উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
ক’ভিডৰ পৰৱর্তী সময়ত উত্তৰ-পূর্বাঞ্চল জনপ্রিয় পর্যটন আৰু ব্যৱসায়-বাণিজ্যৰ কেন্দ্রস্থলত পৰিণত হ’বঃ ড০ জিতেন্দ্র সিং
Posted On:
19 DEC 2020 5:39PM by PIB Guwahati
কেন্দ্রীয় উত্তৰ-পূর্বাঞ্চল উন্নয়ন (স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি কয় যে ক’ভিডৰ পৰৱর্তী সময়ত উত্তৰ-পূর্বাঞ্চল দেশৰ জনপ্রিয় পর্যটন আৰু ব্যৱসায়-বাণিজ্যৰ কেন্দ্রস্থলত পৰিণত হ’ব। অষ্টম উত্তৰ-পূর্বাঞ্চল উৎসৱত মুখ্য অতিথি হিচাপে অনলাইন মাধ্যমেৰে অংশগ্ৰহণ কৰি মন্ত্রীগৰাকীয়ে লগতে কয় যে উত্তৰ-পূর্বাঞ্চলে ইয়াৰ অপৰিসীম প্রাকৃতিক আৰু দক্ষ মানৱ সম্পদৰ ওপৰত ভিত্তি কৰি ভাৰতক অর্থনৈতিক দিশত মহাশক্তিধৰ দেশত পৰিণত কৰাত অগ্রণী ভূমিকা পালন কৰিব৷ অর্থনীতিৰ অগ্রগতিত ‘নতুন চালিকাশক্তি’ হিচাপে এই অঞ্চলটোৱে কাম কৰিব বুলি মন্তব্য কৰি ড০ সিঙে লগতে কয় যে ইউৰোপৰ পর্যটন কেন্দ্রসমূহৰ বিকল্প হৈ উঠাৰ ব্যাপক সম্ভাৱনা উত্তৰ-পূর্বাঞ্চলৰ আছে। সমগ্ৰ বিশ্ব যিসময়ত ক’ৰোনা ভাইৰাছত সংক্রমিত হৈ আছে, সেই সময়ত উত্তৰ-পূর্বাঞ্চল ভাৰ্চুৱেলী মহামাৰী মুক্ত৷
ড০ জিতেন্দ্র সিঙে আশা প্রকাশ কৰে যে ভ্রমণ পিপাষু পৰ্যটকসকলে অনাগত ঋতুত তেওঁলোকৰ পছন্দৰ গন্তব্যস্থান হিচাপে নিশ্চয় উত্তৰ-পূর্বাঞ্চলকে বাছনি কৰিব৷ ইয়াৰ মনোমোহা প্রাকৃতিক সৌন্দর্যই পর্যটকসকলক আৰু অধিক আকৃষ্ট কৰিবলৈ সক্ষম হ’ব৷ বাকী বিশ্বই যিসময়ত আর্থিক বিকাশৰ গতি পুনৰুদ্ধাৰৰ প্রচেষ্টা চলাই আছে, তেনে সময়ত উত্তৰ-পূর্বাঞ্চলে ভাৰতৰ বিকাশৰ ক্ষেত্রত নতুন চালিকাশক্তি হৈ উঠিব বুলিও তেওঁ মত প্রকাশ কৰে৷
মন্ত্ৰী ড০ সিঙে কয় যে এই অঞ্চলটোত বাঁহকে ধৰি সকলো প্রাকৃতিক সম্পদৰে ভৰপূৰ, সেইবোৰ উপযুক্তভাৱে কামত লগাব লাগিব আৰু ‘ভোকেল ফৰ লোকেল’ মন্ত্রক সাৰোগত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ অভিযানৰ স্বপ্নক আৰু অধিক প্রসাৰিত কৰিব লাগিব৷ বৰ্তমান কেন্দ্রীয় চৰকাৰে কেঁচা বাঁহজাতীয় সামগ্রীৰ আমদানিৰ ওপৰত ২৫ শতাংশ হাৰত কৰ আৰোপ কৰিছে৷ ইয়াৰ ফলত আচবাব, হস্তশিল্প আৰু ধূপকাঠি প্ৰস্তুতৰ দৰে থলুৱা বাঁহকেন্দ্রিক উদ্যোগ প্ৰতিষ্ঠানৰ লেনদেন আৰু ব্যৱসায় প্ৰসাৰিত হ’ব৷ শতাব্দী প্ৰাচীন ভাৰতীয় বন আইনখন ২০১৭ চনত কৰা সংশোধনৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে লগতে কয় যে এই সংশোধনেৰ ফলত স্থানীয়ভাৱে উৎপাদিত বাঁহ আৰু বাঁহজাতীয় সামগ্রীৰ শুল্ক ৰেহাই দিয়া হৈছে। ড০ জিতেন্দ্র সিঙে কয় যে উত্তৰ-পূর্বাঞ্চলত পথ, ৰে’ল আৰু বিমান যোগাযোগ ব্যৱস্থাত উল্লেখযোগ্য উন্নয়ন সাধনৰ ফলত সামগ্রী সৰবৰাহৰ লগতে দেশৰ যিকোনো প্রান্তৰ পৰা মানুহৰ যাতায়াতত সুবিধা হৈছে৷ এই অঞ্চলৰ যুৱসম্প্রদায়ে বৰ্তমান সময়ত অধিক উচ্চাকাংক্ষী হৈ উঠা বুলি সদৰি কৰি ড০ সিঙে কয় যে আর্থিক বিকাশৰ এক নতুন শিখৰত উপনীত কৰাত অঞ্চলটোৰ যুৱতীসকলে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷
কেন্দ্রীয় চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ কথা উল্লেখ কৰি ড০ সিঙে কয় যে আছিয়ান দেশসমূহৰ সৈতে ব্যৱসায়-বাণিজ্যৰ প্রসাৰত উত্তৰ-পূর্বাঞ্চলৰ ভূমিকা উল্লেখযোগ্য৷ ইমানেই নহয়, উত্তৰ-পূর্বাঞ্চল দক্ষিণ-পূর্ব এছিয়াৰ দেশসমূহৰ আর্থিক বিকাশৰ ক্ষেত্রতো অন্যতম প্রৱেশদ্বাৰ হৈ উঠিব পাৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সহযোগিতাক এক নতুন উচ্চতাত উপনীত কৰাৰ লক্ষ্যৰে পূবলৈ চোৱা নীতিৰ পৰিৱর্তে এক্ট ইষ্ট নীতি কার্যকৰী কৰিছে৷
উৎসৱত অসম, ত্রিপুৰা, মণিপুৰ আৰু ছিকিমৰ মুখ্যমন্ত্রীসকলৰ উপৰি উত্তৰ-পূর্বাঞ্চলীয় ৰাজ্যসমূহৰ একাধিক মন্ত্রী আৰু বিষয়াই অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত বিদেশ সচিব শ্রী হর্ষবর্ধন শ্রিংলাই বিশেষ ভাষণ আগবঢ়ায়৷
**********
SNC/DB
(Release ID: 1682131)
Visitor Counter : 183