স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ব্ৰিটেইনত পোৱা ক'ৰোণা ভাইৰাছৰ নতুন স্বৰূপ সন্দৰ্ভত আপডেট

সংক্ৰমিত লোকৰ মুঠ সংখ্যা এতিয়ালৈকে ৩৮

Posted On: 04 JAN 2021 3:39PM by PIB Guwahati

টেইনত পোৱা ক'ৰোণা ভাইৰাছৰ নতুন স্বৰূপ (জীন'ম)ৰ মুঠ ৩৮টা নমুনা সকাৰাত্মক পোৱা গৈছে।

 

বেংগালুৰুৰ নিমহংস (এনআইএমএইচএএনএছ)ত ১০, হায়দৰাবাদৰ চিচিএমবিত ৩, পুণেৰ এনআইভিত ৫, ৰাজধানী দিল্লীৰ আইজিআইবিত ১১, নতুনদিল্লীৰ এনচিডিচিত ৮ আৰু কলকাতাৰ এনচিবিজিত ১ সংক্ৰমিত ব্যক্তি পোৱা গৈছে। এনচিবিএছ, ইনষ্টেম (আইএনএছটিইএম) বেংগালুৰু, চিডিএফডি হায়দৰাবাদ, আইএলএছ ভূবনেশ্বৰ আৰু এনচিচিএছ পুণেত এতিয়ালৈকে ব্ৰিটেইনৰ পৰা ওলোৱা ক'ৰোণা ভাইৰাছৰ নতুন স্বৰূপৰ কোনো ঘটনা পোৱা হোৱা নাই।

 

সংখ্যা

ইনষ্টিটিউট/লেব

অন্তৰ্গত

নতুন স্বৰূপেৰে চিনাক্ত লোক

এনচিডিচি নতুন দিল্লী

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

আইজিআইবি নতুন দিল্লী

চিএছআইআৰ

১১

এনচিবিজি কল্যাণী (কলকাতা)

ডিবিটি

এনআইভি পুণে

আইচিএমআৰ

চিচিএমবি হায়দৰাবাদ

চিএছআইআৰ

এনআইএমএইচএএনএছ বেংগালুৰু

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১০

মুঠ

৩৮

 

জীন'ম ছিকুৱেন্সিঙৰ বাবে পজিটিভ নমুনাৰ অনুসন্ধান ১০ ইনছাকগ (ভাৰতীয় ছাৰ্ছ চিঅ'ভি-২ জীন'মিক্স কনছৰ্টিয়াম) গৱেষণাগাৰত কৰি থকা হৈছে। য'ত (এনআইবিএমজি) কলকাতা, আইএলএছ ভূবনেশ্বৰ, এনআইভি পুণে, এনচিচিএছ পুণে, চিচিএমবি হায়দৰাবাদ, চিডিএফডি হায়দৰাবাদ, ইনষ্টেম (আইএনএছটিইএম) বেংগালুৰু, নিমহাংস বেংগালুৰু, আইজিআইবি দিল্লী আৰু এনচিডিচি দিল্লী অন্তৰ্ভুক্ত আছে।

 

এই সকলো নতুন সংক্ৰমিত ব্যক্তিক সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ দ্বাৰা উল্লেখ কৰা স্বাস্থ্য চোৱাচিতা সুবিধা অনুসৰি একক কোঠাৰ আইছলেচনত ৰখা হৈছে। লগতে তেওঁলোকৰ সম্পৰ্কলৈ অহা লোকসকলকো কোৱাৰেণ্টাইনত ৰখা হৈছে। সহযাত্ৰী, পাৰিবাৰিক সম্পৰ্ক তথা অন্য ব্যক্তিৰে জড়িত তথ্য পাবৰ বাবে ব্যাপক সম্পৰ্ক চিনাক্তকৰণ কাৰ্য আৰম্ভ কৰা হৈছে। অন্য নমুনাবিলাকৰ ওপৰতো জীন'ম ছিকুৱেন্সিঙৰ কাম চলি আছে।

 

স্থিতিৰ ওপৰত সতৰ্কতাৰে দৃষ্টি ৰখা হৈছে আৰু তত্বাৱধান বঢ়োৱা, নিয়ন্ত্ৰণ, অনুসন্ধান তথা নমুনাবিলাকক ইনছাকগ গৱেষণাগাৰলৈ প্ৰেৰণৰ বাবে ৰাজ্যসমূহক নিয়মীয়াকৈ পৰামৰ্শ দি থকা হৈছে।

 

******

MV



(Release ID: 1686149) Visitor Counter : 176