যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

অসম ৰাইফলছ পাব্লিক স্কুল, শ্বিলং পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰথম খেলো ইণ্ডিয়া স্পৰ্টছ স্কুল

प्रविष्टि तिथि: 04 JAN 2021 5:32PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে সোমবাৰে শ্বিলঙত অসম ৰাইফলছ পাব্লিক স্কুল (এআৰপিএছ)ক এক খেলো ইণ্ডিয়া স্পৰ্টছ স্কুল হিচাপে শুভাৰম্ভ কৰে। বৰ্তমান, দেশজুৰি ৯খন স্পৰ্টছ স্কুলক মঞ্জুৰী দিয়া হৈছে, যাৰ ৫খনৰ পৰিচালনা প্ৰতিৰক্ষা আৰু অৰ্ধ-সামৰিক বাহিনীৰ দ্বাৰা কৰা হয়। অসম ৰাইফলছ পাব্লিক স্কুল পূৰ্বোত্তৰ ক্ষেত্ৰত খেলো ইণ্ডিয়া যোজনাৰ জৰিয়তে ঘোষিত হোৱা প্ৰথম স্পৰ্টছ স্কুল।

এতিয়া চৰকাৰে এই স্কুলৰ খেলৰ সৈতে জড়িত প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ থকা, খোৱা, শিক্ষা খৰচ, প্ৰতিযোগিতাত অংশগ্ৰহণ, বীমা আৰু চিকিৎসা, খেল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু সহায়, প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ দৰমহা, খেলৰ সামগ্ৰী আৰু অন্য যাৱতীয় কামৰ খৰচ বহন কৰিব। খেলো ইণ্ডিয়া স্পৰ্টছ স্কুলৰ উদ্দেশ্য হৈছে শিক্ষাৰ সৈতে খেলৰ সমন্বয় সাধন কৰা আৰু এই প্ৰক্ৰিয়াত দেশত খেলৰ বিকাশ কৰা আৰু এথলীটসকলৰ প্ৰদৰ্শন আৰু দৃষ্টিভংগীৰ সামগ্ৰিক সংস্কাৰ সাধন কৰা। এই স্কুল পূৰ্বোত্তৰ, গ্ৰামীণ বা জনজাতীয় ক্ষেত্ৰত প্ৰতিভা চিনাক্ত কৰা আৰু তেওঁলোকৰ উত্থানতো সহায়ক হিচাপে প্ৰতিপন্ন হ'ব।

শ্ৰী ৰিজিজুৱে কয়, ''এয়া অসম ৰাইফলছ পাব্লিক স্কুলৰ এটা ঐতিহাসিক যাত্ৰাৰ আৰম্ভণি আৰু এই খেলো ইণ্ডিয়া স্পৰ্টছ চেণ্টাৰে যুৱক-যুৱতীসকলৰ প্ৰতিভা বিকাশ কৰিব, যি আগলৈ অলিম্পিকত পদক আনিব।

কেন্দ্ৰীয় মন্ত্ৰীজনে এই স্কুলত কেইবাটাও ইতিবাচক পৰিৱৰ্তন আনিবলৈ অসম ৰাইফলছৰ মহানিৰ্দেশক লেঃ জেনেৰেল সুখদীপ সাংগৱানৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে। তেওঁ কয়, ''খেল সদায়েই এই স্কুলৰ এক অভিন্ন অংশ হৈ আহিছে আৰু ই ভৱিষ্যতৰ বিজেতা তৈয়াৰ কৰিব। মই যোৱা কেইবা বছৰ ধৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে এই স্কুলত আমোল পৰিৱৰ্তন সাধন কৰা বাবে লেঃ জেনেৰেল সুখদীপ সাংগৱানৰ প্ৰচেষ্টাক অৱশ্যেই স্বীকাৰ কৰিব লাগিব। এই স্কুলৰ প্ৰাপ্তিৰ ভিতৰত এই স্পৰ্টছ স্কুল এক অতিৰিক্ত মুকুট স্বৰূপ হ'ব আৰু ই ভাৰতক এক মহত্বপূৰ্ণ ক্ৰীড়া শক্তি হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক আগবঢ়াই নিয়াত সহায়ক হিচাপে প্ৰতিপন্ন হ'ব।''

শিক্ষা আৰু ক্ৰীড়াত এটা ভাল ট্ৰেক ৰেকৰ্ড ৰখা, খোৱা আৰু থকাৰ (ছাত্ৰাৱাস) পৰ্যাপ্ত সুবিধা থকা, ক্ৰীড়াৰে সংলগ্ন সুবিধাসমূহ বিকশিত কৰিবৰ বাবে পৰ্যাপ্ত স্থান আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা গৃহ মন্ত্ৰালয়ৰ মাজত এক আভ্যন্তৰীণ মন্ত্ৰালয়ী আদান-প্ৰদানৰ জৰিয়তে অলিম্পক খেলৰ বিকাশৰ প্ৰতি অৰিহণাৰ বাবে অসম ৰাইফলছ পাব্লিক স্কুলক এক খেলো ইণ্ডিয়া স্পৰ্টছ স্কুলৰ ৰূপত নামাংকন কৰা হয়। এই স্কুলৰ বাবে নিৰ্ধাৰিত কৰা বিষয়ৰ মাজত আৰ্চাৰী, এথলেটিক্স আৰু ফেঞ্চিং আছে, য'ত প্ৰথম বছৰৰ বাবে মুঠ ১০০ এথলীটক (ল'ৰা আৰু ছোৱালীক সমান অনুপাতত) অন্তৰ্ভুক্ত কৰা হ'ব।

 

******

NB/OA


(रिलीज़ आईडी: 1686151) आगंतुक पटल : 244
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil , Telugu