স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

SARS-CoV-2 ৰ মিউটেন্ট সংস্কৰণৰ জেনম অনুক্ৰমণৰ প্ৰাৰম্ভিক ফলাফল মুকলি ভাৰতীয় SARS-CoV-2 জেনমিক্স কনচৰ্টিয়াম (INSACOG) লেবৰ

Posted On: 29 DEC 2020 9:33AM by PIB Guwahati

যুক্তৰাজ্যৰপৰা লাভ কৰা SARS- CoV-2 ভাইৰাচৰ মিউটেন্ট সংস্কৰণৰ ফলাফলক গ্ৰহণ কৰিছে ভাৰত চৰকাৰে আৰু মিউটেন্ট সংস্কৰণটোক চিনাক্ত আৰু প্ৰতিহত কৰিবলৈ অতিশয়-সক্ৰিয় আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে।

সীমাবদ্ধ নোহোৱা ব্যৱস্থাসমূহৰ ভিতৰত আছেঃ-

  1. ২৩ ডিচেম্বৰ, ২০২০ ৰ মাজৰাতিৰপৰা কাৰ্যকৰী হোৱাকৈ ৩১ ডিচেম্বৰ, ২০২০ পৰ্যন্ত যুক্তৰাজ্যৰপৰা অহা সকলো বিমানৰ অস্থায়ী স্থগন।
  2. যুক্তৰাজ্যৰপৰা ঘূৰি অহা সকলো বিমান যাত্ৰীৰ বাধ্যতামূলক আৰটি-পিচিআৰ টেষ্ট। যুক্তৰাজ্যৰপৰা ঘূৰি অহা যাত্ৰীসকলৰ আৰটি- পিচিআৰ টেষ্টত পজিটিভ ধৰা পৰিলে ১০ চৰকাৰী লেব উদাহৰণস্বৰূপেঃ INSACOG ৰ কনচৰ্টিয়ামৰদ্বাৰা জেনম অনুক্ৰম সম্পন্ন কৰা যাব।
  3. ২৬ ডিচেম্বৰ, ২০২০ ত অনুষ্ঠিত ক’ভিড-১৯ সন্দৰ্ভত নেশ্যনেল টাস্ক ফ’ৰ্চ (NTF)ৰ বৈঠকত টেষ্টিং, ট্ৰিটমেন্ট, নিৰীক্ষণ আৰু প্ৰতিৰোধ ব্যৱস্থাৰ কথা বিবেচনা কৰা হয় আৰু পৰামৰ্শ প্ৰদান কৰা যায়।
  4. SARS-CoV-2 ৰ মিউটেন্ট সংস্কৰণটোক অতিক্ৰম কৰিবলৈ ২২ ডিচেম্বৰ, ২০২০ ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অৰ্থে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট’কল জাৰি কৰা হৈছে।

২৬ ডিচেম্বৰ, ২০২০ ত এনটিএফৰদ্বাৰা সমগ্ৰ সংস্কৰণটো বিস্তৃতভাৱে পৰীক্ষা কৰা যায় আৰু এনটিএফে এই সিদ্ধান্তত উপনীত হয় যে মিউটেন্ট সংস্কৰণটোৰ পৰিপ্ৰেক্ষিতত বৰ্তমানে থকা নেশ্যনেল ট্ৰিটমেন্ট প্ৰট’কল বা বৰ্তমানে থকা টেষ্টিং প্ৰট’কল পৰিৱৰ্তন কৰাৰ আৱশ্যকতা নাই। এনটিএফে তদুপৰি এই পৰামৰ্শ আগবঢ়াই যে বৰ্তমানে থকা নিৰীক্ষণ ব্যৱস্থাত সংযোজন স্বৰূপে, বৰ্ধিত জেনমিক নিৰীক্ষণ সম্পন্ন কৰাটো জটিল।

২৫ নৱেম্বৰ, ২০২০ ৰপৰা ২৩ ডিচেম্বৰ, ২০২০ ৰ মাজনিশালৈকে, যুক্তৰাজ্যৰপৰা প্ৰায় ৩৩,০০০ যাত্ৰী আহি ভিন্ন ভাৰতীয় বিমানবন্দৰত অৱতৰণ কৰিছেহি। এই সকলোবোৰ যাত্ৰীক অনুসৰণ কৰা হয় আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সাপেক্ষে আৰটি-পিচিআৰ টেষ্ট কৰা হয়। এতিয়ালৈকে মাত্ৰ ১১৪ জন যাত্ৰীৰ দেহত পজিটিভ ধৰা পৰিছে। এই পজিটিভ নমুনাসমূহৰ জেনমিক অনুক্ৰমৰ অৰ্থে ১০ INSACOG লেব (NIBMG কলকাতা, ILS ভূৱনেশ্বৰ, NIV পুনে, CCS পুনে, CCMB হায়দৰাবাদ, CDFD হায়দৰাবাদ, InSTEM বেংগালুৰু, NIMHANS বেংগালুৰু, IGIB দিল্লী, NCDC দিল্লী) লৈ প্ৰেৰণ কৰা যায়।

যুক্তৰাজ্যৰপৰা ঘূৰি অহা ৬ জন লোকৰ ৬ টা নমুনা নতুন যুক্তৰাজ্য সংস্কৰণ জেনমেৰে পজিটিভ পোৱা গৈছে। ইয়াৰে ৩ টা NIMHANS, বেংগালুৰু, ২ টা CCMB, হায়দৰাবাদ আৰু এটা NIV, পুনেত পোৱা যায়।

এনে প্ৰতিজন লোককে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰদ্বাৰা সহজতৰ কৰা নিৰ্ধাৰিত হেল্থ কেয়াৰ ফেচিলিটত একোটাকৈ কোঠাত আইছ’লেশ্যনত ৰখা যায়। তেওঁলোকৰ সান্নিধ্যলৈ অহা লোকসকলক কোৱাৰেন্টাইনত ৰখা যায়। সহ-যাত্ৰী, পৰিয়ালৰ লোক আৰু অন্যান্যসকলৰ বাবে বিস্তৃত কনটেক্ট ট্ৰেচিং কৰা হৈছে। আন নমুনাসমূহৰ জেনম অনুক্ৰম অব্যাহত আছে।

পৰিস্থিতিটোৰ ওপৰত সতৰ্ক দৃষ্টি আৰোপ কৰি ৰখা হৈছে আৰু নিৰীক্ষণ, কন্টেইনমেন্ট, টেষ্টিং বৃদ্ধিৰ অৰ্থে ও INSACOG লেবলৈ নমুনাসমূহ প্ৰেৰণ কৰিবলৈ ৰাজ্যসমূহলৈ নিয়মীয়া পৰামৰ্শ আগবঢ়াই থকা হৈছে।

উল্লেখযোগ্য যে নতুন যুক্তৰাজ্য সংস্কৰণৰ উপস্থিতি ইতিমধ্যে ডেনমাৰ্ক, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, ইটালী, চুইডেন, ফ্ৰান্স, স্পেইন, চুইজাৰলেণ্ড, জাৰ্মানী, কানাডা, জাপান, লেবানন আৰু চিংগাপুৰ লাভ কৰা হৈছে।

****

MV/SB



(Release ID: 1684569) Visitor Counter : 236