স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ ভেকচিনৰ অনুশীলন সম্পন্ন

এই মক ড্ৰিলৰ পৰ্যালোচনা কৰিবলৈ শ্বাহদৰাস্থিত জিটিবি হাস্পতাল আৰু দৰয়াগঞ্জস্থিত ইউপিএইচচিত উপস্থিত ডাঃ হৰ্ষ বৰ্ধন

ভেকচিনটোৰ সুৰক্ষা, ফলপ্ৰসূতা ও অনাক্ৰম্যতাৰে কেতিয়াও আপোচ নকৰাৰ সুনিশ্চিতি ৰাষ্ট্ৰখনক

উৰাবাতৰি আৰু জল্পনা-কল্পনাৰ প্ৰতি মনোযোগ নিদিবলৈ জনসাধাৰণক সতৰ্কবাণী

এই টিকাদান কাৰ্যক্ৰম অনুষ্ঠিত কৰিবলৈ বিস্তৃত নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছেঃ ডাঃ হৰ্ষ বৰ্ধন

ক’-উইন প্লেটফৰ্ম হ’ব চিত্ৰপট পৰিৱৰ্তনকাৰী

Posted On: 02 JAN 2021 3:52PM by PIB Guwahati

ক’ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ অৰ্থে অনুশীলনৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি দিল্লীৰ দুই আখৰা টিকাদান ক্ষেত্ৰত উপস্থিত হয়।

তেওঁ প্ৰথমে শ্বাহদৰাস্থিত জিটিবি হাস্পতালত উপস্থিত হয় আৰু পাছত দৰয়াগঞ্জস্থিত নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (UPHC) লৈ যায়।

প্ৰকৃত টিকাদান কাৰ্যক্ৰমৰ প্ৰাকক্ষণত, স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি শীঘ্ৰেই আৰম্ভ হোৱাৰ আশা প্ৰকাশ কৰা ক’ভিড-১৯ ৰ টিকাদানৰ সুচল ৰূপায়ণৰ সুনিশ্চিতিৰ অৰ্থে স্থাপন কৰা ব্যৱস্থা আৰু পৰিকল্পিত ক্ৰিয়া-কলাপৰ আদিৰপৰা অন্তলৈ পৰীক্ষা কৰাৰ নিমিত্তে ২৮৫ চেছন চাইটত ৰাষ্ট্ৰজোৰা মক ড্ৰিল অনুষ্ঠিত কৰে।

১২৫ জিলা জুৰি টিকাদান কাৰ্যক্ৰমৰ এই অনুশীলনে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে য’ত প্ৰত্যন্ত অঞ্চলসমূহকে ধৰি নগৰীয়া আৰু গ্ৰামীণ জিলাসমূহৰ যথোচিত প্ৰতিনিধিত্বক সামৰি লোৱা হৈছে।

জিটিবি হাস্পতালত প্ৰেজেনটেশ্যনত সন্তুষ্টি প্ৰকাশ কৰি, ডাঃ হৰ্ষ বৰ্ধনে কয়, “টিকাদান প্ৰক্ৰিয়াটোৰ সমগ্ৰ পন্থাটো ক্ৰমাগতভাৱে আগুৱাই অনা হৈছে, য’ত ভেকচিনটো প্ৰদানৰ অৰ্থে নিয়োজিত লোকসকলৰ প্ৰশিক্ষণকো সামৰি লোৱা হৈছে। বিস্তৃত আলোচনাৰ পাছত বহু পক্ষলৈ বিস্তৃত নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে, প্ৰতিটো মুহূৰ্তৰ দৃষ্টিকোণত মনোযোগ আৰোপ কৰা হৈছে।”

এই বিশাল কাৰ্যক্ৰমৰ সফলতা নিশ্চিত কৰিবলৈ যোৱা কেইবা মাহো অতিশয় সক্ৰিয়তাৰে কাম কৰি অহা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ বিষয়া-বৰ্গকে ধৰি বহু পক্ষৰদ্বাৰা গ্ৰহণ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰীজনে।

