালয়

এণ্টাৰ্টিকালৈ ৪০সংখ্যক ভাৰতীয় বৈজ্ঞানিক অভিযানৰ শুভাৰম্ভ

চাৰ্টাৰ্ড আইচ-ক্লাছ জাহাজ এমভি ভাছিলী গ’লোভনিন ৩০ দিনত এণ্টাৰ্টিকাত উপস্থিত হ’ব

৪০জনীয়া এটা দলক তাত এৰি এ জাহাজখন এপ্ৰিল,২০২১ত ভাৰতলৈ উভতি আহিব। উভতি আহোতে ই ইয়াৰ পূৰ্বে যোৱা শীতকালীন অভিযানকাৰীৰ দলটোক ঘুৰাই লৈ আহিব

Posted On: 04 JAN 2021 4:41PM by PIB Guwahati

ভাৰতে আজি এণ্টাৰ্টিকালৈ ৪০সংখ্যক বৈজ্ঞানিক অভিযান মুকলি কৰে। এই ভাৰতীয় অভিযানে দেশৰ চাৰি দশকজোৰা বৈজ্ঞানিক প্ৰচেষ্টাক প্ৰতিফলিত কৰে। ৪৩গৰাকী সদস্যৰ সৈতে ৪০সংখ্যক অভিযানৰ যাত্ৰা ৫ জানুৱাৰী, ২০২১ত গোৱাৰ পৰা ফ্লেগ অফ কৰা হব। চাৰ্টাৰ্ড আইচ-ক্লাছ জাহাজ এমভি ভাছিলী গলোভনিনে অভিযানকাৰীসকলক কঢ়িয়াই নিব আৰু ৩০ দিনত ই এণ্টাৰ্টিকাত উপস্থিত হ৪০জনীয়া এটা দলক তাত এৰি এ জাহাজখন এপ্ৰিল,২০২১ত ভাৰতলৈ উভতি আহিব। উভতি আহোতে ই ইয়াৰ পূৰ্বে যোৱা শীতকালীন অভিযানকাৰীৰ দলটোক ঘুৰাই লৈ আহিব

 

ভাৰতৰ এণ্টাৰ্টিকা অভিযান আৰম্ভ হৈছিল ১৯৮১ চনত। প্ৰথমটো অভিযানত আছিল ২১গৰাকী বৈজ্ঞানিক আৰু ছাপৰ্ট ষ্টাফ। ড০ এছজেড কাছিমে এই অভিযানৰ নেতৃত্ব দিছিল। এক সুন্দৰ আৰম্ভণিৰ পাছত ভাৰতৰ এণ্টাৰ্টিকা অভিযান এতিয়া এণ্টাৰ্টিকাত তিনিটা স্থায়ী গৱেষণা কেন্দ্ৰ স্থাপনৰ কৃতিত্বৰ অধিকাৰী। সেইকেইটা হল-দক্ষিণ গংগোত্ৰী, মৈত্ৰী আৰু ভাৰতী। এতিয়ালৈকে এণ্টাৰ্টিকাত ভাৰতৰ দুটা গৱেষণা কেন্দ্ৰ আছে, যাৰ নাম হল মৈত্ৰী আৰু ভাৰতী। গোৱাস্থিত নেচনেল চেণ্টাৰ ফৰ পলাৰ এণ্ড অচিয়ান ৰিছাৰ্চ(এনচিপিঅআৰ) প্ৰতিষ্ঠানে ভাৰতৰ সমগ্ৰ এণ্টাৰ্টিকা অভিযান পৰিচালনা কৰে।

 

ইয়াৰ পূৰ্বেএণ্টাৰ্টিকালৈ ৩৯সংখ্যক ভাৰতীয় বৈজ্ঞানিক অভিযান মুকলি কৰা হৈছিল নৱেম্বৰ,২০১৯ত। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশত ২৭টা বৈজ্ঞানিক প্ৰকল্প সমাপন কৰি এই দলটো মে,২০২০ত ভাৰতলৈ উভতি আহে।

*****

NB/KGS/(MoES inputs)/MS



(Release ID: 1686200) Visitor Counter : 246