পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

অসমত ২৭টা ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি গাডকাৰীয়ে ক’লে তেওঁৰ অন্তৰত অসমৰ প্ৰতি এক বিশেষ স্থান আছে

মন্ত্ৰীগৰাকীয়ে লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এক ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে

Posted On: 25 DEC 2020 7:31PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ, ঘাইপথ আৰু এমএছএমই মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি অসমত ২৭টা ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷

এই প্ৰকল্পসমূহৰ অধীনত ২,৩৬৬ কোটি টকা ব্যয়েৰে ৪৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব৷ এই প্ৰকল্পসমূহে ৰাজ্যখনত বাণিজ্যিক সামগ্ৰীৰ সুগম পৰিবহণতে সহায় নকৰে, বৰঞ্চ সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা, নিয়োগৰ সুবিধা বৃদ্ধি, সময় আৰু ইন্ধন ৰাহি, পৰ্যটন আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে যাতায়াতৰ উন্নতি সাধনে কৃষিজাত সামগ্ৰী বৃহ বজাৰলৈ নিয়াৰ ক্ষেত্ৰতো সহায় কৰিব৷

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰয়াত নেতাগৰাকীৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত মন্ত্ৰী গাডকাৰীয়ে অসম চৰকাৰক ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায় কৰাৰ আশ্বাস দিয়ে৷ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ বাবে চিআৰআইএফৰ অধীনৰ ১৭৪টা প্ৰকল্পৰ বাবে ২,১০৪ কোটি টকা অনুমোদন দিয়া হৈছে আৰু ইয়াৰে ১,১৭৭ কোটি টকা ইতিমধ্যে মুকলি দিয়া হৈছে৷ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে চিআৰআইএফৰ অধীনত বছৰি ১৩৯ কোটি টকা প্ৰদান কৰিব লাগে যদিও ৰাজ্যখনক চলিত বিত্তীয় বৰ্ষত ২২১কোটি টকা প্ৰদান কৰা হৈছে৷

মন্ত্ৰী গাডকাৰীয়ে অসমৰ বাবে এনএইচঅ’ পূঁজিৰ পৰিমাণ ১,২১৩ কোটিৰ পৰা বৃদ্ধি কৰি ২,৫৭৮ কোটি টকা কৰা বুলি ঘোষণা কৰে৷ মন্ত্ৰীৰ ঘোষণাত উপস্থিত ৰাইজে হাতচাপৰিৰে সঁহাৰি জনায়৷

মন্ত্ৰীগৰাকীয়ে জনায় যে পথ আৰু আন্তঃগাঁথনিমূলক কামৰ বাবে ৰাজ্যখনত ৮৫,০০০ কোটি টকা ব্যয় কৰা হ’ব৷ ২০২১ বৰ্ষত ২৬,০০০ কোটি টকাৰ ডিপিআৰ প্ৰস্তুত কৰাৰ বিপৰীতে ১৪,০০০ কোটি টকা মূল্যৰ কামত অনুমোদন জনোৱা হৈছে৷ তেওঁ কয় যে ২০২০ বৰ্ষত ১,১০২ কোটি টকা ব্যয়েৰে ৰাজ্যখনত ২১৭ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হয়৷ গাডকাৰীয়ে কয় যে অহা বছৰ ২,৫১১ কোটি টকা ব্যয়েৰে ৩৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ কাম সম্পূৰ্ণ কৰা হ’ব৷ এই বছৰৰ ১৩,৬২০ কোটি টকা ব্যয়েৰে ২৯৫ কিলোমিটাৰ পথৰ নিৰ্মাণকাৰ্য হাতত লোৱা হৈছে৷ ৮৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ ২০ প্ৰকল্পৰ বাবে ২৫,৭০০ কোটি টকাৰ ডিপিআৰ প্ৰস্তুত কৰা হৈছে৷

মন্ত্ৰী গাডকাৰীয়ে শিলচৰত এখন মাল্টি ম’ডেল ল’জিষ্টিক পাৰ্ক(এমএমএলপি) নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে৷ যোগীঘোপাৰ পাছত এইখন অসমৰ দ্বিতীয়খন এমএমএলপি হ’ব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে বৰাক নদীৰ পাৰৰ হৰিণাচৰা গাঁৱত ২০০ বিঘা ভূমি প্ৰদান কৰিব৷ ইয়াৰ ফলত হ’বলগীয়া পথ আৰু জল পৰিবহণৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ সুফল লাভ কৰিব স্থানীয় লোকসকলে৷

মন্ত্ৰীগৰাকীয়ে লগতে ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম অহা মাহত আৰম্ভ কৰিব বুলি ঘোষণা কৰে৷ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলং নিৰ্মাণৰ বাবে ৪,৪৯৭ কোটি ব্যয় কৰা হ’ব৷ এই দলঙে অসম আৰু মেঘালয়ৰ মাজৰ দুৰত্ব ২০৩ কিলোমিটাৰলৈ হ্ৰাস কৰিব৷ মন্ত্ৰীগৰাকীয়ে অহা ১৫ দিনৰ ভিতৰত প্ৰধানমন্ত্ৰীক এই দলঙৰ আধাৰশিলা স্থাপনৰ বাবে অনুৰোধ জনাব বুলি কয়৷

তেওঁ লগতে ৬.৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী দলঙৰ ডিপিআৰ প্ৰস্তুত কৰা তথা নিবিদা আহ্বান কৰা বুলিও সদৰি কৰে, যিটো ৯০০ কোটি টকাৰ ১৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী প্ৰকল্পৰ অংশ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা সকলো পৰামৰ্শ আগুৱাই নিয়াৰ আশ্বাস দিয়ে৷ তেওঁ কয় যে তেওঁৰ চৰকাৰ ৰাজ্যখনৰ উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ জীৱন যাপনৰ মান উন্নীতকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত তেওঁৰ চৰকাৰে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ দিশত কাম কৰি আছে৷

******

DB



(Release ID: 1683734) Visitor Counter : 130