ডাঃ হৰ্ষ বৰ্ধনে কয় যে e-VIN প্লেটফৰ্মৰপৰা পুনঃপ্ৰকাশিত ডিজিটেল প্লেটফৰ্ম ক’-উইন (Co-WIN) হৈছে সঠিক চিত্ৰপট পৰিৱৰ্তনকাৰী আৰু ই ভেকচিনৰ মজুত, ইয়াৰ মজুত তাপমান আৰু ক’ভিড-১৯ ৰ ভেকচিনৰ হিতাধিকাৰীসকলৰ স্বতন্ত্ৰ ট্ৰেকিঙৰ সময়োচিত তথ্য আগবঢ়াব। এই অনন্য প্লেটফৰ্মে পূৰ্বে-পঞ্জীকৃত হিতাধিকাৰীসকলৰ অৰ্থে স্বয়ংচালিত চেছন আবন্টন, তেওঁলোকৰ সত্যাপণ আৰু ভেকচিন সূচীৰ সফল সমাপ্তিত ডিজিটেল প্ৰমাণপত্ৰ প্ৰদানৰ জৰিয়তে সকলো স্তৰ নিৰ্বিশেষে প্ৰগ্ৰেম মেনেজাৰসকলক সহায় কৰিব। এতিয়ালৈকে ক’-উইন প্লেটফৰ্মত ৭৫ লাখৰো অধিক হিতাধিকাৰীয়ে পঞ্জীয়ন কৰা বুলি তেওঁ কয়।

দেশখনৰ অত্যন্ত প্ৰত্যন্ত অঞ্চলটো ভেকচিনটোৰ উপলব্ধতা সুনিশ্চিতিৰ অৰ্থে প্ৰস্তুতি সন্দৰ্ভত ব্যক্ত কৰি, ডাঃ হৰ্ষ বৰ্ধনে কয় যে অন্তিম স্থানটো ডেলিভাৰী সুনিশ্চিত কৰিবলৈ দেশখনৰ শীতল শৃংখল আন্তঃগাঁথনি যথোচিতভাৱে উন্নীত কৰা হৈছে। ইয়াৰ অৰ্থে চিৰিঞ্জ আৰু আন লজিষ্টিকসমূহৰো পৰ্যাপ্ত যোগান ধৰা হ’ব।

ক’ভিড-১৯ ৰ ভেকচিনটোৰ সুৰক্ষা আৰু ফলপ্ৰসূতা সন্দৰ্ভত উৰাবাতৰি আৰু মিছা তথ্যৰ বিৰুদ্ধে নাগৰিকক সচেষ্টতা অৱলম্বন কৰিবলৈ ডাঃ হৰ্ষ বৰ্ধনে আহ্বান জনায়। ভেকচিনটোৰ পাৰ্শ্ব-প্ৰভাৱক লৈ সামাজিক মাধ্যমত প্ৰচাৰিত উৰাবাতৰিয়ে জনতাৰ মনত সন্দেহ সৃষ্টি হোৱাত তেওঁ উদ্বেগ প্ৰকাশ কৰে। তেওঁ যিকোনো বাতৰি প্ৰকাশ বা সম্প্ৰচাৰৰ পূৰ্বে সতৰ্কতা আৰু দায়বদ্ধতা আৰু সত্যাসত্য বিচাৰ কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়।

এটা বিস্তৃত টিকাদান কাৰ্যক্ৰম ৰূপায়ণ কৰিবলৈ দেশখনৰ সামৰ্থ্যক লৈ উত্থাপিত শংকা প্ৰত্যাখ্যান কৰি, টিকাদানেৰে মোকাবিলা কৰাত ভাৰতে কিদৰে অতুলনীয় অভিজ্ঞতা লাভ কৰিছে আৰু বিশ্বখনৰ ভিতৰতে অন্যতম সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম চালিত কৰিছে তাৰ ব্যাখ্যা আগবঢ়াই ডাঃ হৰ্ষ বৰ্ধনে। তেওঁ উল্লেখ কৰে যে ভাৰতে ইয়াৰ বলিষ্ঠ সাৰ্বজনীন টিকাদান কাৰ্যক্ৰমৰ অৰ্থে বিশ্বখনৰদ্বাৰা প্ৰশংসিত হৈছে। তেওঁ কয়, পলিঅ’, ৰুবেলা আৰু মিজিলছৰে মোকাবিলা কৰিবলৈ ভাৰতে কেইবাটাও সফল টিকাদান কাৰ্যসূচী সম্পন্ন কৰিছে। তেওঁ নৱৈ দশকৰ আৰম্ভণিৰপৰা দেশখনৰপৰা পলিঅ’ নিৰ্মূলৰ অৰ্থে কেইবা নিযুত ভাৰতীয়ৰ অনবদ্য প্ৰচেষ্টা গ্ৰহণৰ ব্যক্তিগত অভিজ্ঞতা ব্যক্ত কৰে।

