অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ব্ৰিটেনগামী আৰু তাৰ পৰা উভতি অহা সকলো বিমান সেৱা বাতিল ভাৰতৰ

ক’ৰোনা ভাইৰাছৰ এক নতুন প্ৰজাতিৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত

২০২০ চনৰ ২২ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বাতিল সকলো বিমান সেৱা

ট্ৰানজিট বিমানৰ সকলো যাত্ৰীৰ বাবে আৰটি-পিচিআৰ টেষ্ট বাধ্যতামূলক

Posted On: 21 DEC 2020 6:22PM by PIB Guwahati

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে কাইলৈ (২২ ডিচেম্বৰ)ৰ পৰা ভাৰতলৈ অহা ব্ৰিটেইনৰ সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সেৱা আগন্তুক ৩১ ডিচেম্বৰ পৰ্যন্ত বাতিল থাকিব। তেওঁ লগতে জনায়, একাধিক দেশত ক’ৰোনা ভাইৰাছৰ নতুন ষ্ট্ৰেইন (প্ৰজাতি) বিয়পি পৰাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে প্ৰয়োজনীয় সকলোধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ব্ৰিটেইনত উদ্ভৱ হোৱা ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে আগন্তুক ৩১ ডিচেম্বৰ পৰ্যন্ত ব্ৰিটেইনগামী আৰু তাৰ পৰা উভতি অহা সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি মাজৰাতিৰ পৰাই এই সিদ্ধান্ত কাৰ্যকৰী হৈছে। অৱশ্যে, ডিজিচিএৰ তৰফৰ পৰা যিবোৰ আন্তৰ্জাতিক পণ্য পৰিবাহী বিমান বা বিশেষ বিমান সেৱাৰ অনুমতি আছে, সেই ক্ষেত্ৰত  মন্ত্ৰালয়ৰ এই সিদ্ধান্ত কাৰ্যকৰী নহ’ব।

যিবোৰ বিমান সংস্থাই বিভিন্ন দেশৰ পৰা ভাৰতলৈ বিমান সেৱা দি থাকে সেই বিমানবোৰত ব্ৰিটেইনৰ পৰা ভ্ৰমণ কৰি থকা কোনো যাত্ৰীকে ভাৰতত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। আনকি, সমগ্ৰ ব্ৰিটেইনৰ পৰা বা আন কোনো দেশৰ পৰা আগতে ব্ৰিটেইনৰ নাগৰিকসকলৰ ভাৰতত প্ৰৱেশৰ অনুমতি নাই।

আগন্তুক সতৰ্কতামূলক ব্যৱস্থা হিচাপে ব্ৰিটেইনৰ পৰা যিসকল যাত্ৰীয়ে ২২ ডিচেম্বৰৰ পূৰ্বে ভাৰতত আহি উপস্থিত হ’ব, তেওঁলোকে বিমানবন্দৰত উপস্থিত হোৱা মাত্ৰকে বাধ্যতামূলকভাৱে আৰটি-পিচিআৰ পদ্ধতিত নমুনা পৰীক্ষা কৰাব লাগিব। নমুনা পৰীক্ষাত যিবোৰ যাত্ৰীৰ ক’ভিড-১৯ উপস্থিতিৰ প্ৰমাণ পোৱা যাব, তেওঁলোকক স্বাস্থ্যমন্ত্ৰালয়ৰ নীতি-নিৰ্দেশিকা অনুযায়ী কোৱাৰেন্টাইনত থাকিব লাগিব আৰু চিকিৎসাৰ বাবেও যাৱতীয় খৰচ বহন কৰিব লাগিব।

 

****

RJ/NG/RD



(Release ID: 1682563) Visitor Counter : 120