স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত একেৰাহে ১৩দিন দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ৩০ হাজাৰতকৈ কম হৈছে

বিগত ২৯ দিন ক্ৰমাগতভাৱে নতুন আক্ৰান্ততকৈ আৰোগ্য ৰোগীৰ সংখ্যা অধিক হৈছে

Posted On: 26 DEC 2020 10:44AM by PIB Guwahati

বৰ্ধিত আৰোগ্যৰ সংখ্যাৰ বিপৰীতে নতুন আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত চিকিৎসাধীন ৰোগী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যাও কমি আহিছে৷ আজি দেশত মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ৯৭,৪০,১০৮জন হৈছে৷ ভাৰতৰ সামগ্ৰিক আৰোগ্যৰ ৰোগী সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক৷

আজি দেশৰ আৰোগ্যৰ হাৰ ৯৫.৭৮%লৈ উন্নীত হৈছে৷

ভাৰতত বৰ্তমান ২,৮১,৬৬৭জন ৰোগী চিকিৎসাধীন হৈ আছে, যিটো মুঠ আক্ৰান্তৰ ২.৭৭%৷

WhatsApp Image 2020-12-26 at 10.09.38 AM.jpeg

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৯০শতাংশতকৈ অধিক৷

WhatsApp Image 2020-12-26 at 10.07.00 AM.jpeg

বিগত ১৩ দিন একেৰাহে নতুন আক্ৰান্তৰ সংখ্যা ৩০হাজাৰতকৈ কম হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ২২,২৭৩গৰাকী ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-12-26 at 9.57.19 AM.jpeg

ইফালে, বিগত ২৯ দিন নতুন আক্ৰান্ততকৈ দৈনিক আৰোগ্য লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ২২,২৭৪গৰাকী ৰোগী আৰোগ্য হৈছে৷

WhatsApp Image 2020-12-26 at 10.01.59 AM.jpeg

নতুন আৰোগ্য লোকৰ ৭৩.৫৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে ভিতৰত কেৰালাত সৰ্বাধিত ৪,৫০৬জন আৰু পশ্চিমবংগত ১,৯৫৪ আৰু মহাৰাষ্ট্ৰত ১,৪২৭জন লোক আৰোগ্য হৈছে৷

WhatsApp Image 2020-12-26 at 9.52.25 AM.jpeg

নতুনকৈ আৰোগ্য লোকৰ ৭৯.১৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে ভিতৰত কেৰালাত সৰ্বাধিক ৫,৩৯৭জনৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত ক্ৰমে ৩,৪৩১ আৰু ১,৫৪১জন আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-12-26 at 9.49.29 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ২৫১জন ৰোগীৰ ক’ৰোনাত মৃত্যু হৈছে৷

ইয়াৰে ৮৫.২৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৭১জনৰ লগতে পশ্চিমবংগ আৰু দিল্লীত ক্ৰমে ৩১ আৰু ৩০জনকৈ ৰোগী মৃত্যু হৈছে৷

WhatsApp Image 2020-12-26 at 9.50.48 AM.jpeg

****

MV/SJ/DB



(Release ID: 1683949) Visitor Counter : 130