“আমাৰ অবিচলতা আৰু সমৰ্পণৰ ফলশ্ৰুতি এয়ে যে ২০১৪ ত ভাৰতক পলিঅ’-মুক্ত হিচাপে ঘোষণা কৰা হয়। পলিঅ’ টিকাদান কাৰ্যক্ৰমকে ধৰি পূৰ্বৰ টিকাদান কাৰ্যক্ৰমসমূহৰপৰা আমি লাভ কৰা বৰ্ণাঢ্য শিক্ষাক বৰ্তমানৰ দেশজোৰা ক’ভিড-১৯ৰ টিকাদান কাৰ্যক্ৰমত তত্ত্বাৱধানৰ অৰ্থে প্ৰয়োগ কৰা হৈছে”, তেওঁ উল্লেখ কৰে।

দৰয়াগঞ্জস্থিত ইউপিএইচচিত, ডাঃ হৰ্ষ বৰ্ধনে ক’ভিড-১৯ৰ ভেকচিনটোৰ সুৰক্ষা, ফলপ্ৰসূতা আৰু অনাক্ৰম্যতা সন্দৰ্ভত তেওঁৰ পূৰ্বৰ সুনিশ্চিতি দোহাৰে। তেওঁ দোহাৰে যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বাধীন চৰকাৰখন সকলো নাগৰিকৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ। এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ উল্লেখ কৰে যে “মই ১৯৯৪ ত পলিঅ’ নিৰ্মূল অভিযানৰপৰা লাভ কৰা ব্যক্তিগত অভিজ্ঞতাৰপৰা ব্যক্ত কৰিব খুজিছো যে তেতিয়া দেশখনৰ জনসাধাৰণে কেতবোৰ দুষ্ট লোকে বিয়পোৱা উৰাবাতৰিৰ বিপৰীতে তেওঁলোকে ভেকচিনটোৰ বিজ্ঞানৰ প্ৰতি যি বিশ্বাসৰ মনোভাৱ পোষণ কৰিছিল সেয়া আছিল চিৰস্মৰণীয়।”

মন্ত্ৰীজনে কয় যে ২০২০ ৰ ২৮ ও ২৯ ডিচেম্বৰত চাৰিখন ৰাজ্যত সমগ্ৰ পৰিচালন পৰিকল্পনা আৰু আইটি প্লেটফৰ্মৰ ক্ষেত্ৰভিত্তিক পৰীক্ষণ সম্পন্ন হয় আৰু লাভ কৰা মতামতৰ ভিত্তিত, ব্যৱস্থাটোত নিৰ্দিষ্ট কেতবোৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। এই অনুশীলন সম্পাদন কৰাৰ অৰ্থে সকলো ৰাজ্যিক ও জিলা পৰ্যায়ৰ বিষয়া-বৰ্গক সম্পূৰ্ণৰূপে প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্য হৈছে ক’ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ অৰ্থে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ পৰীক্ষা কৰা। এই ক্ৰিয়াত মুখামুখি হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ জিলা আৰু ৰাজ্যিক পৰ্যায়ত পৰ্যালোচনা বৈঠকৰে এই অনুশীলনৰ অন্ত পৰিব। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক মতামত দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে যাৰ জৰিয়তে চূড়ান্ত সম্পাদনত যিকোনো সমস্যাৰপৰা এৰাই চলিবলৈ পৰ্যালোচনা কৰা হ’ব আৰু পৰিচালন প্ৰক্ৰিয়াটোৰ সংশোধনী কৰা হ’ব।

ডাঃ হৰ্ষ বৰ্ধনে তদুপৰি গুৰুত্ব সহকাৰে কয় যে ভাৰতৰ অতিশয় সক্ৰিয় পদক্ষেপসমূহে বিশ্বখনৰ সমাদৰ লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বত, ভাৰতে বিশ্বখনত সৰ্বাধিক আৰোগ্য লাভ আৰু অন্যতম সৰ্বনিম্ন মৃত্যুৰ হাৰ নিশ্চিত কৰিবলৈ যথোচিত নিৰীক্ষণ আৰু টেষ্টিঙৰ মজবুত সংকল্প গ্ৰহণ কৰিছে।

****

MV/SJ/SB



(Release ID: 1685756) Visitor Counter : 250