প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৩৪তম প্ৰগতি বাৰ্তালাপত অধ্যক্ষতা কৰে

Posted On: 30 DEC 2020 7:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৩৪তম প্ৰগতি বাৰ্তালাপত অধ্যক্ষতা কৰে। আজিৰ সভাত, বিভিন্ন প্ৰজেক্ট, কাৰ্যক্ৰম আৰু ওজৰ-আপত্তিৰ পৰ্যবেক্ষণ কৰা হয়। ৰে'ল মন্ত্ৰালয়, পথ পৰিবহন আৰু ঘাইপথ আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়। মুঠ প্ৰায় ১ লাখ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পসমূহ হৈছে দহখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল য'ত আছে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, দিল্লী, হাৰিয়ানা, গুজৰাট আৰু দাদৰা আৰু নগৰ হাভেলি।

 

বাৰ্তালাপৰ সময়ত, আয়ুষ্মান ভাৰত আৰু জল জীৱন মিছন কাৰ্য্যক্ৰমকেইটা পৰ্যবেক্ষণ কৰা হয়। লগতে, উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয় সম্পৰ্কীয় ওজৰ-আপত্তি গ্ৰহণ কৰা হয়।

 

প্ৰধানমন্ত্ৰীয়ে সকলো বিষয়াকে ওজৰ-আপত্তিবিলাক খৰতকীয়াকৈ যথাযথভাৱে নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে। পৰ্যবেক্ষণ কৰি থকা প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিষ্পত্তি নোহোৱাকৈ পৰি থকা বিষয়বিলাক সোনকালে কাৰ্যকৰী কৰাৰ লগতে নিৰ্দ্ধাৰিত তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ মুখ্য সচিবসকলক নিৰ্দেশ দিয়ে। তেওঁ কয় যে সকলো ৰাজ্যই সোনকালেই আয়ুষ্মান ভাৰতত ১০০ শতাংশ অন্তৰ্ভুক্তিৰ যত্ন কৰা উচিত। তেওঁ লগতে জল জীৱন মিছনৰ অধীনত মিছন মোডত লক্ষ্যসমূহ আহৰণ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক উৎসাহিত কৰে।

 

পূৰ্বৰ ৩৩ প্ৰগতি বাৰ্তালাপত, ১৮টা খণ্ডত ২৮০টা প্ৰকল্প, লগতে ৫০টা কাৰ্যক্ৰম/আঁচনি আৰু ওজৰ-আপত্তি গ্ৰহণ কৰা হৈছিল।

*****

 

DS /AKJ



(Release ID: 1684977) Visitor Counter : 118