তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

প্ৰসাৰ ভাৰতী (ডিডি-আকাশবাণী)ৰ ডিজিটেল চেনেলে ২০২০ বৰ্ষত ব্যাপক বৃদ্ধি নথিভুক্ত কৰে

ডিডি আৰু আকাশ বাণীৰ ডিজিটেল শ্ৰোতাৰ সংখ্যাৰ ক্ষেত্ৰত পাকিস্তান দ্বিতীয় স্থানত

Posted On: 03 JAN 2021 4:22PM by PIB Guwahati

২০২০ বৰ্ষত, প্ৰসাৰ ভাৰতীৰ ডিডি আৰু আকাশবাণীৰ ডিজিটেল চেনেলে ১০০%তকৈ অধিক বৃদ্ধি নথিভুক্ত কৰে, এক আৰবতকৈও অধিক ডিজিটেল দৃশ্য (ভিউজ) আৰু ৬ আৰবতকৈও অধিক ডিজিটেল ৱাট্চ মিনিট নথিভুক্ত কৰা হৈছে।

 

২০২০ বৰ্ষত, নিউজ অন এয়াৰ এপে এই প্লেটফৰ্মৰ জৰিয়তে ২৫ লাখ (২.৫ মিলিয়ন)তকৈ অধিক ব্যৱহাৰকাৰীক সংলগ্ন কৰে যাৰ ফলত ৩০ কোটি (৩০০ মিলিয়ন)তকৈ অধিক ধাৰণাক লাইভ ৰেডিঅ' ষ্ট্ৰিমিঙত পঞ্জীকৰণ কৰা হৈছে, য'ত ২০০তকৈ অধিক শাখা সবাতোকৈ অধিক জনপ্ৰিয় হয়।

 

ডিডি নেচনেল আৰু ডিডি নিউজৰ সহযোগিতা কৰি প্ৰসাৰ ভাৰতীৰ ১০ শীৰ্ষ ডিজিটেল চেনেলত, ডিডি সহয়াদ্ৰীৰ পৰা মাৰাঠী নিউজ, ডিডি চান্দনাত কন্নড় প্ৰগ্ৰেমিং, ডিডি বাংলাৰ পৰা বাংলা বাতৰি আৰু ডিডি সপ্তগিৰিত তেলেগু প্ৰগ্ৰেমিং অন্তৰ্ভুক্ত আছে।

 

যি সময়ত ডিডি স্পৰ্টছ আৰু আকাশবাণী স্পৰ্টছৰ লাইভ কমেণ্ট্ৰীৰ বাবে দৰ্শক তথা শ্ৰোতাৰ এটা ডাঙৰ শাখা ডিজিটেল ৰূপত সংলগ্ন হয়, প্ৰসাৰ ভাৰতী অভিলেখাগাৰ আৰু ডিডি কিষানত স্থিৰ ডিজিটেল প্ৰদাতা আছে যি শীৰ্ষ ১০ত আছে।

 

পূৰ্বোত্তৰৰ পৰা খবৰৰ বাবে পৰ্যাপ্ত ডিজিটেল দৰ্শকৰ প্ৰতি লক্ষ্য ৰাখি, আকাশবাণী বাতৰিৰ পূৰ্বোত্তৰ সেৱাও শীৰ্ষ ১০ত আছে, আৰু সংযোগৰ জৰিয়তে ১০০ হাজাৰ গ্ৰাহকৰ ডিজিটেল মাইলষ্ট'ন পাৰ কৰিছে।

 

আনন্দৰ কথা হৈছে যে ২০২০ৰ সময়ছোৱাত ভাৰতৰ ঘৰুৱা দৰ্শকৰ পিছত ডিডি আৰু আকাশবাণীত দিয়া কাৰ্যক্ৰমৰ দ্বিতীয় সৰ্বাধিক ডিজিটেল অডিয়েঞ্চ পাকিস্তানত আছিল, আমেৰিকাও তাৰ নিকটৱৰ্ত্তী। ২০২০ৰ সময়ছোৱাত সবাতোকৈ জনপ্ৰিয় ডিজিটেল ভিডিঅ'ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ, গণতন্ত্ৰ দিৱস পেৰেড ২০২০ আৰু ডিডি নেচনেল আৰকাইভছ, ছিৰকা ১৯৭০ৰ পৰা শকুন্তলা দেৱীৰ এটা দুৰ্লভ ভিডিঅ' আছে।

 

সকলো সংস্কৃত ভাষা সামগ্ৰীৰ বাবে এটা সমৰ্পিত প্ৰসাৰ ভাৰতী ইউটিউব চেনেল ২০২০ত আৰম্ভ কৰা হয়, য'ত ডিডি-আকাশবাণীৰ ৰাষ্ট্ৰজোৰা নেটৱৰ্কৰ ৰেডিঅ' আৰু টিভিত প্ৰস্তুত সংস্কৃত ভাষা সামগ্ৰীক দৰ্শকলৈকে সহজ প্ৰাপ্তিৰ বাবে আপলোড কৰা হৈছে।

 

সমৰ্পিত মন কী বাত ইউটিউব চেনেল আৰু টুইটাৰ হেণ্ডেলে দ্ৰুতগতিত বৃদ্ধি পাইছে, য'ত মন কী বাত আপডেট টুইটাৰ হেণ্ডেলৰ এতিয়া ৬৭,০০০তকৈ অধিক প্ৰশংসক (ফল'ৱাৰ) আছে। ইউটিউব চেনেলত মন কী বাতৰ বিভিন্ন এপিছোডৰ জৰিয়তে ক্ষেত্ৰীয় ভাষা সংস্কৰণ আছে।

 

বিভিন্ন ভাৰতীয় ভাষাত প্ৰায় ১৫০০ ৰেডিঅ' প্লে ডিডি-আকাশবাণী নেটৱৰ্কত উপলব্ধ, যি এতিয়া আমাৰ ইউটিউব চেনেলত ডিজিটাইজড আৰু আপলোড কৰি থকা হৈছে। এতিয়া আমাৰ ইউটিউব চেনেলত বিভিন্ন ভাৰতীয় ভাষাত হাজাৰ হাজাৰ ঘণ্টাৰ শৈক্ষিক সামগ্ৰী আৰু টেলি ক্লাছেছ উপলব্ধ। কেৱল ডিডি-আকাশবাণীৰ সৈতে উপলব্ধ মহান ঐতিহাসিক মূল্যৰ দুৰ্লভ অভিলেখকাৰী সামগ্ৰী ডিজিটাইজ কৰি থকা হৈছে আৰু প্ৰসাৰ ভাৰতী অভিলেখাগাৰ ইউটিউব চেনেলত আপলোড কৰি থকা হৈছে। জন হিতত, এটা সমৰ্পিত টীমে দেশজুৰি ডিডি আৰু আকাশবাণীৰ বিভিন্ন ষ্টেচনত কেইবাদশকত নথিভুক্ত কৰা হাজাৰ হাজাৰ টেপৰ পৰা সংগীতময়, সাংস্কৃতিক, ৰাজনৈতিক সামগ্ৰীক উলিওৱাৰ কাম কৰি আছে। যাতে এইবোৰক শৈক্ষিক আৰু গৱেষণাৰ উদ্দেশ্যৰ বাবে সাৰ্বজনীন ৰূপত উপলব্ধ কৰাব পৰা যায়।

 

******



(Release ID: 1685898) Visitor Counter : 100