স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে নিম্নমুখী; ১৭৯ দিনৰ পিছত এই সংখ্যা হৈছে ২.৫৪ লাখ
বিগত ৭ দিনত দৈনিক মৃত্যুৰ সংখ্যা ধাৰাবাহিকভাৱে ৩০০ ৰ কম
Posted On:
01 JAN 2021 10:55AM by PIB Guwahati
ভাৰতত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে নিম্নমুখী হৈছে। আজি এই সংখ্যা আৰু হ্ৰাস পাই হৈছে ২ লাখ ৫৪ হাজাৰ ২৫৪ জন। ১৭৯ দিনৰ পিছত আক্ৰান্তৰ এই সংখ্যা সৰ্বনিম্ন হৈছে। বিগত ৬ জুলাইত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ২ লাখ ৫৩ হাজাৰ ২৮৭ জন।
বৰ্তমান ভাৰতত মুঠ আক্ৰান্তৰ কেৱল ২.৪৭ শতাংশই সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্ত হৈছে।

ভাৰতত সাম্প্ৰতিক দিনবোৰত দৈনিক ভিত্তিত আক্ৰান্তৰ সংখ্যা ২০ হাজাৰৰ ওচৰে পাজৰে আছে। বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ২০ হাজাৰ ৩৫ জন লোক। আনহাতে, সুস্থ হৈছে ২৩ হাজাৰ ১৮১ জন। সুস্থতাৰ সংখ্যা বিগত ৩৫ দিন ধৰি দৈনিক ভিত্তিত আক্ৰান্তৰ সংখ্যাৰ তুলনাত বেছি হোৱাত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাইছে।

দেশত মুঠ সুস্থতাৰ সংখ্যা ৯৮ লাখ ৮৩ হাজাৰ ৪৬১ জন। সুস্থতাৰ সংখ্যা আৰু সুস্পষ্টভাৱে আক্ৰান্তৰ সংখ্যাৰ মাজত পাৰ্থক্য ক্ৰমাৎ বৃদ্ধি পাইছে। এই পাৰ্থক্য বৰ্তমান বৃদ্ধি হৈ ৯৬ লাখ ২৯ হাজাৰ ২০৭ জন হৈছে।
সুস্থতাৰ সংখ্যা ধাৰাবাহিকভাৱে আক্ৰান্তৰ সংখ্যাৰ তুলনাত বৃদ্ধি হৈ থকাত ৰাষ্ট্ৰীয় স্তৰত আৰোগ্য লাভৰ হাৰ আজি বৃদ্ধি হৈছে ৯৬.০৮ শতাংশ।
দেশত বিগত ২৪ ঘন্টাত আৰোগ্য লাভকাৰীসকলৰ ৭৭.৬১ শতাংশই ১০ খন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলৰ পৰা।
কেৰেলাত একেদিনাই সৰ্বাধিক ৫ হাজাৰ ৩৭৬ জন লোক সুস্থ হৈছে। মহাৰাষ্ট্ৰত আৰোগ্য লাভ কৰিছে ৩ হাজাৰ ৬১২ জন লোকে আৰু পশ্চিমবঙ্গ সুস্থতাৰ সংখ্যা ১ হাজাৰ ৫৩৭ জন।

দেশত বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত সকলৰ ৮০.১৯ শতাংশই ১০ খন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলৰ লোক।
কেৰেলাত একেদিনাই সৰ্বাধিক ৫ হাজাৰ ২১৫ জন লোক আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ৩ হাজাৰ ৫০৯ জন।

দেশত বিগত ২৪ ঘন্টাত ক’ৰোনাজনিত কাৰণত ২৫৬ জন লোকৰ মৃত্যু হৈছে।
ইয়াৰ ভিতৰত ৮০.৪৭ শতাংশ লোকৰ মৃত্যু হৈছে ১০ খন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলত।
মহাৰাষ্ট্ৰত একেদিনাই সৰ্বাধিক ৫৮ জনৰ মৃত্যু হৈছে। কেৰেলাত মৃত্যু হৈছে ৩০ জনৰ আৰু পশ্চিমবঙ্গত মৃত্যু হৈছে ২৯ জনৰ।

দৈনিক ভিত্তিত ক’ৰোনাত মৃত্যুৰ সংখ্যা দেশত বিগত ৭ দিনত ৩০০-ৰ তলত আছে। ইয়াৰ ফলত, মৃত্যুৰ হাৰ কমিছে আৰু বৰ্তমান এই হাৰ ১.৪৫ শতাংশ হৈছে।

পাচখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু দিল্লীত সমগ্ৰ দেশৰ মুঠ মৃত্যুৰ ৬৩ শতাংশ লোকৰ মৃত্যু হৈছে।

***************************
MV/SJ/RD
(Release ID: 1685545)
Read this release in:
Tamil
,
Telugu
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam