শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰীয়ে কয়, "শ্ৰমেভ জয়তে" মন্ত্ৰৰ ভাৱনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি চৰকাৰে শ্ৰমিকৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ
শ্ৰী সন্তোষ কুমাৰ গংগাৱাৰে শ্ৰম ব্যুৰ'ৰ শতবৰ্ষ উদযাপন উপলক্ষ্যে এক বিশেষ ডাক টিকট মুকলি কৰে
"মেহনত কো সন্মান, অধিকাৰ এক ছমান'-এ সংগঠিত আৰু অসংগঠিত খণ্ডৰ কৰ্মীসকলৰ বাবে সমান অধিকাৰৰ ওপৰত চৰকাৰৰ গুৰুত্বক প্ৰতিনিধিত্ব কৰে: শ্ৰী গংগৱাৰ
प्रविष्टि तिथि:
30 DEC 2020 2:10PM by PIB Guwahati
কেন্দ্রীয় শ্রম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্রী শ্রী সন্তোষ কুমাৰ গংগৱাৰে শ্রম ব্যুৰ’ৰ শতবার্ষিকী উপলক্ষে আজি আয়োজিত এক অনুষ্ঠানত শ্রম ব্যুৰ’ৰ ওপৰত এটি বিশেষ ডাক টিকট মুকলি কৰে। ডাক বিভাগৰ সঞ্চালক প্ৰধান শ্রী বিনীত পাণ্ডেও এই অনুষ্ঠানত উপস্থিত আছিল।
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে এই অনুষ্ঠানত শ্রম ব্যুৰ’ৰ উদ্দেশ্যে এক বিশেষ বার্তা প্রদান কৰে। প্রধানমন্ত্রীয়ে বার্তাত জনাই যে শ্রম ব্যুৰ’ৱে বিগত এশ বছৰ ধৰি অতি নিষ্ঠা আৰু নিষ্ঠাৰে শ্ৰম, মূল্য আৰু নিয়োগৰ পৰিসংখ্যা সৃষ্টি কৰি আহিছে। শতবর্ষ উপলক্ষে বিশেষ ডাক টিকট মুকলি কৰাৰ বাবে ব্যুৰ’ক অভিনন্দন জনায় প্রধানমন্ত্রীয়ে। বার্তাত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে “শ্রমেভ জয়তে” মন্ত্রৰ উদ্যমী মনোভাব বজাই ৰাখিব লাগিব। শ্রমিকসকলৰ কল্যাণৰ বাবে চৰকাৰ প্রতিশ্রুতিবদ্ধ আৰু তেওঁলোকৰ উন্নয়নৰ বাবে নিৰন্তৰে প্রয়াস চলাই থকা হৈছে। প্রধানমন্ত্রীয়ে আৰু কয় যে তিনিটা ঐতিহাসিক শ্রম বিধিয়ে কেৱল মাত্র পৰিশ্ৰমী শ্রমিকসকলৰ স্বার্থই ৰক্ষা নকৰে, ইয়াৰ লগতে কর্মসংস্থানৰ সুযোগো বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাটোত উল্লেখ কৰিছিল যে কাৰ্যকৰী নীতি নিৰ্ধাৰণ আৰু শ্ৰমৰ কল্যাণৰ পৰিকল্পনাৰ বাবে শ্ৰমিক আৰু মজুৰিৰ ওপৰত নিৰ্ভৰযোগ্য পৰিসংখ্যাৰ উপলব্ধতা গুৰুত্বপূৰ্ণ। তেওঁ লগতে দৃঢ় বিশ্বাস প্ৰকাশ কৰে যে তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত শেহতীয়া প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰি ব্যুৰ’ৱে ইয়াৰ কাম উন্নীতকৰণ অব্যাহত ৰাখিব। ব্যুৰ’ৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবেও শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰীয়ে।
শ্রম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্রী শ্রী গংগৱাৰে অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি কয় যে, বিভিন্ন মূল্য আৰু শ্ৰমিক সম্পৰ্কীয় পৰিসংখ্যা সৃষ্টি কৰাৰ নিৰ্দেশনাৰ উপৰিও, চৰকাৰে ইয়াক অৰ্পণ কৰা সকলো জৰীপ আৰু অধ্যয়ন ব্যুৰ’ৱে অভিলেখ সময়ত সফলতাৰে আৰম্ভ কৰাৰ বাবে প্ৰশংসা লাভ কৰিছে। তেওঁ কয় যেতিয়া আমাৰ দেশত কেৱল পাঁচ বছৰত এবাৰহে চাকৰিৰ তথ্য উপলব্ধ হয়, তেতিয়া ব্যুৰ’ৱে নিয়োগ আৰু নিৱনুৱাৰ ওপৰত সর্বভাৰতীয় স্তৰত ঘৰে ঘৰে সমীক্ষা চলাই বার্ষিক প্রতিবেদন প্ৰস্তুত কৰা দেশৰ প্ৰথম চৰকাৰী সংস্থা হৈ পৰিছিল। আনকি ত্রৈমাসিক ভিত্তিতো প্রতিবেদন প্রকাশ কৰা হৈছে। প্রধানমন্ত্রী মুদ্রা যোজনা (পিএমএমৱাই)ৰ অধীনত অভিলেখ সময়ত কর্মসংস্থান সৃষ্টি নির্ধাৰণৰ কামো ব্যুৰ’ক অর্পণ কৰা হৈছে বুলি তেওঁ জনায়।
শ্রী গংগৱাৰে কয় সম্প্রতি কৰ্মহীন হৈ বহিঃৰাজ্যৰ পৰা অহা শ্রমিক, ঘৰৰ কামত জড়িত কর্মী আৰু পৰিবহণ শ্রমিকসকলৰ ওপৰত চাৰিটা সর্বভাৰতীয় সমীক্ষাৰ দায়িত্ব অর্পণ কৰা হৈছে শ্রম ব্যুৰ’ক। ২০২১ চনৰ মার্চ মাহৰ প্রথম ভাগত ইয়াৰ কাম আৰম্ভ হ’ব আৰু অক্টোবৰত প্রতিবেদন প্রকাশ কৰা হ’ব। শ্রম ব্যুৰ’ৰ ঐতিহ্য আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্রীগৰাকীয়ে। অনুষ্ঠানত মন্ত্রালয়ৰ সচিব আৰু শ্রম ব্যুৰ’ৰ সঞ্চালকপ্ৰধান সহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
*********
BN/SS/IA/KG
(रिलीज़ आईडी: 1685006)
आगंतुक पटल : 128