কৃষি মন্ত্ৰালয়

কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বাজেট বিগত ছয়বছৰত ছয়বাৰতকৈ অধিক বৃদ্ধি পাইছেঃ হৰদীপ এছ পুৰী

যোৱা বছৰৰ তুলনাত পঞ্জাৱত ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় ২৫ শতাংশ অধিক হৈছে

এতিয়ালৈকে পিএম কৃষক আঁচনিৰ জৰিয়তে কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হৈছে ১,১০,০০০ কোটি টকাৰ অধিক

Posted On: 26 DEC 2020 3:15PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ পুৰীকৈ কৈছে যে কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বাজেট বিগত ছয় বছৰত ছয়বাৰকৈ অধিক বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৎপাদন ব্যয়ৰ তুলনাত ন্যূনতম সমৰ্থন মূল্য ১.৫ গুণ বৃদ্ধি কৰাৰ বাবে স্বামীনাথন সমিতিৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰিছে। তেওঁ উল্লেখ কৰিছিল যে ২০০৯-১৪ৰ তুলনাত ২০১৪-১৯ চনত ন্যূনতম সমৰ্থন মূল্যত ক্ৰয়ৰ ওপৰত ব্যয় কৰা পৰিমাণ ৮৫ শতাংশ বৃদ্ধি হৈছিল। ২০১৩-১৪ চনৰ তুলনাত ২০২০-২১ চনত সকলো মুখ্য শস্যৰ বাবে ৪০-৭০শতাংশলৈকে ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। তেওঁ আৰু কয় যে এই বছৰ পঞ্জাৱৰ ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় যোৱা বছৰৰ তুলনাত ২৫ শতাংশ অধিক আৰু এই বছৰৰ বাবে ক্ৰয়ৰ লক্ষ্যতকৈ এয়া ২০ শতাংশ অধিক। তেওঁ জনোৱা অনুসৰি, ১,১০,০০০ কোটি টকা টকা প্ৰত্যক্ষভাৱে কৃষকৰ একাউণ্টলৈ পিএম কৃষক আঁচনিৰ জৰিয়তে স্থানান্তৰ কৰা হৈছে আৰু এতিয়ালৈকে ১৭,৪৫০ কোটি টকাৰ প্ৰিমিয়ামৰ বিপৰীতে কৃষকসকলক ৮৭,০০০ কোটি টকা শস্য বীমা হিচাপে পৰিশোধ কৰা হৈছে।

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু জনোৱা অনুসৰি, ১৯৫০ চনত ভাৰতীয় কৃষি খণ্ডই দেশৰ মুঠ ঘৰুৱা উৎপাদনত প্ৰায় ৫২ শতাংশ অৱদান আগবঢ়াইছিল আৰু আমাৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশ লোকক নিয়োজিত কৰিছিল। তেওঁ লগতে কয় যে ২০১৯ চনলৈকে, খণ্ডটোৱে এতিয়াও আমাৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪২ শতাংশ লোকক নিয়োজিত কৰিছিল কিন্তু জিডিপিত মাত্ৰ ১৬ শতাংশ অৱদান আগবঢ়াইছিল

 

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকৰ ২০১৮ চনৰ এক অধ্যয়নৰ কথা উল্লেখ কৰি শ্ৰী পুৰীয়ে কয় যে মুঠ কৃষক পৰিয়ালৰ ৫২.৫ শতাংশই ১,৪৭০ ডলাৰ (প্ৰায় ১.০৮ লাখ টকা)গড় ঋণৰ সৈতে ঋণী আছিল। তেওঁ লগতে কয় যে সঠিক শীতল শৃংখল আন্তঃগাঁথনিৰ অভাৱত আমাৰ ৩০ শতাংশ কৃষি উৎপাদন নষ্ট হৈ আছে। তেওঁ আৰু কয় যে এই কাৰকবোৰ এক অক্ষম যোগান শৃংখলৰ বাবে সৃষ্টি হয় আৰু ফলস্বৰূপে গ্ৰাহকৰ হাতত সামগ্ৰীৰ বিকল্প নাথাকে, অপচয় অধিক হয় আৰু দাম অতি সঘনে সলনি হয়। তেওঁ লগতে কয় যে একে সময়তে ভাৰতীয় কৃষকসকল জলবায়ু পৰিৱৰ্তন, বজাৰ, মধ্যভোগী আৰু অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ অভাৱৰ দৰে কাৰকৰ ওপৰতো নিৰ্ভৰশীল।

 

শ্ৰী পুৰীয়ে উল্লেখ কৰে যে আগশাৰীৰ কৃষি অৰ্থনীতি বিজ্ঞানীসকলেও এই সংস্কাৰৰ পৰামৰ্শ দিছে, যাৰ ফলত আমাৰ কৃষকসকলে তেওঁলোকৰ সামগ্ৰী খোলা বজাৰত বিক্ৰী কৰিব পাৰে। তেওঁ লগতে কয় যে কিছুসংখ্যক ভাৰতীয় ৰাজ্যইও বছৰপূৰ্বে এই সংস্কাৰবোৰ গ্ৰহণ আৰু ৰূপায়ণ কৰিছে- উদাহৰণস্বৰূপে, বিহাৰ, 'ত কৃষি বিকাশৰ গড় ৰাষ্ট্ৰীয় গড় মাত্ৰ শতাংশৰ তুলনাত শতাংশ।

 

 

********

APS/KG



(Release ID: 1683943) Visitor Counter : 118