প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে যুৱক-যুৱতীসকলক দেশৰ সামৰিক ইতিহাসৰ জ্ঞান অৰ্জন কৰিবলৈ আহ্বান জনায়

Posted On: 18 DEC 2020 3:02PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ভাৰ্চুৱেল লিংকৰ মাধ্যমত চতুৰ্থ সামৰিক সাহিত্য সমাৰোহত ভাষণ দি কয় যে এনেকুৱা নৱাচাৰযুক্ত আয়োজনে সাধাৰণ মানুহ আৰু বিশেষকৈ যুৱক-যুৱতীসকলক আমাৰ সশস্ত্ৰ বাহিনীৰ দ্বাৰা যুঁজ দিয়া যুদ্ধসমূহৰ তথ্য আহৰণ কৰা তথা সৈনিকসকলৰ অনুভৱেৰে অনুপ্ৰাণিত হোৱাৰ সুযোগ প্ৰদান কৰে। সামৰিক ইতিহাসৰ মহত্বৰ ওপৰত জোৰ দি শ্ৰী ৰাজনাথ সিঙে কয় যে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে তেওঁ দেশৰ সীমান্তৰ ইতিহাসৰ ওপৰত লেখা কাৰ্যৰ প্ৰগতিৰ বাবে এখন সমিতি গঠন কৰে। সীমান্তৰ ইতিহাস লেখাৰ উদ্দেশ্য হৈছে আহিবলগীয়া প্ৰজন্মক পঠনযোগ্য আৰু সাধাৰণ মানুহৰ উপলব্ধিৰ বাবে বোধগম্য ভাষাত সীমান্তত যুঁজ দিয়া যুদ্ধ সন্দৰ্ভত আলোকপাত কৰি সীমান্তৰ ইতিহাস তথা সৈনিকসকলৰ বলিদানৰ ইতিহাস প্ৰস্তুত কৰিব লাগে।

 

শ্ৰী ৰাজনাথ সিঙে কয় যে মানুহ আৰু বিশেষজ্ঞসকলৰ মাজত থকা ব্যৱধান নোহোৱা কৰিবলৈ সশস্ত্ৰ বাহিনীৰ পুৰণা সৈনিক আৰু গৱেষকসকলৰ দ্বাৰা সময়ে সময়ে পত্ৰ-পত্ৰিকা প্ৰকাশ কৰা হৈছে।

 

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে এই বছৰৰ সামৰিক সাহিত্য সমাৰোহ ১৯৭১ৰ যুদ্ধৰ ৫০তম বৰ্ষৰ সোণালী বিজয় দিৱস সমাৰোহৰ সৈতে একেলগে হৈ আছে। ১৯৭১ৰ যুদ্ধৰ সময়ত আমাৰ বীৰ  সৈনিকসকলৰ সৌৰ্য আজিও সুন্দৰ উদাহৰণ। তেওঁ যুৱক-যুৱতীসকলক আহ্বান জনায় যে তেওঁলোকে সৈনিকসকলৰ সৈতে কথা-বতৰা পতাৰ কোনো সুযোগ হাতৰ পৰা যাবলৈ নিদিয়ে যেন আৰু তেওঁলোকৰ অনুভৱৰ তথ্য আহৰণ কৰক। শ্ৰী ৰাজনাথ সিঙে সাহিত্য সমাৰোহৰ সময়ত বিভিন্ন আয়োজন আৰু আলোচনাৰ প্ৰশংসা কৰি কয় যে সমাৰোহ কেৱল সামৰিক বিষয়ৰ মাজতে সীমাবদ্ধ নহয়, বৰং ইয়াত আমাৰ দেশৰ সাংস্কৃতিক পৰিক্ৰমাসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে সময় তথা বিকশিত টেকনলজিৰ সৈতে যুদ্ধৰ প্ৰকৃতি সলনি হৈ আছে। আমি আধুনিক টেকনলজিৰ পৰা উপন্ন হোৱা নতুন সুৰক্ষা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সতৰ্ক থকা দৰকাৰ। শ্ৰী ৰাজনাথ সিঙে আয়োজকসকলক ভৱিষ্যতে থীম আধাৰিত আয়োজন কৰিবলৈ কয় আৰু সামৰিক সাহিত্য সমাৰোহৰ সফলতা কামনা কৰে।

 

সমাৰোহত পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী বিজয়েন্দ্ৰ পাল সিংহ বদনোৰ তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিংহয়ো ভাষণ দিয়ে।

 

*****

ABB/Nampi/Rajib



(Release ID: 1681915) Visitor Counter : 155