প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা সচিবে ডিজিএনচিচি ডিজিটেল ফ’ৰাম মুকলি কৰে

Posted On: 24 DEC 2020 3:02PM by PIB Guwahati

প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰে আজি ইয়াত ডিজিএনচিচি ডিজিটেল ফ’ৰাম মুকলি কৰে। এই ডিজিটেল ফ’ৰাম ডিজিএনচিচি ৱেবছাইটত উপলব্ধ হ’ব আৰু ই দেশৰ সকলো প্ৰান্তৰ ৰাষ্ট্ৰীয় কেডেট বাহিনীৰ কেডেটসকলক তেওঁলোকৰ বিভিন্ন গতিবিধিৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ এখন মঞ্চ প্ৰদান কৰিব।

অনুষ্ঠানত প্ৰতিৰক্ষা সচিবগৰাকীয়ে কয় যে এই ফ’ৰামৰ সহায়ত এনচিচি কেডেটসকলে এনচিচিৰ প্ৰশিক্ষণ, সামাজিক সেৱা, সমাজ-উন্নয়ন, ক্ৰীড়া আৰু দুঃসাহসিক কাৰ্যকলাপ তথা অন্যান্য বিষয়ক লৈ তেওঁলোকৰ অভিজ্ঞতা, মতামত আৰু দিহা-পৰামৰ্শসমূহৰ ভাৱ-বিনিময় কৰিব পাৰিব।

ড০ অজয় কুমাৰে দেশৰ প্ৰায় ১লাখৰো অধিক এনচিচি কেডেটক ভূয়সী প্ৰশংসা কৰে, যিয়ে মহামাৰীৰ বিৰুদ্ধে যুঁজত আগশাৰীৰ কৰোনা যোদ্ধা হিচাপে বিভিন্ন কৰ্ম সম্পাদন কৰি সমাজলৈ উল্লেখনীয় অৱদান আগবঢ়াইছে। এনচিচিয়ে কেডেটসকলক আত্ম-অনুশাসন, ধৰ্মনিৰপেক্ষতা, পাৰস্পৰিক বিশ্বাস-আস্থা আৰু নিঃস্বাৰ্থ সেৱাৰ সৈতে একাত্ম কৰে, যিয়ে কেডেটসকলক জীৱনৰ সকলো ক্ষেত্ৰত অনুপ্ৰাণিত কৰে।

এই এনচিচি ডিজিটেল ফ’ৰাম হ’ল এক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিকোণ অনুসৰি এনচিচিৰ ডিজিটেলকৰণৰ দিশত এক ইতিবাচক পদক্ষেপ।

এনচিচিৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চোপ্ৰা আৰু ডিজিএনচিচি মুখ্য কাৰ্যালয়ৰ অন্যান্য জেষ্ঠ বিষয়ববীয়াসকলো অনুষ্ঠানত উপস্থিত থাকে।

***********

ABB/Nampi/Rajib/MS



(Release ID: 1683498) Visitor Counter : 191